ETV Bharat / state

মৰঙিত খুমটাই উপ-জিলাৰ সদৰ স্থাপনৰ দাবীত গণ প্ৰতিবাদী কাৰ্যসূচী

Protest in Golaghat : গোলাঘাট জিলাৰ মৰঙিত খুমটাইৰ উপ-জিলা সদৰ স্থাপন কৰিবলৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত আছে ৷ গোলাঘাটৰ মৰঙিৰ বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ ৰাইজ ওলাই আহি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰে ৷

protest in Golaghat
মৰঙিত খুমটাই উপ জিলাৰ সদৰ স্থাপনৰ দাবীত গণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 10:51 PM IST

2 Min Read
Choose ETV Bharat
মৰঙিত খুমটাই উপ জিলাৰ সদৰ স্থাপনৰ দাবীত গণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ

গোলাঘাট, 20 ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ মৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ উদ্যোগত খুমটাইৰ উপ-জিলা সদৰ মৰঙিত স্থাপন কৰিবলৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বৃহত্তৰ মৰঙি মৌজাৰ লোকসকলে । মঙলবাৰে গোলাঘাটৰ ৰঙাজান তিনিআলিত মৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ আহ্বান ক্ৰমে এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। গোলাঘাটৰ মৰঙিৰ বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ ৰাইজ ওলাই আহি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতীয় নিৰ্বাচনী আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাচত গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাৰ সৰুপথাৰ সমষ্টিৰ পৰা খুমটাই সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে । তাৰ পাচতে অসম চৰকাৰে সমষ্টিসমূহক উপ জিলা ঘোষণা কৰাৰ পাচতে খুমটাই উপ জিলাৰ সদৰ মৰঙিত স্থাপন কৰিবলৈ দাবী জনাই আহিছিল স্থানীয় লোকসকলে । ইয়াৰ পিচতে খুমটাই উপ জিলাৰ সদৰ খুমটাই সমষ্টিৰ মাজমজিয়াত স্থাপন কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷

প্ৰায় ডেৰলাখ জনসাধাৰণৰ বসতিপূৰ্ণ বৃহত্তৰ মৰঙি ৷ সেইবাবে খুমটাই উপ জিলাৰ সদৰ মৰঙিৰ মাজমজিয়াত স্থাপন নকৰিলে বিভিন্ন সমস্যাৰ সম্মুখীন হোৱাৰ কথা অৱগত কৰে প্ৰতিবাদকাৰী ৰাইজে । অসম চৰকাৰে যদি খুমটাই সমষ্টিৰ মাজমজিয়াত সদৰ স্থাপন কৰে তেনেহলে মৰঙী মৌজা জ্বলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ পাচতো যদি চৰকাৰে তেওঁলোকৰ কথা মানি নলয় তেনেহলে পৰবৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়নি প্ৰদান কৰে।

উল্লেখ্য যে, ইতিমধ্যে খুমটাই উপ-জিলাৰ সদৰ চিনাতলীত স্থাপন কৰিবৰ বাবে যো-যা চলাই থকাৰ লগতে কাৰ্যালয় নিৰ্মাণৰ বাবে ভূমি আৱণ্টিত হৈছে ৷ যাৰবাবে মৰঙি মৌজাৰ লোকসকল ক্ষোভিত হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: 36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে