ETV Bharat / state

কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়মে কি প্ৰভাৱ পেলাব উচ্চ শিক্ষাৰ ক্ষেত্ৰত ?

নতুন নিয়ম অনুসৰি অসমত কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ৯০ নম্বৰৰ লিখিত আৰু ১০ নম্বৰৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব ।

COLLEGE TEACHER RECRUITMENT
কলেজ শিক্ষক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 28, 2024 at 9:23 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: কলেজ শিক্ষক নিযুক্তিৰ প্ৰস্তাৱিত নতুন নিয়মকলৈ শেহতীয়াকৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) নীতি, ২০২৪ ৰ খচৰাত কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়ম প্ৰস্তাৱ কৰা হৈছে । ইয়াৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদো হৈছে । গৱেষক, স্নাতকোত্তৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী, কলেজ শিক্ষক সন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ছাত্ৰ সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ।

কি এই নতুন নিয়ম:

এই নতুন নিয়ম অনুসৰি অসমত কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ৯০ নম্বৰৰ লিখিত আৰু ১০ নম্বৰৰ মৌখিক ব্যৱস্থাৰে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব । এই নিৰ্দিষ্ট পৰীক্ষাটোৰ বাবে বিশেষ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা হৈছে । পাঠ্যক্ৰমত মৌখিক পৰীক্ষাত বিষয়ভিত্তিক জ্ঞানৰ বাবে মাত্ৰ ৫ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে অন্য কিছুমান বিষয় যিসমূহ প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, সেইসমূহত অধিক নম্বৰ তথা গুৰুত্ব প্ৰদান কৰা হৈছে ।

গৱেষক ছাত্ৰ সমাজৰ বিৰোধিতা:

এই নতুন নিয়মৰ বিৰুদ্ধে ৰাজ্যৰ কেউখন‌ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সমাজে বিৰোধিতা কৰিছে । বিশেষকৈ কটন বিশ্ববিদ্যালয়ৰ ৯০০ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫০০ গৱেষক ছাত্ৰ‌-ছাত্ৰীয়ে এই নতুন নিয়মৰ তীব্ৰ বিৰোধিতা কৰিছে । এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ গৱেষক সন্থাৰ তদৰ্থ সমিতিৰ সভাপতি জিন্টু ঠাকুৰীয়াই কয়, ‘‘যি সময়ত নতুন শিক্ষানীতিৰ অধীনত স্নাতক পৰ্যায়ৰ পৰাই শিক্ষাৰ্থীক গৱেষণাৰ সৈতে সামৰি লোৱাৰ পোষকতা কৰে, তেনে সময়ত মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গৱেষণাৰ দিশটোক উপেক্ষা কৰা ঘটনাই চৰকাৰখনৰ স্ব-বিৰোধী স্থিতিক প্ৰতিপন্ন কৰিছে ।’’

‘‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেট/শ্লেট পৰীক্ষাত উত্তীৰ্ণ হ'লে প্ৰাৰ্থী এগৰাকী অধ্যাপনাৰ বাবে যোগ্য হয় । তেনেস্থলত আকৌ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব লোৱা বিষয়টোৱে নেট বা শ্লেট পৰীক্ষাৰ বৈধতাক লৈ প্ৰশ্ন তুলিছে । যিসকল ব্যক্তি গৱেষণাৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে যথেষ্ট সময় আৰু অৰ্থ ব্যয় কৰি শাৰীৰিক, মানসিক পৰিশ্ৰম কৰি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত গৱেষণা কৰে । বৰ্তমানৰ খচৰা মতে এই গৱেষকসকলৰ পৰিশ্ৰমক অমান্য কৰা হৈছে ৷’’ তেওঁ লগতে কয় ৷

ঠাকুৰীয়াই পুনৰ কয় যে গৱেষক সকলক পুনৰ বিষয় বহিৰ্ভূত পৰীক্ষাত বহিবলৈ দিয়াতো এক বোজা আৰু অন্যায় । চলিত নিযুক্তি প্ৰক্ৰিয়াৰ সংশোধনীৰ বাবে অসমৰ শিক্ষক সংস্থা, অধ্যক্ষ পৰিষদ, কৰ্মচাৰী পৰিষদ, ছাত্ৰ সংগঠন তথা বিশিষ্ট শিক্ষাবিদ সকলৰ সৈতে আলোচনা কৰি এখন নতুন খচৰা প্ৰস্তুত কৰিবলৈ তেওঁ আহ্বান জনায় ।

ইপিনে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱষক ছাত্ৰ নিতুল দাসে কয়, ‘‘চৰকাৰৰ এই সিদ্ধান্তই ভৱিষ্যৎ দিনত গৱেষণাৰ দিশটো কোঙা কৰিব । এই খচৰাখনৰ বিৰোধিতা কৰি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সমাজ বৈঠক অনুষ্ঠিত কৰিছে । এই বৈঠকতো এই নতুন নিয়মৰ তীব্ৰ বিৰোধিতা কৰা হৈছে ।’’

অসম কলেজ শিক্ষক সন্থাৰ বিৰোধিতা:

এই নতুন নিয়মৰ বিৰোধিতা কৰি অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক পৰাগ মহন্তই কয়, ‘‘অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) নীতি, ২০২৪ ৰ খচৰাত কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়ম প্ৰস্তাৱ আমি সন্থাই মানি লোৱা নাই । এইখন সংশোধন কৰাৰ‌ বাবে চৰকাৰক পত্ৰ প্ৰেৰণ ‌কৰা হৈছে ।‌ কেবাটাও‌ কাৰণত এই নতুন নিয়মৰ বিৰোধিতা কৰা হৈছে । প্ৰধানতঃ অসম চৰকাৰে আছুতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰা আৰু ইউ জি চিক অমান্য কৰা আৰু নেট, শ্লেটৰ পৰীক্ষাক গুৰুত্বহীন‌ কৰাৰ ক্ষেত্ৰত আমি এই‌ নতুন নিয়মৰ বিৰোধিতা কৰিছো ।’’

বিভিন্ন ছাত্ৰ সংগঠনৰ আন্দোলনৰ ঘোষণা:

এই নতুন নিয়মৰ বিৰোধিতা কৰি এছ এফ আই, ডি ৱাই এফ আই, এ আই ৱাই এফ, আইছা, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে অহা ২৯ নৱেম্বৰত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে । এই সন্দৰ্ভত এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা‌ দাসে কয়, ‘‘গৱেষণা আৰু নিৰ্দিষ্ট বিষয়ৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি কলেজ শিক্ষক নিযুক্তিৰ বাবে যি নিয়মৰ প্ৰস্তাৱ কৰিছে তাক তীব্ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ ছাত্ৰ আৰু যুৱ সংগঠনসমূহে ।’’

তেওঁ লগতে কয়, ‘‘তৎকালে ইয়াক বাতিল কৰি নিৰ্দিষ্ট বিষয়ৰ জ্ঞান আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দি শিক্ষামুখী নিয়ম প্ৰৱৰ্তন কৰিব লাগে । বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াত থকা সমস‍্যাসমূহৰ সমাধান প্ৰস্তাৱিত নতুন নিয়মৰ মাজেৰে কেতিয়াও হ'ব নোৱাৰে, বৰং ই অধিক ভয়াৱহ আৰু মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিঘ্নিতহে কৰিব ।’’

‘‘কলেজ শিক্ষক নিযুক্তি সম্পৰ্কত চৰকাৰে এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে । এই নতুন নিযুক্তি প্ৰক্ৰিয়াই অসমৰ উচ্চ শৈক্ষিক ব্যৱস্থাটোক পৰিকল্পিতভাৱে ধ্বংস কৰাৰ লগতেই শিক্ষাৰ্থীসকলৰ কাৰণে এক ভয়াৱহ ভৱিষ্যৎ কঢ়িয়াই আনিব ।’’ সংগীতা দাসে শেষত কয় ৷

লগতে পঢ়ক: বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ নতুন চিন্তা-চৰ্চা

শিক্ষক নিযুক্তিৰ খচৰাৰ বিৰোধিতাৰে প্ৰতিবাদ