ETV Bharat / state

কেৱল ভানুপ্ৰিয়াকে কিয়, কিয় গ্ৰেপ্তাৰ কৰা নাই আন চিকিৎসকক: প্ৰশ্ন ভানুপ্ৰিয়াৰ সহযোগী নাৰ্ছৰ

GMCH ৰ কাণ্ডই জোকাৰিছে ৰাজ্য । গ্ৰেপ্তাৰ হ'ল অভিযুক্ত নাৰ্ছ । গ্ৰেপ্তাৰ হোৱা নাৰ্ছ ভানুপ্ৰিয়াক মুক্তিৰ দাবীত শ শ নাৰ্ছৰ প্ৰতিবাদ ।

Protest demanding the release of the arrested nurse in GMCH case
গ্ৰেপ্তাৰ হোৱা নাৰ্ছ ভানুপ্ৰিয়াক মুক্তিৰ দাবীত শ শ নাৰ্ছৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 10:19 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : নৱজাতকৰ মৃত্যুৰ গোচৰত অভিযুক্ত ভানুপ্ৰিয়া মিছঙক মুক্তিৰ দাবীত ওলাই আহিল শ শ নাৰ্ছ । ভঙাগড় থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অভিযুক্ত নাৰ্ছগৰাকীৰ সতীৰ্থসকলে । সকলোৰে হৈ উচিত তদন্তৰ দাবী কৰি কেৱল ভানুপ্ৰিয়াকে কিয় গ্ৰেপ্তাৰ কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী নাৰ্ছসকলে ।

চিকিৎসক, নাৰ্ছৰ, স্বাস্থ্যকৰ্মীৰ চৰম গাফিলতিৰ বাবে ১৮ আগষ্ট তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ NICU ত প্ৰাণ হেৰুৱাইছিল এটি তিনিদিনীয়া নৱজাতকে । নৱজাতকৰ মৃত্যুৱে উদঙাই দিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচৰাৰ ফোঁপোলা স্বৰূপ । পোহৰলৈ আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচৰাৰ দীৰ্ঘদিনৰ পৰা চলি থকা বহু অনিয়মৰ লগতে দুর্বল আন্তঃগাঁথনিৰ কথা । এই ঘটনাৰ পাছতে মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰ্ছ ভানুপ্ৰিয়া মিছঙক ।

ঘটনাটো সংঘটিত হোৱাৰ দিনা ফটোগ্ৰাফী ৰূমত ইনচাৰ্জ হিচাপে আছিল মিছঙ । ভঙাগড় থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰাৰ অধীনত ১৪০/২৫ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰ্ছগৰাকীক । আনহাতে বৃহস্পতিবাৰে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জেৰা চলাই GMCHৰ নাৰ্ছ ভানুপ্ৰিয়াক । দিছপুৰ থানাত গ্ৰহণ কৰাৰ হয় ভানুপ্ৰিয়া মিছঙৰ বায়’মেট্ৰিক ।

একেসময়তে ভঙাগড় থানাত প্ৰতিবাদ সাব্যস্ত কৰে নাৰ্ছ ভানুপ্ৰিয়া মিছঙ সহযোগীয়ে । ভানুপ্ৰিয়াক মুক্তিৰ দাবীত সকলো নাৰ্চ ওলাই আহি ভড়াগড় থানাত সাব্যস্ত কৰে প্ৰতিবাদ । সকলোৰে হৈ উচিত তদন্ত বিচৰাৰ লগতে কেৱল এগৰাকী নাৰ্ছকে কিয় গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰশ্ন প্ৰতিবাদী নাৰ্ছৰ । সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিবাদী নাৰ্ছসকলে কয়,"ডিউটিত কেৱল এগৰাকী নাৰ্ছে নাথাকে এটা টীম থাকে । কেৱল নাৰ্ছগৰাকীয়েই কিয় গ্ৰেপ্তাৰ হ'ল ? এইয়া একপক্ষীয় ন্যায় হৈছে । আমি সমূহীয়া ন্যায় বিচাৰিছোঁ ।"

আন এগৰাকী প্ৰতিবাদকাৰী নাৰ্ছে কয়,"সেইদিনা তাইৰ NICU ত এগৰাকী নাৰ্ছ দিয়া হৈছিল, এগৰাকী নাৰ্ছে এটা ৰুম কেনেকৈ চাব ? জি এম চি এইচত এইটো নিয়ম আগৰ পৰাই চলি আহিছে । আমাৰ কৰ্মচাৰীৰ কমৰ বাবে এই ঘটনা হৈছে । ICU ৰ বেডত এটি শিশুৰ বিপৰীতে থাকিব লাগে এগৰাকী নাৰ্ছ । কিন্তু নাৰ্ছৰ সংখ্যা কম হোৱাৰ বাবে এগৰাকী নাৰ্ছে ৩৫ টালৈ ৰোগী চাবলগীয়া হয় । সমগ্ৰ ব্যৱস্থাপনাৰ বলি হ'ল ভানুপ্রিয়া । কেৱল ভানুপ্ৰিয়াকে কিয়, আন চিকিৎসকক কিয় গ্ৰেপ্তাৰ কৰা নাই ?" গ্ৰেপ্তাৰ কৰিলে সকলোকে কৰক, নহ’লে ভানুপ্ৰিয়াক এৰি দিয়ক বুলিও মন্তব্য প্ৰকাশ প্ৰতিবাদী নাৰ্ছৰ ।

লগতে পঢ়ক: জি এম চি এইছত নৱজাতকৰ মৃত্যু; কৰ্তব্যত গাফিলতিৰ অভিযোগত নাৰ্ছক গ্ৰেপ্তাৰ - GMCH NEWBORN DEATH CASE

নৱজাতকৰ মৃত্যুত লজ্জিত হ’ল মুখ্যমন্ত্ৰী ! তিনিজনীয়া তদন্ত সমিতিয়ে উদঘাটন কৰিব প্ৰকৃত সত্য - CM ON NEWBORN DEATH