ETV Bharat / state

কাৰ্বি যুৱতী হত্যাৰ ন্যায় বিচাৰি ৰাজপথ উত্তাল দল-সংগঠনৰ

১৬ জুনত নিৰুদ্দেশ হোৱা কাৰ্বি আংলঙৰ এগৰাকী যুৱতীৰ মৃতদেহ একেদিনাই নগাঁৱৰ ডিফলুত পোৱা গৈছিল ৷ তাৰ পিছৰে পৰা আৰম্ভ হয় প্ৰতিবাদ ৷

PROTEST IN NAGAON
হত্যাকাৰীৰ ফাঁচিৰ দাবীত নগাঁৱত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 12:37 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: কাৰ্বি যুৱতীৰ হত্যাক কেন্দ্ৰ কৰি উত্তাল নগাঁও । জিলাখনৰ এজন গাড়ীচালক এই ঘটনাত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পিছৰে পৰা কাৰ্বি আংলঙত উমি উমি জ্বলা জুইকুৰা বিয়পি পৰিছে নগাঁৱৰ মাজমজিয়ালৈ ৷

অভিযোগ অনুসৰি, জিলাখনৰ ছাদ্দাম হুছেইন নামৰ এজন গাড়ীচালক এই ঘটনাত জড়িত আছে ৷

দল-সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত (ETV Bharat Assam)

কি হৈছিল সমগ্ৰ ঘটনা

বিগত ১৬ জুনৰ নিশা নগাঁও চহৰৰ সমীপৰ ডিফলুত উদ্ধাৰ হোৱা এটা মৃতদেহৰ পৰিচয় লাভ কৰাৰ পিছৰে পৰা জাঙুৰ খাই উঠিছে কাৰ্বি সংগঠনসমূহ । ১৬ জুনত নিৰুদ্দেশ হোৱা কাৰ্বি আংলঙৰ এগৰাকী যুৱতীৰ মৃতদেহ একেদিনাই নগাঁৱৰ ডিফলুত পোৱা গৈছিল ৷ উক্ত মৃতদেহটো ৰহাৰ এটা পৰিয়ালে তেওঁলোকৰ আত্মীয়ৰ বুলি দাবী কৰি লৈ গৈ কৰিছিল সৎকাৰ ।

কিন্তু আশ্বৰ্যজনকভাৱে সৎকাৰৰ এটা সপ্তাহৰ পাছতেই পৰিয়ালটোৰ নিৰুদ্দিষ্ট কিশোৰীগৰাকীক নগাঁও আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ পৰা জীৱন্তে উদ্ধাৰ কৰে । যাৰ বাবে এক ৰহস্য সৃষ্টিৰ সমান্তৰালকৈ আৰক্ষী বিপাঙত পৰাও দেখা যায় ।

সমগ্ৰ কাণ্ডৰ এটা মাহৰ ভিতৰতেই প্ৰকৃত ঘটনা ফাদিল কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । আৰক্ষীয়ে ১৬ জুনত ডিফলুত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ্বি আংলং জিলাৰ এগৰাকী যুৱতীৰ বুলি পোহৰলৈ আহে ৷ বিগত ১৮ জুলাইত আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰাৰ পিছত এই হত্যাত জড়িত থকাৰ সন্দেহত ছাদ্দাম হুছেইন নামৰ এজন গাড়ীচালকক আটক কৰে ৷ হত্যাকাণ্ডত ব্যৱহৃত ছাদ্দামৰ বাহনখনো জব্দ কৰে আৰক্ষীয়ে ।

কাৰ্বি দল-সংগঠনৰ প্ৰতিবাদ

পৰৱৰ্তী সময়ত এই ঘটনাৰ ন্যায় বিচাৰি ৰাজপথ কঁপাই তোলে কাৰ্বি দল-সংগঠনসমূহে ৷ বুধবাৰে নগাঁৱত যুৱতীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি সাব্য়স্ত কৰা এই প্ৰতিবাদত কাৰ্বি দল-সংগঠন, যুৱতীগৰাকীৰ পৰিয়ালৰ উপৰিও শতাধিক কাৰ্বি লোকে অংশগ্ৰহণ কৰা দেখা যায় ৷ প্ৰতিবাদকাৰীসকলে ছাদ্দাম হুছেইনক ফাঁচিৰ দৰে শাস্তি বিহাৰ দাবী উত্থাপন কৰে ৷ এই ঘটনাত ছাদ্দামৰ সৈতে আন বহু ব্যক্তিও জড়িত থাকিব পাৰে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰে ৷

আৰক্ষীয়ে কি কয়

অৱশ্যে কাৰ্বি যুৱতীগৰাকীৰ মৃত্যুৰ তদন্তৰ খাতিৰত এতিয়ালৈকে কোনো কথা স্পষ্ট কৰা নাই নগাঁও আৰক্ষীয়ে ৷ প্ৰকৃত সত্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: অৰুণাচলত পুনৰ এজন অসমীয়া ডেকাক গুলীয়াই হত্যা, উত্তাল প্ৰতিবাদ - ASSAMESE YOUTH MURDER