ETV Bharat / state

ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাত শ শ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - Protest in Dibrugarh

Protest in Dibrugarh : চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাত শ শ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷ বাগিচাৰ পৰিচালকে শ্ৰমিকক শোষণ কৰাৰ অভিযোগ ৷

PROTEST AT MANCOTTA TEA ESTATE
প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ চাহ শ্ৰমিকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 10, 2024 at 10:53 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 10 আগষ্ট : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ ৷ প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে ৷ কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ৷ আনহাতে চৰকাৰৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকক শোষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

ইয়াৰ মাজতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাত আজি শ শ শ্ৰমিকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ মানকটা চাহ বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীয়ে শ্ৰমিকৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰি কেৱল শ্ৰমিকক বিভিন্ন প্ৰকাৰে শোষণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ শ্ৰমিকসকলে ৷

শ্ৰমিক আইন উলংঘন কৰি শ্ৰমিকক 9-10 ঘন্টাকৈ কামত নিয়োজিত কৰোৱা আৰু শ্ৰমিক-কৰ্মচাৰীৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীৰ বিৰুদ্ধে ৷ আনহাতে শ্ৰমিকৰ কোনো সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ বাগিচাখনৰ পৰিচালকৰ বিৰুদ্ধে ৷ পৰিচালকগৰাকীয়ে নিম্ন মানৰ ৰেচন প্ৰদান কৰাৰ লগতে চাহ বাগিচাখনত শ্ৰমিকৰ চিকিৎসা ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে বাগিচাখনৰ শ্ৰমিক সকল ৷ ইয়াৰ পিছতে আজি এইদৰে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আটছাৰ উদ্যোগত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক ৷

লগতে পঢ়ক : বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ - Hindu rakshi dal protests