যোৰহাট: ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সাংস্কৃতিক নগৰী যোৰহাট । এফালে সম্বৰ্ধনা আৰু আনফালে বিদেশী বিতাড়নৰ দাবীত উত্তাল হৈছে যোৰহাটত । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰি গৌৰৱ গগৈয়ে যোৰহাটত উপস্থিত হোৱাৰ সময়তে বীৰ লাচিত সেনা, অসম আৰু বিজেপিয়ে গ্ৰহণ কৰা দুটা কাৰ্যসূচীক লৈ সাংস্কৃতিক নগৰীত চলিছে বিশেষ চৰ্চা ।
বীৰ লাচিত সেনাৰ সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদৰ দাবীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী আৰু বিজেপিৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আয়োজিত এখন বিশেষ সভাৰ মাজতেই শনিবাৰে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ।
যোৰহাটৰ পৰা বাংলাদেশী বিতাড়ন আন্দোলন আৰম্ভ কৰিলে বীৰ লাচিত সেনা, অসমে । হাজাৰ হাজাৰ বীৰ লাচিত সেনাৰ সৈনিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল যোৰহাট । যোৰহাটত অবৈধ বাংলাদেশীয়ে পাইছে চৰকাৰী সুবিধা । লীজত লাভ কৰিছে চৰকাৰী ভূমি । এই বিস্ফোৰক অভিযোগেৰে বীৰ লাচিত সেনা, অসমে আজি প্ৰতিবাদ জনায় । অবৈধ বাংলাদেশীৰ পৰা চৰকাৰী সা-সুবিধা কৰ্তনৰ লগতে বিতাড়নৰ দাবীৰে বীৰ লাচিত সেনাই উত্তাল কৰি তোলে যোৰহাট ।
শনিবাৰে পুৱাৰে পৰাই যোৰহাট ষ্টেডিয়ামত সমবেত হয় বীৰ লাচিত সেনাৰ হাজাৰ হাজাৰ সদস্য় । এই প্ৰতিবাদৰ উদ্দেশ্য এটাই- যোৰহাটত অবৈধভাৱে থকা বাংলাদেশী বহিষ্কাৰ আৰু আজাদ চৌধুৰীয়ে লাভ কৰা চৰকাৰী সা-সুবিধা কৰ্তন আৰু অৱৈধভাৱে চৰকাৰী মাটি লীজত লৈ বনোৱা বাসগৃহ উচ্ছেদৰ কৰা । সংগঠনটোৱে প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়, "যোৰহাটৰ পৰাই আৰম্ভ হৈছে বাংলাদেশী বিতাড়ন অভিযান ।" চৰকাৰী সা-সুবিধা লাভ কৰা আজাদ চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী জনাই তেওঁ লগতে কয়, "এই সংগ্ৰাম খিলঞ্জীয়াৰ অস্বিত্ব ৰক্ষাৰ সংগ্ৰাম । বাংলাদেশী বিতাড়ন আৰু বাংলাদেশীমূলৰ লোকক গ্ৰেপ্তাৰ দাবীত বীৰ লাচিত সেনা, অসমে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।"