ETV Bharat / state

দিম দিম বুলি দিব পৰা নাই কিয় ? ৰাইজৰ ৰোষত বিধায়ক ভুৱন গাম

মাজুলীত সমুখ সমৰত বিধায়ক আৰু প্ৰতিবাদকাৰী । বিধায়ক ভুৱন গাম আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ

protest in Majuli
মাজুলীত ৰোইজৰ ৰোষত বিধায়ক ভুৱন গাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 7:02 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী : 'দিম দিম বুলি দিব পৰা নাই কিয় ? চৰকাৰ তুমি জবাব দিয়া', 'ছাত্ৰ মহিলা সংগ্ৰাম সমিতি জিন্দাবাদ', 'নতুন চাপৰি বৰালীমৰা সংযোগী পকী দলং অতি সোনকালে নিৰ্মাণ কৰক' আদি শ্লোগানেৰে সোমবাৰে উত্তাল হৈ পৰে মাজুলী ।

আনহাতে, এই প্ৰতিবাদৰ মাজতে সোমবাৰে মাজুলীত সমুখ সমৰত দেখা গ'ল মাজুলীৰ বিধায়ক আৰু প্ৰতিবাদকাৰীক । সত্ৰপীঠ মাজুলীৰ গড়মূৰত বৰালীমৰা অঞ্চলৰ ৰাইজে অঞ্চলটোৰ যাতায়াতৰ অসুবিধা আৰু বৰালীমৰা হালোৱা পাৰঘাটৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদস্থলীত উপস্থিত হয় মাজুলীৰ বিধায়ক ভুৱন গাম ।

মাজুলীত ৰোইজৰ ৰোষত বিধায়ক ভুৱন গাম (ETV Bharat Assam)

কিন্তু বিধায়কগৰাকীয়ে প্ৰতিবাদী ৰাইজলৈ আঙুলি টোঁৱাই বক্তব্য ৰখাৰ পাছতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ প্ৰতিবাদকাৰীসকলে বিধায়কগৰাকীক কয়, "আমাক আঙুলি টোঁৱাই কথা নক'ব । ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ ।"

ইয়াৰ বিপৰীতে মাজুলীৰ বিধায়কগৰাকীয়ে কয়, আপোনালোকে কাৰোবাৰ উচটনিত পৰি এনেদৰে কাৰ্যসূচী গ্ৰহণ নকৰিব ।

উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে জনোৱা মতে, দীর্ঘদিন ধৰি বাট-পথৰ সুব্যৱস্থা নোহোৱাৰ বাবে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত প্ৰতিদিনে কষ্ট খাবলগীয়া হৈছে । খেৰকটীয়া নদীৰ ওপৰত এখন পকী দলং নোহোৱাৰ বাবে অঞ্চলটোলৈ নাযায় ১০৮ সেৱাকে আদি কৰি আন আন বাহনসমূহো । গতিকে এখন পকী দলঙৰ দাবীত এনেদৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগা হৈছে বুলি তেওঁলোকে উল্লেখ কৰে ।

প্ৰতিবাদকাৰীসকলে কয়, "বৃহত্তৰ বৰালীমৰা অঞ্চলত এই উন্নয়নৰ দিনতো ৰাস্তা নাই ঘাট নাই । বৰালীমৰা নতুন চাপৰি যিটো নদীৰ ওপৰত সংযোগী দলং সেই দলং নাই । যাৰ ফলত আমাৰ প্ৰতিদিনে অহা-যোৱা কৰাত অসুবিধা হয় । আমাৰ ১০৮ সেৱাও তাত সোমাব নোৱাৰে । এই দলংখন বহুত দিনৰ পৰা আমাক দিম বুলি বিভাগীয় কৰ্তৃপক্ষই কৈ আছিল । ডিচি ছাৰে জনাই আছে, কিন্তু আজি পৰ্যন্ত হোৱা নাই ।"

ইফালে মাজুলীৰ বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছৰ উচটনিতহে এইসকল লোকে প্ৰতিবাদ কৰিবলৈ আহিছে । তেওঁলোকৰ চৰকাৰ দিনত উক্ত অঞ্চলত বহু উন্নয়ন কৰা হৈছে, যিটো কংগ্ৰেছৰ দিনত হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে ।

বিধায়ক ভুৱন গামে কয়, "তেওঁলোকে যিধৰণে বিচাৰিছে প্ৰত্যেকটো ৰাস্তাই পকীকৰণৰ বাবে টেণ্ডাৰ পঠাইছোঁ । মাজুলীত অহাৰ লগে লগে যিধৰণে পদক্ষেপ ল'ব লাগে মাজুলীৰ বিধায়ক হিচাপে সেই পদক্ষেপ লৈছোঁ । ৬০ বছৰে যে কংগ্ৰেছে একো কাম কৰা নাছিল সেইটো তেখেতসকলে আজি উপলব্ধি কৰা নাই । মই এইকেইবছৰতে এতিয়ালৈকে ৰাস্তা-পদূলি, পকা দলঙকে ধৰি কৰি দিছোঁ । এইবোৰ তেখেতসকলে বুজি নোপোৱাৰ বাবে আজি কাৰোবাৰ উচটনিত ধৰ্ণা দিবলৈ আহিছে । তেখেতসকলক বুজাই দিছোঁ আৰু বুজিও পাইছে । কাৰোবাৰ উচটনিত আহিছিল । জানেইতো কংগ্ৰেছৰ এইটো স্বভাৱেই আছিল ।"

লগতে পঢ়ক :খেদ ঐ খেদ গৰু চোৰক খেদ ! গীৰ গাই বিতৰ্কত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ - CONGRESS PROTEST
লগতে পঢ়ক :বন্দুক চলোৱা দুহাতৰ আঙুলিৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰী - GOHPUR RETIRED ARMY GREAT WORKS