ETV Bharat / state

পহলগামকাণ্ডক লৈ জ্বলিছে দেশ: পাকিস্তানক উচিত শাস্তি বিহাৰ দাবীত ৰাজ্যত প্ৰতিবাদ

পহলগামকাণ্ডৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ দৰে প্ৰতিবাদ অসমতো ।

PAHALGAM TERRORIST ATTACK
পহলগামকাণ্ডক লৈ জ্বলি দেশৰ প্ৰতিজন জনতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 12:02 AM IST

2 Min Read
Choose ETV Bharat

হাফলং/ মাণিকপুৰ : পহলগামকাণ্ডক লৈ ক্ষোভত জ্বলিছে দেশৰ প্ৰতিজন জনতা । মিনি ছুইজাৰলেণ্ডখ্যাত জম্মু কাশ্মীৰৰ পহলগামৰ সৌন্দৰ্য উপভোগ কৰিবলৈ লৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গ'ল 26 জন ভাৰতীয়ৰ । এই ঘটনাক কেন্দ্ৰ কৰি দেশৰ ভিন্ন প্ৰান্তত পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ।

সকলোৰে মুখে মুখে এটাই কথা- সন্ত্ৰাসবাদৰ অন্ত পেলাওক, পাকিস্তানক উচিত শাস্তি দিয়ক, নিহত নিৰীহৰ পৰিয়ালক ন্যায় প্ৰদান কৰক ।

22 এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ বহু ঠাইত ৰূপায়ন কৰা হৈছে প্ৰতিবাদ । বৃহস্পতিবাৰ বিয়লি প্ৰায় 5 বজাত ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ টেক্সি ষ্টেণ্ডত বিশ্ব হিন্দু পৰিষদে ৰূপায়ণ কৰে প্ৰতিবাদ ।

পাকিস্তান মুর্দাবাদ, ইছলামিক উগ্ৰপন্থী সংগঠন মুর্দাবাদ আদি এই ধ্বনি দি বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । লগতে প্ৰতিবাদকাৰীসকলে এই ঘটনাৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰ ওচৰত দাবী জনায় ।

বিশ্ব হিন্দু পৰিষদৰ এগৰাকী সদস্য সুজয় লাংথাচাই কয়, ''আমিও মাৰিব পাৰো, কিন্তু আমাৰ মাজতে সহনশীলতা আছে । কিয়নো আমি বিশ্ব কল্যাণৰ কথা চিন্তা কৰো । সেয়া হৈছে সনাতনীসকলৰ সংস্কাৰ ।''

PAHALGAM TERRORIST ATTACK
শ্রদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

ইফালে বঙাইগাঁও জিলাৰ পাতিলাদহা বৃহত্তৰ ৰাইজৰ উদ্যোগত পাতিলাদহা ৰাম মন্দিৰ প্রাংগণত বৃহস্পতিবাৰে সন্ধিয়া কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হোৱাসকললৈ এক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত নিহতসকলৰ আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট মৌনতা অৱলম্বন কৰা হয়, তাৰ পিছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে মন্তব্য আগবঢ়াই এই নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিবাদ জনোৱাৰ লগতে দোষীসকলৰ কঠোৰ শাস্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ।

লগতে নিহত কেইজনৰ আত্মাৰ সদগতিৰ বাবে পাতিলাদহা বৃহত্তৰ ৰাইজে বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । এই অনুষ্ঠানত উপস্থিত থাকে পাতিলাদহা যুৱ সমাজকৰ্মী বাবলু ঘোষ, যুৱ সমাজকৰ্মী নয়ন বৈশ্য, সমাজকৰ্মী নন্দেশ্বৰ ৰায়, জিলা পৰিষদৰ প্ৰাৰ্থী শিখৰজিত সিংহ আদি ।

লগতে পঢ়ক : শোকে বুকু ভাগি নিয়া পৰতো ছ'চিয়েল মিডিয়াত একাংশৰ বাতুলামি

লগতে পঢ়ক : সন্ত্ৰাসবাদক ধ্বংস কৰাত আমাৰ সহযোগ থাকিব: চৰকাৰলৈ বিৰোধীৰ পূৰ্ণ সমৰ্থন