পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিতৰ অভিযোগ, ৰাজপথলৈ ওলাল ক্ষুব্ধ মহিলা
পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ ৰাজপথলৈ আহি সাব্যস্ত প্ৰতিবাদ ৷

Published : June 18, 2025 at 11:32 PM IST
মিৰ্জা: শাসনৰ গাদীত অধিষ্ঠিত চৰকাৰখনে ৰাজ্যৰ উন্নয়নৰ জয়ঢোল যিমান নবজালেও কিন্তু বহু অঞ্চলৰে ৰাস্তা-ঘাটৰ অৱস্থা দেখিলে প্ৰকৃত উন্নয়নৰ ছবিখন পৰিস্ফুট হয় ৷ ৰাজ্যৰ বহু অঞ্চলৰ বাট-পথ এতিয়াও বোকাৰে পৰিপূৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে ৷
দক্ষিণ কামৰূপৰ ছয়গাঁও চম্পক নগৰৰ পাছ আমতোলাত একেই ছবি দেখা গৈছে ৷ অঞ্চলটোত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ পথ নিৰ্মাণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে মহিলাসকল ৷
চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ অতিষ্ঠ হৈয়েই মহিলাসকল ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী মহিলাসকলে ২০২০ চনতে আধাৰশিলা স্থাপনৰ পিছতো পাছ আমতোলাৰ এই পথছোৱাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ যাৰ বাবে সাধাৰণ জনতাই দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৷
উল্লেখ্য যে, পাছ আমতোলাৰ নৱৰত্ন পুথিভঁৰালৰ পৰা বিজয় কলিতাৰ ঘৰলৈ যোৱা পথছোৱাৰ কথা নামফলকত উল্লেখ কৰা হৈছে যদিও পথৰ মাজৰ বহু অংশত নাই এটাও শিলৰ টুকুৰা ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ ৰাইজ ৷
এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই এনেদৰে কয়- ‘‘নৱৰত্ন পুথিভঁৰালৰ পৰা ভবেশ মহন্তৰ বাটলৈ হ’ব লাগিছিল, কিন্তু নহ’লে ৷ কাম নকৰিলে, সিফালে কৰিলে ৷ আমাৰ এইখিনি আধৰুৱা হৈ থাকিল ৷ আমাৰ বহুত অসুবিধা হৈছে ৷ স্কুলত ল’ৰা-ছোৱালী নিব নোৱাৰো ৷ বহুদিন ময়েই স্কুটীৰে পৰিলোঁ পিছলি ৷ তাৰপিছত ওলাই যাওঁ মোৰ স্কুল দেৰি হৈ যায় ৷ মই আৰু কাপোৰ সলনি কৰি যাবলগীয়া হয় ৷ গতিকে আমাৰ বহুত অসুবিধা হৈ আছে ৷’’
অকল সেয়াই নহয়, চণ্ডিকাস্থিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা কিছু নিলগত থকা পথটিৰো নিৰ্মাণত ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ মুঠৰ ওপৰত এতিয়া বিধ্বস্ত পথে জ্বলা-কলা খোৱাইছে পাছ আমতোলাৰ বাসিন্দাসকলক ৷ যাৰ বাবে তেওঁলোক ক্ষুব্ধ হৈ পৰিছে চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৷
লগতে পঢ়ক: কোটি টকাৰে মেৰামতি কৰাৰ এমাহ নহওঁতেই ভাঙিল দলং, নদীত পৰিল ডাম্পাৰ

