স্মাৰ্ট মিটাৰৰ বিৰুদ্ধ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত কঁপিল ৰাজ্য - Smart Electricity Meter
Protest Against Smart Meter: স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে ৰাজ্যৰ জনতাক । ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰতিদিনে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ । পুনৰ বুধবাৰে উত্তাল হৈ পৰিল ৰাজ্যৰ বিভিন্ন প্ৰান্ত । অসম প্ৰদেশ কমিটীৰ নিৰ্দেশ অনুসৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ কংগ্ৰেছ কৰ্মী । স্মাৰ্ট মিটাৰ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ।

Published : August 28, 2024 at 10:45 PM IST
নিউজ ডেস্ক,২৮ আগষ্ট: বিগত কেইবাদিনো ধৰি অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি বিতৰণ কোম্পানী এ পি ডি চি এলৰ স্মাৰ্ট মিটাৰ সংযোগৰ দৰে চূড়ান্ত হঠকাৰী পদক্ষেপে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক । যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল-সংগঠনে । আনহাতে, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হৈ থকা বিক্ষিপ্ত প্ৰতিবাদে গণ প্ৰতিবাদৰ ৰূপ ল'বলৈ আগবাঢ়িছে । পূৰ্বৰে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি অহা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ।
হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ বাবে অভিশাপস্বৰূপ: দূৰ্গা ভূমিজ
বুধবাৰে তিনিচুকীয়াৰ মাকুম পথৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত অসম প্ৰদেশ কমিটীৰ নিৰ্দেশ অনুসৰি তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু জিলাখনৰ সমূহ কংগ্ৰেছ কৰ্মীৰ সহযোগত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
'স্মাৰ্টমিটাৰ বন্ধ কৰক', 'বিদ্যুৎ বিভাগ হায় হায়', 'বিজেপি গ’ বেক', 'হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ', 'কংগ্ৰেছ জিন্দাবাদ' আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলক কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশত আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক হতাহতিৰ সৃষ্টি হয় যদিও পৰৱৰ্তী সময়ত পৰিৱেশ পুনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দূৰ্গা ভূমিজে কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় চৰকাৰৰ হুকুম এইখন চৰকাৰে মানা নাই । ভাৰতৰ ক'তোৱেই স্মাৰ্ট মিটাৰ লগোৱা হোৱা নাই, কেৱল অসমতহে লগোৱা হৈছে । হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক লুট কৰা কথাটো স্পষ্ট হৈছে । হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ বাবে একো ভাল কাম কৰা নাই আৰু নকৰেও । হিমন্ত বিশ্ব শৰ্মা অসমৰ বাবে অভিশাপ স্বৰূপ, কেতিয়াও আশীৰ্বাদ নহয় ।"
লখিমপুৰত জিলা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল APDCL ৰ কাৰ্যালয় চৌহদ:
আন জিলাৰ দৰে লখিমপুৰতো বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্রেছ সমিতিয়ে । শক্তি মন্ত্রী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গ বেক, অসম চৰকাৰ হায় হায়, স্মার্ট মিটাৰ বন্ধ কৰক আদি শ্ল'গান দি উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখভাগ । প্ৰতিবাদত অংশগ্রহণ কৰি কংগ্রেছ কৰ্মী উদয় শংকৰ হাজৰিকাই স্মার্ট মিটাৰৰ নামত ডকাইতি-লুন্ঠন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে । স্মার্ট মিটাৰ বন্ধ নকৰালৈকে প্ৰৱল প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
বিলাসীপাৰাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল কংগ্ৰেছৰ লগতে দল-সংগঠন:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো বুধবাৰে কংগ্ৰেছ আৰু বিভিন্ন অৰাজনৈতিক সংগঠনে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । পুৱা ১১ বজাত কলিতা ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন অৰাজনৈতিক সংগঠনৰ বিষয়ববীয়াৰ লগতে সচেতন নাগৰিকে বিলাসীপাৰা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয় প্ৰাংগণত সাব্যস্ত কৰে প্ৰতিবাদ ।
স্মাৰ্টমিটাৰে অৰ্থনৈতিকভাৱে শোষণ কৰিছে ৰাইজক: তিতাবৰ কংগ্ৰেছ
উৎকট গৰমকো নেওচি তিতাবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সহ্ৰাধিক ৰাইজ ওলাই আহিল ৰাজপথলৈ । ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদী ৰাইজ অগ্ৰসৰ হয় অসম শক্তি বিতৰণ নিগমৰ তিতাবৰ উপ-সংমণ্ডলৰ কাৰ্যালয়লৈ । প্ৰতিবাদী ৰাইজে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা মুৰ্দাবাদ লগতে চৰকাৰ বিৰোধী শ্ল'গান দি তিতাবৰ বিদুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
স্মাৰ্ট মিটাৰৰ ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ সংকল্পৰে ধেমাজিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
স্মাৰ্ট মিটাৰ বিৰোধিতাৰে বুধবাৰে ধেমাজিত কংগ্ৰেছে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিজেপি গ' বেক, শক্তি বিভাগ মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । প্ৰতিবাদী সমদলটোৱে ধেমাজি চাৰিআলিৰ পৰা ধেমাজি তিনিআলিস্থিত ধেমাজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে ৷
মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ তীব্ৰ প্ৰতিবাদ:
জোনাইৰ ৰাংকপ তিনিআলিস্থিত ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা জোনাই বিদ্যুৎ সংমণ্ডল কাৰ্যালয়লৈ হাতে হাতে প্লে' কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ কাম নাই, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই পদত্যাগ কৰক, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে এক বিশাল ৰেলী উলিয়াই এই প্ৰতিবাদ সাব্যস্ত কৰে মুৰ্কংচেলেক ব্লক কংগ্ৰেছে । ইফালে প্ৰতিবাদকাৰীসকলে জোনাই বিদ্যুত সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আৰক্ষীৰে তীব্ৰ হতাহতি হোৱাৰ পিচতে কাৰ্যালয়ৰ গেট ঠেলি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল মঙলদৈ:
দৰং জিলা কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে তীব্ৰ সমালোচনা কৰে বিজেপিক । অসমীয়া মানুহৰ ভোটেৰে মুখ্যমন্ত্ৰী হৈ আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰে তেজ শুহি খাব বিচাৰিছে বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক । অসমীয়া ৰাইজৰ প্ৰতি যদি মৰম দৰদ আছে তেন্তে অনতিবিলম্বে স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰিবলৈ আহ্বান জনায় ৰাজবংশীয়ে ।
ৰঙিয়াত গৰজি উঠিল কংগ্ৰেছ কৰ্মী:
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দ্দেশমৰ্মে ৰঙিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত বুধবাৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত নামিল কংগ্ৰেছ দলৰ কৰ্মীসকল । হাতে হাতে দলীয় পতাকা আৰু বেনাৰ লৈ প্ৰতিবাদকাৰীসকলে ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে বিদ্যুৎ বিভাগৰ ৰঙিয়াৰ ১নং বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়লৈ সমদল বাহিৰ কৰে । প্ৰতিবাদকাৰী সকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক , বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

