মিৰ্জা: পুনৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাভা-হাছং । ৰাভা-হাছঙত উপগ্ৰহীয় নগৰ নিৰ্মাণৰ বিৰুদ্ধে ৰজাঘৰীয়াৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । প্ৰতিবাদকাৰীসকলে সকীয়াই দিলে টংকেশ্বৰ ৰাভাকো । কেৱল সেয়াই নহয় আগন্তুক বিধানসভা নিৰ্বাচনত সাধাৰণ লোকক প্ৰতাৰণা কৰাৰ ফল বিজেপিয়ে ভুগিব লাগিব বুলিও হুংকাৰ দিলে ক্ষুব্ধ জনতাই ।
দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা-হাছঙৰ বৰদুৱাৰ বাগানত ১৫০০ একৰ ভূমি গুৱাহাটী নগৰ উন্নয়ন বিভাগলৈ আবণ্টন দিয়াৰ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছৰে পৰাই উত্তাল হৈ আছে ৰাভা-হাছং । ষড়যন্ত্ৰমূলকভাৱে জনজাতি আবেষ্টনী ভাঙি বৰদুৱাৰ বাগানৰ ১৫০০ একৰ ভূমি গুৱাহাটী নগৰ উন্নয়ন বিভাগলৈ আবণ্টন দি নিৰ্মাণ কৰিব উপগ্ৰহীয় চহৰ । মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত বিধানসভাৰ মজিয়াত আভুৱাভৰা কথাৰে স্পষ্ট কৰাৰ পিছৰে পৰা পুনৰ উত্তপ্ত হৈছে ৰাভা-হাছং ৷
ইয়াৰ বিৰোধিতাৰে ৰাইজে একাধিক ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আহিছে । জনজাতীয় এলেকাত ভূমিৰ নিৰাপত্তা, চিৰসেউজ অঞ্চল আৰু প্ৰদূষণহীন জলবায়ু বৰ্তাই ৰখাৰ স্বাৰ্থত ভূমি আবণ্টন দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজে ।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে আলোচনাত বহিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি নাই ৰজাঘৰীয়াৰ । বৰং চৰকাৰে সেই ভূমি ল'ব বুলিহে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত স্পষ্ট কৰি দি জনজাতীয় টাউনশ্বিপ হ'ব বুলি ক'লেও ৰাইজে তেনে কাম হ'বলৈ নিদিয়ে বুলি পুনৰ হুংকাৰ দিলে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে ।
ইমানৰ পিচতো ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিৰে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰি বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ এগৰাকী নেতাই কয়, "টংকেশ্বৰ ৰাভাই মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিৰে কাম কৰি আছে । ইয়াৰ আঁৰত গভীৰ ৰহস্যৰ উমান পোৱা গৈছে । তীব্ৰতৰ হ'ব এই প্ৰতিবাদ ।"
তেওঁ পুনৰ কয়, "যোৱা ২৬ তাৰিখে দিল্লীত কৈছিল বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ হ'ব বুলি । ইয়াৰ পিচত বিধানসভাত ক'লে পলাশবাৰী টাউনশ্বিপ হ'ব বুলি । আমাৰ ইয়াত টংকেশ্বৰ ৰাভাই ক'লে সেইখন হেনো জনজাতীয় টাউনশ্বিপ হ'ব । এখন টাউনশ্বিপে কেনেকৈ ইমান নাম সলালে ?"