ETV Bharat / state

হাতত কাঁহী লৈ প্ৰতিবাদী শিক্ষকে ক'লে: হনুমান হোৱা হ'লে বুকু ফালি দেখুৱালোহেঁতেন

শিক্ষক দিৱসৰ দিনটোতে শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল টিউটৰ শিক্ষক-শিক্ষয়িত্ৰী ।

Tutor Teachers protest in Guwahat
শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত বহিল শিক্ষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 6:21 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদানৰ লগতে সমান কামৰ বাবে সম-দৰমহা প্ৰদানৰ দাবীৰে উত্তাল গুৱাহাটী মহানগৰী । শিক্ষকৰ বিননি চৰকাৰে আজিলৈকে শুনিবলৈ ইচ্ছা নকৰিলে । দাবীও পূৰণ নকৰিলে । সেয়েহে ক্ষোভত ফাটি পৰা এইসকল শিক্ষকে আজিৰ এই পৱিত্ৰ দিনটোতেই চৰকাৰৰ বিৰুদ্ধে ওলাই আহি ক'লে, "হনুমান হ'লে বুকু ফালি দেখুৱালোহেঁতেন টিউটৰৰ স্বীকৃতি পাই আমি কি বেদনা লৈ আছো ।"

শিক্ষক দিৱসৰ দিনটোতে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ফটো সন্মুখত লৈ কলা বেজ পৰিধান কৰি হাতত কাঁহী লৈ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে । শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰে । পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে 'আমাৰ দাবী ন্যায্য দাবী', 'সমান কামৰ সম-মৰ্যাদা প্ৰদান কৰক', 'টেট আমাক নালাগে' আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

Tutor Teachers protest in Guwahat
শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত বহিল টিউটৰ শিক্ষক (ETV Bharat Assam)

প্ৰতিবাদ সাব্যস্ত কৰি এগৰাকী শিক্ষকে কয়, "প্রাদেশিকৃত টিউটৰসকলক টেট অবিহনে শিক্ষকলৈ উন্নীত কৰক, সীমিত মজুৰিৰ সলনি নিয়মীয়া পে' স্কেলৰ গাঁথনিত দৰমহা প্রদান কৰক, মুখ্যমন্ত্ৰীয়ে (তদানীন্তন শিক্ষামন্ত্রী) কৰা যোষণা অনুযায়ী অৱসৰপ্ৰাপ্ত বা মৃত্যু হোৱা টিউটৰৰ পৰিয়ালবৰ্গক ১০ লাখ টকাৰ গ্ৰেছ্য়ুইটিৰ ধন প্রদান কৰাৰ লগতে কৰ্মৰত টিউটৰৰ বাবেও অন্যান্য চৰকাৰী কর্মচাৰীৰ লেখীয়াকৈ পেঞ্চনৰ ব্যবস্থা কৰক । বৰ্তমানো বৃত্তিমূলক অৰ্হতা নথকা টিউটৰসকলক ডি এল এড প্রশিক্ষণৰ বাবে সুবিধা প্রদান কৰৰ দাবীৰে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছো ।"

তেওঁ লগতে কয়, "আজি বিদ্যালয়ত থাকি ছাত্ৰ-ছাত্ৰীৰ মৰম বুটলিব লাগিছিল; কিন্তু আমি ৰাজপথলৈ নিজৰ প্ৰাপ্যৰ বাবে ওলাই আহি চিঞৰিবলগীয়া হৈছে । শিক্ষকসকলে বহু বছৰ ধৰি বিনা দৰমহাত শিক্ষা দিছে । ২০২১ চনত সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে প্ৰাদেশীকৰণৰ পাছতো সাধাৰণ শিক্ষকৰ দৰে সুবিধা প্ৰদান কৰা নাই । হনুমান হ'লে বুকু ফালি দেখুৱালোহেঁতেন টিউটৰ স্বীকৃতিত আমি কেনেকুৱাকৈ আছো । তিনিটা বেদনা লগত লৈ আছো বঞ্চিত, লাঞ্ছিত আৰু নিষ্পেষিত । মুখ্যমন্ত্ৰীয়ে এক অক্টোবৰৰ পৰা ১০ অক্টোবৰৰ ভিতৰত টিউটৰৰ সমস্যা সমাধান কৰিব বুলি কৈছে; কিন্তু সেই সময়ছোত যদি আমাৰ সমস্যা সমাধান নহয় জংগী আন্দোলন গঢ়ি তুলিম ।"

লগতে পঢ়ক:হুকহুকাই কান্দি উঠিল শিক্ষাগুৰুৱে... কাৰ ভুলৰ শাস্তি এয়া - TEACHERS PROTEST

চৰকাৰক কঠোৰ বাৰ্তা দিবলৈ হাতত জোঁৰ লৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদী কণ্ঠ - MORAN ST DEMANDS