জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ
যি সময়ত পানীৰে শস্যক্ষেত্র উপচি থাকিব লাগিছিল সেই সময়ত পথাৰত চিৰাল ফাঁট ।

Published : July 20, 2025 at 11:33 AM IST
গুৱাহাটী/লখিমপুৰ: সমগ্ৰ ৰাজ্যজুৰি শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা আৰু জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে । যি সময়ত পানীৰে শস্যক্ষেত্র উপচি থাকিব লাগিছিল সেই সময়ত পথাৰত চিৰাল ফাঁট । কৃষিক্ষেত্রত পানী যোগান ধৰি কৃষকক সহায় কৰিবলৈ জলসিঞ্চন বিভাগ এটা আছে যদিও বিশেষ একো কাম নাই । সেয়ে আছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
গুৱাহাটীত আছুৰ প্ৰতিবাদ:
সমগ্ৰ অসমৰ লগতে গুৱাহাটীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই চান্দমাৰীস্থিত জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কার্যালয়ৰ সম্মুখত জলসিঞ্চন বিভাগৰ ব্যৰ্থতা আৰু খেতি পথাৰত উপযুক্ত জলসিঞ্চন ব্যবস্থা কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । জিলা ছাত্ৰ সন্থাৰ প্ৰায় তিনি শতাধিক কর্মীয়ে খেতি পথাৰত উপযুক্ত জলসিঞ্চন ব্যৱস্থা উপলব্ধ কৰাৰ দাবীত আৰু জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে জলসিঞ্চন মন্ত্রী হায় হায়, অসম চৰকাৰ হায় হায়, পৰিকল্পিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব, কৃষকক হাৰাশাস্তি কৰা বন্ধ কৰক আদি শ্ল'গান দি আকাশ-বতাহ কঁপাই তুলি প্রতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ কৰে ।
সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰমেন ঠাকুৰীয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰঞ্জিত ডেকাই কয়, "জলসিঞ্চন বিভাগে কৃষকসকলৰ সুবিধার্থে খেতি পথাৰত বিজ্ঞানসম্মত আৰু সুপৰিকল্পিতভাৱে জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালোঁ । অন্যথা ছাত্র সন্থাই ৰাইজৰ সহযোগত পুনৰ তীব্র গণতান্ত্রিক প্রতিবাদত কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব ।"
লখিমপুৰত আছুৰ ৰুদ্ৰমুৰ্তি:
শনিবাৰে ৰুদ্ৰমুৰ্তি ধাৰণ কৰি সদৌ অসম ছাত্র সন্থাই ৰাজ্যজুৰি জলসিঞ্চন বিভাগৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । আন জিলাসমূহৰ সমান্তৰালভাৱে লখিমপুৰ জিলা ছাত্র সন্থায়ো নগৰৰ সমীপৰ জাপিসজীয়াত থকা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
বিক্ষোভ কাৰ্যসূচীৰ মাজতে জিলা ছাত্র সন্থাৰ সম্পাদক পুনম জ্যোতি বুঢ়াগোঁহায়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, "ৰাজ্যত জলসিঞ্চন বিভাগ এটা আছেনে নাই আমাৰ সন্দেহ হৈছে । কাৰণ প্ৰখৰ ৰ'দত এতিয়া কৃষিভূমিত চিৰাল ফাঁট মেলিছে । কাণসাৰ নাই চৰকাৰৰ । বিভাগীয় মন্ত্রী অশোক সিংহলৰ । বিভাগটো কেনেদৰে চলিছে, কেনেদৰে পানী যোগান দিব লাগে, বিকল মেচিনসমূহ কেনেদৰে ভাল কৰিব লাগে এইবোৰ দিশত কাণসাৰ নাই । এটা অকৰ্মণ্য বিভাগ ।"
ইফালে জিলা ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ দুৱৰায়ো ক্ষোভ প্ৰকাশ কৰি কয়,"অসমখন কৃষিপ্ৰধান ৰাজ্য । কৃষকক চৰকাৰে গুৰুত্ব দিয়া নাই । কৃষিৰ ভৰপক বতৰত জলসিঞ্চন বিভাগে গাফিলতি কৰিছে । লখিমপুৰ জিলাত বিভাগটোৱে মাথো ৩০ টা পইণ্ট বহুৱাই কৃষিক্ষেত্রত পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে । এটা পইণ্টে খুব বেছি তিনি চাৰি হেক্টৰ মাটিত পানী যোগান ধৰিব পাৰে । অসম চৰকাৰৰ অকৰ্মণ্য জলসিঞ্চন বিভাগক আমি তীব্র ভাষাৰে গৰিহণা দিছোঁ ।"

