স্থান সলনি কৰাৰ পাছতো প্ৰতিবাদৰ পৰা হাত সাৰিব নোৱাৰিলে ড৹ সঞ্জীৱ নাৰায়ণে
প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড৹ সঞ্জীৱ নাৰায়ণৰ সংবাদমেল চলি থকাৰ সময়তে কাৰ্যালয়ৰ বাহিৰত উত্তপ্ত পৰিস্থিতি ৷

Published : September 24, 2025 at 8:38 PM IST
গুৱাহাটী: শিল্পী জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুত নাম সাঙোৰ খাইছে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড৹ সঞ্জীৱ নাৰায়ণৰ । নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সহিতে ড৹ সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধেও থানাত জুবিন অনুৰাগীয়ে ৰুজু কৰিছে গোচৰ । সমান্তৰালকৈ উত্থাপন হৈছে গ্ৰেপ্তাৰৰ দাবী ।
তেনে পৰিপ্ৰেক্ষিতত বুধবাৰে ড৹ সঞ্জীৱ নাৰায়ণে প্ৰাগ নিউজৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি নিজৰ হৈ নিজে ওকালতি কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷
ইফালে সংবাদমেল চলি থকা অৱস্থাত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা অসম(কামৰূপ) ৰ মুখ্য সচিব বিকাশ অসমৰ লগতে একাংশ জুবিন অনুৰাগী আৰু দল-সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি শ শ অনুৰাগীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । মুহূৰ্ততে অনুৰাগীৰ ‘‘সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰ কৰক’’ শ্লোগানেৰে কঁপি উঠে প্ৰাগ টাৱাৰৰ বাহিৰচ'ৰা ৷
এই অনাকাংক্ষিত ঘটনাৰ ন্যায় বিচাৰি বীৰ লাচিত সেনা অসম(কামৰূপ) ৰ মুখ্য সচিব বিকাশ অসমে কয়, ‘‘যিটো ঘটনা ঘটি গৈছে তাৰে অভিযুক্ত প্ৰতিজন ব্যক্তি যাৰ যাৰ নাম আছে প্ৰতিগৰাকী মানুহক মাতি আনক । প্ৰতিজন মানুহকে মাতি আনক, প্ৰতিজন মানুহৰ ওপৰতে CBI, CID ৰ তদন্ত কৰক । যোৱাকালিলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীয়ে যিমানখিনি কাম কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ । আহি থকা দিনত এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগিব । সঞ্জীৱ নাৰায়ণ যদি দোষী নহয় তাৰ উত্তৰ CBI, CID এ দিব । গতিকে সংবাদমেল পাতি তেওঁ দিয়া স্পষ্টীকৰণত আমি কেনেদৰে ক’ম যে তেওঁ দোষী নহয় । আজি আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাস্তাত আহিবলগা হৈছে । ইয়াতকৈ পৰিতাপৰ বিষয় কিবা হ'ব পাৰে নেকি ? জুবিন গাৰ্গৰ আবেগ 'কা' আৰু 'কেব'ৰ দৰে আৱেগ নহয় কিন্তু যে আধা মানুহে সমৰ্থন কৰিছে, আধা মানুহে নাই কৰা । জুবিন গাৰ্গ প্ৰতিগৰাকী মানুহৰে আৱেগ হয় ।’’
উল্লেখ্য যে, পূৰ্বে সঞ্জীৱ নাৰায়ণে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰাৰ কথা আছিল । কিন্তু গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলত নিষেধাজ্ঞা প্ৰদান কৰে মহানগৰ আৰক্ষীয়ে । তাৰ পাছতে প্ৰাগ নিউজৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ড৹ নাৰায়ণে ৷
লগতে পঢ়ক: জুবিনৰ মৃত্যু ৰহস্যক লৈ মুখ খুলিলে ড০ সঞ্জীৱ নাৰায়ণে

