শিলচৰ : লোকসভা আৰু ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হোৱাৰ পিচতেই দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । প্ৰায় ১২ ঘণ্টাৰ বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে পুৱতি নিশা লোকসভাত বিধেয়কখন ২৮৮/২৩২ টা ভোটত গৃহীত কৰে । ৰাজ্যসভাতো বহু সময়ৰ বিতৰ্কৰ পিছত বিধেয়কখনত সন্মতি প্ৰদান কৰাত জাঙুৰ খাই উঠিছে মুছলমান দল-সংগঠন । অসমতো চলিছে এই প্ৰতিবাদ ।
ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ বাতিলৰ দাবীত কাছাৰৰ সোণাইত আজি (শনিবাৰ) প্ৰতিবাদী সমদল বাহিৰ কৰে শতাধিক লোকে । অসম ওৱেইচি ফেনছ ক্লাবৰ উদ্য়োগত উলিওৱা এই প্ৰতিবাদী সমদলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হয় ।
আৰক্ষীৰ প্ৰবল বাধাৰ বাবে প্ৰতিবাদকাৰীসকলে সোণাই খেলপথাৰত হাতত প্লেকাৰ্ড লৈ চৰকাৰী বিৰোধী বিভিন্ন শ্ল'গান দি বিক্ষোভ প্ৰদৰ্শন কৰে । এই প্ৰতিবাদী এই কাৰ্যসূচীত প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাজাৰভূঞাসহ সোণাইৰ শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিচতেই প্ৰতিবাদস্থলীত উপস্থিত হোৱা সোণাইৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
এই সন্দৰ্ভত এজন প্ৰতিবাদকাৰীয়ে কয়, "লোকসভা আৰু ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হোৱাটো দেশৰ বাবে অত্য়ন্ত দুৰ্ভাগ্য়জনক । এয়া ৰাষ্ট্ৰৰ সংবিধান বিৰোধী । দেশৰ মুছলমানৰ লগতে সকলো ধৰ্মনিৰপেক্ষ লোকে এই ৱাকফ (সংশোধনী) বিধেয়কক সমৰ্থন নকৰে ।"
উল্লেখ্য় যে, ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে ১২৮ জন সদস্যই ভোটদানৰ বিপৰীতে ৯৫ জনে ইয়াৰ বিৰোধিতা কৰে । যোৱা বছৰৰ আগষ্টত উত্থাপন কৰা আইনখন পৰীক্ষা কৰা যুটীয়া সংসদীয় সমিতিৰ পৰামৰ্শসমূহ সন্নিৱিষ্ট কৰি সংশোধিত বিধেয়কখন উত্থাপন কৰে চৰকাৰে ।
এই বিধেয়কখনে ১৯৯৫ চনৰ আইনখন সংশোধন কৰি ৱাকফৰ সম্পত্তিৰ প্ৰশাসন আৰু পৰিচালনাৰ উন্নতি সাধন কৰাৰ লক্ষ্য় বান্ধি লৈছে ।