চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল পানীখাইটি, বিহালী - RG Kar Rape Murder
Protest over Kolkata rape murder case : পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাক লৈ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদ ৷ দোষীক শাস্তি প্ৰদানৰ দাবীত ওলাই আহিছে অজশ্ৰজন ৷ ৰৈ নাথাকিল এ বি ভি পি ও । বিহালীতো তীব্ৰ প্ৰতিবাদ ।

Published : August 18, 2024 at 10:48 PM IST
গুৱাহাটী/বিহালী,১৮আগষ্ট: কলকাতাৰ আৰ জি কৰ হাস্পতালৰ কৰ্তব্যৰত চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ দেশৰ লগতে ৰাজ্য । এই ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দেশ তথা ৰাজ্যৰ চিকিৎসক, দল-সংগঠন তথা সাধাৰণ ৰাইজ । কলকাতা কাণ্ডৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে গুৱাহাটীৰ পানীখাইটিস্থিত ডাউন টাউন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল ।
এবিভিপিয়ে ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিকে অংশগ্ৰহণ কৰি হাতে হাতে মমবাতি লৈ এক সমদল উলিয়াই চিকিৎসকগৰাকীৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰক, উই ৱাণ্ট জাষ্টিচ আদি শ্ল'গানৰে আকাশ বতাহ মুখৰ কৰি তোলে । সমদলত অংশগ্ৰহণকাৰীসকলে চিকিৎসকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এই ঘৃণনীয় কাৰ্যত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী তোলে । ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ গৰিহণা দিয়ে ।
ইফালে দেশ জোকাৰি যোৱা কলকাতাৰ চিকিৎসক যুৱতীগৰাকীৰ আত্মাৰ সদগতি কামনা আৰু দোষীক দৃষ্টান্তমূক শাস্তি প্ৰদানৰ দাবীত দেওবাৰে সন্ধিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমে বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত এলানী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰথমতে, বৰগাং চেন্টাৰৰ ৰংগমঞ্চত চিকিৎসকগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে মৌন প্ৰাৰ্থনা জনায় । ইয়াৰ পিচতে এই জঘন্য ধৰ্ষণ কাণ্ডৰ গৰিহণা দি, ধৰ্ষণকাৰীক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী আৰু ধৰ্ষণকাণ্ড ৰোধ কৰাৰ দাবী জনায় হাতে হাতে প্লে- কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে ।

