কলগাছিয়াত শৌচালয়ৰ নামত ধন সংগ্ৰহ কৰা প্ৰাক্তন পঞ্চায়ত সদস্যাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
কলগাছিয়াৰ সাওৰাচৰা বজাৰত ৰাইজৰ প্ৰতিবাদ। প্ৰলোভনৰে ৰাইজৰ পৰা পঞ্চায়ত সদস্যাই সংগ্ৰহ কৰিছিল তিনি লাখ টকা । শৌচালয় নিৰ্মাণ কৰি দিব বুলি কৈ ৬৫০ জনৰ পৰা অবৈধ ভাবে সংগ্ৰহ কৰিছিল ধন। শৌচালয়ৰ পৰা বঞ্চিত হোৱা লোকে ধন ঘূৰাই বিচাৰি সদস্যা আছিয়া খাতুন আৰু সদস্যাৰ স্বামী হুছেইন মিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।

Published : March 6, 2024 at 9:39 AM IST
জনীয়া ,৬ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডৰ অন্তৰ্গত চিকনী গাঁও পঞ্চায়তৰ ৯ নং খণ্ডৰ প্ৰাক্তন সদস্যা আছিয়া খাতুনৰ বিৰদ্ধে মঙলবাৰে শ শ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ । চৰকাৰী শৌচালয় নিৰ্মাণ কৰি দিব বুলি ৬৫০ জন দৰিদ্ৰ লোকৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছিল ধন । চিকনী গাঁও পঞ্চায়তৰ সদস্যা আছিয়া খাতুন আৰু তেওঁৰ স্বামী হুছেইন মিয়াই ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ।
চিকনী গাঁও পঞ্চায়তৰ সদস্যা আছিয়া খাতুন আৰু তেওঁৰ স্বামী হুছেইন মিয়াই ৰাইজৰ পৰা ৩০০-৫০০ টকাকৈ প্ৰায় তিনি লক্ষাধিক টকা সংগ্ৰহ কৰিছিল চৰকাৰী শৌচালয়ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি দিব বুলি । কিন্তু তালিকাত ৬৫০ জন লোকৰ এজনৰো নাম অন্তৰ্ভুক্ত নোহোৱাত ভুক্তভোগী ৰাইজে ক্ষুদ্ধ হৈ পৰিছে জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে । সেয়ে সোমবাৰে নিশাৰ ভাগত সাওঁৰাচৰা বজাৰত শ শ ভূক্তভোগী ৰাইজ একত্ৰিত হৈ গাঁও পঞ্চায়তৰ এইগৰাকী সদস্যা আছিয়া খাতুন আৰু তাইৰ স্বামী এইজন হুছেইন মিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । লগতে প্ৰাপ্য় ধন ঘূৰাই পোৱাৰ বাবে দাবী জনায় ।
- " class="align-text-top noRightClick twitterSection" data="">
চৰ চাপৰি অঞ্চলৰ হোজা ৰাইজক প্ৰলোভন দেখুৱাই এনেদৰে ধন লুট কৰা কাৰ্যৰ বিৰুদ্ধে তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা কৰিবলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে । লগতে ভুক্তভোগী ৰাইজে আইনৰ কাষ চাপিব বুলিও সকীয়াই দিয়ে । উপযুক্ত তথ্য থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই এইগৰাকী দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সদস্যা আছিয়া খাতুন আৰু তেওঁৰ স্বামী হুছেইন মিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে সেয়া সময়ত হ'ব লক্ষণীয় বিষয় ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

