হাফলঙত মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ - Protest in Haflong
নিৰীহ যুৱকক উগ্ৰপন্থী সজাই অসম আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি হাফলঙত তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তিনি যুৱকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে ডিমা হাছাও জিলাৰ মাৰ উইমেন এছ'চিয়েচন আৰু কুকি উইমেন এছ'চিয়েচনে ।

Published : July 24, 2024 at 5:00 PM IST
হাফলং,২৪ জুলাই: ভুৱন পাহাৰৰ সমীপত কাছাৰ জিলাৰ কঁচুদৰম আৰক্ষী থানা এলেকাত তিনি মাৰ যুৱকক উগ্ৰপন্থী সজাই ভুৱা সংঘৰ্ষত অসম আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ ডিমা হাছাও জিলাৰ মাৰ উইমেন এছ'চিয়েচন আৰু কুকি উইমেন এছ'চিয়েচনৰ । তেওঁলোকৰ মতে নিহত তিনি মাৰ যুৱক উগ্ৰপন্থী নাছিল । এই অভিযোগ উত্থাপন কৰি বুধবাৰে হাফলং চহৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই ।
সহস্ৰাধিক পুৰুষ আৰু মহিলাই এই প্ৰতিবাদী সমদলত ভাগ লৈ কাছাৰ জিলাত সংঘটিত এই ভুৱা সংঘৰ্ষত নিহত নিৰীহ তিনি মাৰ যুৱকৰ পৰিয়ালক ন্যায় দিয়াৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত সৰ্বোচ্চ ন্যায়লয়ৰ এজন দণ্ডাধীশৰ অধীনত কমিটি গঠন কৰি এই ঘটনাৰ তদন্ত কৰাৰ দাবী জনোৱাৰ উপৰি নিহত তিনি নিৰীহ মাৰ যুৱকৰ পৰিয়ালয়ে অনতি পলমে ন্যায় পাব লাগে বুলি উল্লেখ কৰে । লগতে এই ঘটনাৰ লগতে জড়িত আৰক্ষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
প্ৰতিবাদকাৰীসকলে কয় যে নিৰীহ যুৱক তিনিজন আছিল সাধাৰণ নাগৰিক । কিন্তু কাছাৰ জিলাত যোৱা ১৬ জুলাইত লালংগাই মাৰ, লালবিকুং মাৰ আৰু যশোৱা লালৰিনসং নামৰ তিনি মাৰ যুৱকক অসম আৰক্ষীয়ে উগ্ৰপন্থী সজাই ভুৱা সংঘৰ্ষত হত্যা কৰে । ইয়াৰ প্ৰতিবাদত বুধবাৰে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত মাৰ উইমেন এছ'চিয়েচন কুকি উইমেন এছ'চিয়েচনৰ উদ্যোগত হাফলং টাউন কমিটিৰ পথাৰৰ পৰা এক সমদল উলিয়াই সমগ্ৰ চহৰ পৰিক্ৰমা কৰি হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত হৈ ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকলিপি প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।
এই প্ৰতিবাদী সমদলৰ পিচতে প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগতে কয় যে কাছাৰ জিলাত অসম আৰক্ষীয়ে এনেদৰে তিনি নিৰীহ মাৰ যুৱকক উগ্ৰপন্থী সজাই ভুৱা সংঘৰ্ষত হত্যা কৰি মানৱধিকাৰ উলংঘা কৰিছে । অনাগত দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: নিৰীহ মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্য়া কৰাৰ অভিযোগ : প্ৰতিবাদত উত্তাল কাছাৰ

