ETV Bharat / state

বেপাৰী মহন্তক গ্ৰেপ্তাৰ কৰক ! জুবিন অনুৰাগীৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰাৰ বাসগৃহ

জুবিন অনুৰাগীসকলৰ দাবী, বেপাৰী মহন্তই মৰমৰ শিল্পীগৰাকীক মাতি নি বিদেশত মাৰি পেলালে ।

Protest against Shyamkanu Mahanta
জুবিন অনুৰাগীৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰাৰ বাসগৃহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 8:35 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী । শোকত ম্ৰিয়মাণ প্ৰতিগৰাকী জুবিন অনুৰাগী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজৰ হিয়াৰ আপোন শিল্পীগৰাকীক হেৰুৱাই একপ্ৰকাৰ দিকবিদিক হেৰুৱাইছে এইগৰাকী প্ৰাণৰ শিল্পীৰ সহস্ৰ অনুৰাগীয়ে । দিনে-নিশাই জনাইছে শ্ৰদ্ধাঞ্জলি ।

একেদৰে শোকস্তব্ধ কাহিলিপাৰাস্থিত তেওঁৰ আপোন ঘৰখনো । সময় বাগৰাৰ লগে লগে জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈছে হাজাৰ হাজাৰ অনুৰাগী । শুকুৰবাৰে দিনটোৰ এই সকলোৱে নিবিচৰা খবৰটো অহাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জুবিন অনুৰাগীসকল আহি তাত উপস্থিত হয় । নিজৰ প্ৰিয় শিল্পীগৰাকীৰ ঘৰখনৰ পৰিৱেশ চাবলৈ সকলো ওলাই আহিছে ।

জুবিন অনুৰাগীৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰাৰ বাসগৃহ (ETV Bharat Assam)

ইফালে জুবিন অনুৰাগীসকলে ক্ষোভ উজাৰিছে ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ বিৰুদ্ধে । তেওঁলোকৰ দাবী, ছিংগাপুৰলৈ যোৱাৰ বাবেই প্ৰিয় শিল্পীগৰাকীক হেৰুৱাবলগা হ'ল । সেয়ে ক্ষোভ উজাৰিছে ইয়াৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ।

জুবিনৰ বাসগৃহত জুবিনৰ প্ৰিয় গানৰ কলি আওৰাই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সমান্তৰালভাৱে ক্ষোভ উজাৰিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে । শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল কৰিছে জুবিনৰ বাসগৃহ । "বেপাৰী মহন্তক গ্ৰেপ্তাৰ কৰক" শ্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ ।

জুবিন অনুৰাগীসকলৰ দাবী, "অসমীয়া সংস্কৃতিৰ বেপাৰী মহন্তক গ্ৰেপ্তাৰ কৰক । তেওঁ আমাৰ মৰমৰ শিল্পীগৰাকীক মাতি নি বিদেশত মাৰি পেলালে ।"

উল্লেখ্য যে জুবিনৰ গুণমুগ্ধসকলে মানি ল’ব পৰা নাই তেওঁৰ এই মৃত্যু । বহুতেই ৰহস্যৰো গোন্ধ পাইছে এই অকাল মৃত্যুত ৷ দাবী কৰিছে উচ্চ পৰ্যায়ৰ উচিত তদন্তৰ ।

আনহাতে, শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডি তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যম X-ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু অকাল মৃত্যুক লৈ শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এফ আই আৰ দাখিল কৰা হৈছে । মই অসম আৰক্ষীৰ ডিজিপিক নিৰ্দেশ দিছোঁ যে সকলো এফ আই আৰ চি আই ডিলৈ হস্তান্তৰ কৰি এটা সমন্বিত গোচৰ পঞ্জীয়ন কৰি পুংখানুপুংখ তদন্ত কৰিব লাগে ।”

লগতে পঢ়ক :যোৰহাটত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন অনুৰাগীৰ
লগতে পঢ়ক :জুবিনৰ শেষযাত্ৰাত অংশ ল'বলৈ দিয়ক সিদ্ধাৰ্থক: চকুলো টুকি ক'লে গৰিমা শইকীয়া গাৰ্গে