ETV Bharat / state

উলংগ বাবাক কাপোৰ-কানি পিন্ধাই আতৰাই পঠিওৱাৰ দাবী সচেতন যোৰহাটবাসীৰ

যোৰহাটত নাভূত-নাশ্ৰুত কাণ্ড । ৰাজপথত উলংগ বাবাৰ শোভাযাত্ৰা । ক্ষুব্ধ যোৰহাটবাসী ।

Protest against Naked Baba procession on the streets of Jorhat
ৰাজপথত উলংগ বাবাৰ শোভাযাত্ৰাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 30, 2025 at 8:36 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: এক ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে যোৰহাট নগৰ । কিয়নো যোৰহাটৰ ৰাজপথত দেখা গ'ল উলংগ বাবা । বুধবাৰে যোৰহাট নগৰৰ মাজেৰে ঢাক-ঢোল বজাই শোভাযাত্ৰা কৰে দুজন উলংগ বাবাই । যাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে যোৰহাটত । এটা বিশেষ সম্প্ৰদায়ৰ লোকে দুজন উলংগ বাবাক লৈ যোৰহাট নগৰৰ মাজেৰে কৰা এই শোভাযাত্ৰাক সহজভাৱে ল'ব পৰা নাই যোৰহাটৰ ৰাইজে ।

বুধবাৰে এই ঘটনা সংঘটিত হোৱাৰ পাছতেই বৃহস্পতিবাৰে যোৰহাটৰ বিভিন্ন দল-সংগঠন, সাধাৰণ নাগৰিক সকলো ওলাই আহি যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে যোৰহাট জিলাৰ ঠাকুৰবাৰীত বাহৰ পাতি থকা দুই উলংগ বাবাক বিনা বস্ত্ৰে যোৰহাট নগৰৰ মাজ মজিয়াত ওলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

ৰাজপথত উলংগ বাবাৰ শোভাযাত্ৰাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

ইয়াৰোপৰি এই সংগঠন কেইটাই মাৰোৱাৰী ঠাকুৰবাৰীত এই উলংগ বাবাক আৰু এই বিশেষ সম্প্ৰদায়টোক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে । প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে । ধৰ্মৰ নামত শংকৰ-আজানৰ দেশত এনে ব্যভিচাৰ হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি ধৰ্মৰ নামত উলংগ বাবাক লৈ কৰা শোভাযাত্ৰাই যোৰহাট তথা অসমীয়াৰ স্বাভিমানত আঘাত হানিছে বুলি উল্লেখ কৰে সচেতন যোৰহোটীয়া ৰাইজ লগতে প্ৰতিবাদকাৰীয়ে ।

ইফালে যোৰহাটৰ স্বাভিমানত আঘাত হনা কাৰ্যক গৰিহণা দি প্ৰতিবাদত অংশ লোৱা কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰা কাৰ্যক কেন্দ্ৰ কৰিও তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে । সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দি এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "ধৰ্মৰ নামত সম্পূৰ্ণৰূপে উলংগ অৱস্থাত থকা দুগৰাকী ব্যক্তিক বেৰিকেড দি প্ৰশাসনে ৰাজপথেৰে শোভাযাত্ৰা কৰোৱাৰ যি ব্যৱস্থা কৰিলে সিয়ে আমাৰ স্বাভিমানত আঘাত হানিলে । যেতিয়া আমাৰ স্বাভিমানত আঘাত হানিব তেতিয়া আমি যোৰহাটবাসী ৰাইজ শান্তমনে বহি নাথাকো । কাৰণ এয়া যোৰহাটত কেতিয়াও নোহোৱা-নোপোজা ঘটনা ।"

লগতে পঢ়ক: তিনিচুকীয়া-বিশ্বনাথৰ তিনি মহিলা নিখোজ মহাকুম্ভত - MAHA KUMBH MELA 2025

ব্যৱসায়ীক ধনদাবী; আৰক্ষীৰ জালত প্ৰাক্তন আলফা(স্বা) কেডাৰ - EX ULFA CADRE ARRESTED