পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত ৰাজ্য়জুৰি অৱস্থান ধৰ্মঘট
Protest against NPS in Assam: অসম চৰকাৰৰ শিক্ষক, কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ সন্থাই ৰূপায়ণ কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । সদ্য প্ৰাদেশিকীত বিদ্যালয়ৰ শিক্ষক সকলেহে এই প্ৰতিবাদ কৰিছে বুলি বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক ভুল বুলি কয় প্ৰতিবাদকাৰীয়ে ।

Published : March 12, 2024 at 10:31 PM IST
গুৱাহাটী/ৰহা,১২ মাৰ্চ: এন পি এছ বাতিলৰ দাবীত এন পি এছ বিৰোধী ঐক্য মঞ্চ, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা আৰু বিভিন্ন শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংস্থা তথা সংঘৰ যৌথ আহ্বানত আজি ৰাজ্যজুৰি দুঘণ্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হয় । ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত, কটন বিশ্ববিদ্যালয়, নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়, দিশপুৰ মহাবিদ্যালয়, অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, আৱকাৰী আয়ুক্তৰ কাৰ্যালয়, নাৰেংগী মহাবিদ্যালয়, স্বাস্থ্য সেৱা সঞ্চালকালয়, কৰ ভৱন, জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয় আদি বিভিন্ন কাৰ্যালয়, শিক্ষানুস্থান আদিত সৰ্বস্তৰৰ শিক্ষক-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পানবজাৰৰ মেঘদূট ভৱনৰ সন্মুখত আয়োজিত কাৰ্যসূচীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা সভাপতি অচ্যুতানন্দ হাজৰিকা, জে চি টি ইউৰ যুটীয়া আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতা, ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
প্ৰতিবাদকাৰীসকলে কয় যে ২০০৫ ৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেনচন ব্যৱস্থা বা এন পি এছ বলবৎ কৰিছে । শিক্ষক-কৰ্মচাৰী সকল অৱসৰৰ পিছত খাই-লৈ জীয়াই থকাৰ কাৰণে দি থকা সামাজিক সুৰক্ষা মাহিলি পেন্সন নোহোৱা কৰি দায়িত্ব দিয়া হৈছে দেশৰ অস্থিৰ শ্বেয়াৰ বজাৰক । কৰ্মৰত অৱস্থাত কৰ্মচাৰীজনৰ দৰমহাৰ পৰা ১০% আৰু চৰকাৰে ১৪% ধন বিত্তীয় প্ৰতিস্থানত জমা থয় । এই ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি পোৱা ধনৰ পৰা আহৰণ কৰা লাভৰ এক অংশ মাহে মাহে দিয়াৰ যদিও ব্যৱস্থা আছে, কিন্তু সেই ধন পাব নে নাপায় বা কিমান পাব সেয়া নিৰ্ভৰ কৰিব শ্বেয়াৰ বজাৰত । এয়া কৰ্মচাৰী সমাজৰ বাবে এক ভয়ানক বিড়ম্বনা ।
তেওঁলোকে পুনৰ কয় যে এন পি এছৰ আওতাত পৰা শিক্ষক -কৰ্মচাৰী সকলে অৱসৰ গ্ৰহণ কৰাত মাহিলি ৫০০ টকাৰ পৰা ৩০০০ টকাকৈহে মাহিলি লাভ কৰি আছে। এয়া কৰ্মৰত শিক্ষক-কৰ্মচাৰীয়েই নহয় বৰং আগন্তুক সময়ত চৰকাৰী চাকৰি কৰা প্ৰত্যেকৰে একেই দশা হ'ব । আজি প্ৰায় ১১ হাজাৰতকৈয়ো বেছি শিক্ষক-কৰ্মচাৰী এন পি এছৰ অধীনত অৱসৰ গ্ৰহণ কৰি দুবেলা দুমুঠি খাবলৈ নোপোৱা হৈছে ।
ইপিনে,অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পিএছ সন্থাৰ ৰহা আঞ্চলিক সমিতিয়ে ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । সদ্য প্ৰাদেশিকীত বিদ্যালয়ৰ শিক্ষক সকলেহে এই প্ৰতিবাদ কৰিছে বুলি বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক ভুল বুলি কয় প্ৰতিবাদকাৰীসকলে । ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলে ভালকৈ উপলব্ধি কৰিছে এনে,পি,এছৰ এই ভয়াবহতাক । অতি শীঘ্ৰে এন,পি,এছ ব্যৱস্থা বাতিল কৰি অ পিএছ ব্যৱস্থা বাহাল ৰাখিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰহা আঞ্চলিক সমিতিয়ে লগতে এনপিএছ বাতিল নোহোৱালৈ ধাৰাবাহিক ভাৱে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে ।
লগতে পঢ়ক:‘কা’ বিৰোধী আন্দোলনৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

