ETV Bharat / state

উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু সংগঠনৰ উত্তাল প্ৰতিবাদ, আটক প্ৰতিবাদকাৰী

উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ কৰাৰ দাবী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।

Protest Against Eviction in Nagaon
নগাঁৱত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 4:30 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত । ৰাজ্য়ৰ বিভিন্ন ঠাইত বৃহৎ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতেই উত্তাল হৈ পৰিল নগাঁও চহৰ । অনুমতি অবিহনে আজি প্ৰতিবাদ জনোৱাত আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।

নামনি অসমৰ ধুবুৰী, গোৱালপাৰাত চৰকাৰে চলোৱা বৃহৎ উচ্ছেদ অভিযানৰ বিৰুদ্ধে শনিবাৰে পুৱাই নগাঁও চহৰ উত্তাল কৰে সংখ্যালঘু সংগঠনে । চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ হাতত আটকো হয় সংখ্যালঘু সংগঠনৰ কুৰিজনতকৈয়ো অধিক নেতা ।

নগাঁৱত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজপথত চৰকাৰৰ উচ্ছেদ বিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । প্ৰতিবাদৰ সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে কুৰিজনতকৈ অধিক প্ৰতিবাদকাৰীক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । নামনি অসমত চলি থকা উচ্ছেদ অভিযানক প্ৰতিবাদকাৰীয়ে অমানৱীয় আখ্যা দি তাৎক্ষণিকভাৱে এই অভিযান বন্ধ কৰাৰ দাবী জনায় ।

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰি অত্যন্ত কঠোৰভাৱে উচ্ছেদ কাৰ্যকৰী কৰিছে বুলি মন্তব্য কৰে সংখ্যালঘু সংগঠনৰ নেতাসকলে । প্ৰতিবাদকাৰীসকলে লগতে কয় যে এই উচ্ছেদৰ ফলত শ শ পৰিয়াল গৃহহীন হৈ পৰিছে আৰু তেওঁলোকৰ জীৱন-জীৱিকাৰ কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ।

আমছুৰ নগাঁও জিলা সমিতি আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত শনিবাৰে পুৱা নগাঁও জিলা আয়ুক্ত কাৰ্যালয় সমীপৰ এপেক্স বেংকৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতত প্লেকাৰ্ড আৰু বেনাৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি ৰাজপথত সমদলো উলিয়াবলৈ চেষ্টা কৰে; কিন্তু প্ৰতিবাদী সমদলৰ বাবে কোনো অনুমতি নথকাৰ অভিযোগতেই কুৰিজনকৈ প্ৰতিবাদকাৰীক আটক কৰে নগাঁও আৰক্ষীয়ে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উচ্ছেদিত পৰিয়ালৰ বাবে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা, চৰকাৰী ভূমিৰ পৰা উচ্ছেদৰ পূৰ্বে স্থানীয় লোকৰ সৈতে আলোচনা, সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি বৈষম্যমূলক নীতি বন্ধ কৰা আদি কেইবাটাও দাবীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

অনুমতি অবিহনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ অভিযোগত আৰক্ষীয়ে প্ৰায় ২০ জনকৈ পাতিবাদকাৰীক আটক কৰে যদিও পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে ।

লগতে পঢ়ক :মুখ্যমন্ত্রীক শান্তিত থাকিবলৈ দিয়া নহ'ব; উচ্ছেদিতৰ মাজত এজনো বাংলাদেশী আছে যদি চৰকাৰক দেখুৱাই দিয়াৰ চেলেঞ্জ - KMSS PROTEST AGAINST EVICTION

উচ্ছেদৰ বিৰোধিতাৰে চাপৰত প্ৰতিবাদী কাৰ্যসূচী; আটক ৯ গৰাকী এ আই ইউ ডি এফ বিধায়ক - AIUDF MLAS DETAINED