এইখন জিলাত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ; কিন্তু কিয়...
হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ বহুত বেয়া কামৰ তালিকা আছে বিজেপিৰ হাতত । ক'লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

Published : July 1, 2025 at 9:39 PM IST
|Updated : July 1, 2025 at 10:29 PM IST
ধুবুৰী : এইবাৰ শাসকীয় দল বহিল প্ৰতিবাদত । কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ জনালে বিজেপিয়ে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ক্ষমা নোখোজা পৰ্যন্ত বিজেপিয়ে এখন জিলাত নিষিদ্ধ কৰিলে তেওঁৰ প্ৰৱেশ । কি কাৰণে বিজেপিয়ে গৌৰৱ গগৈক ক্ষমা খুজিবলৈ দাবী জনাইছে ?
সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটলৈ যোৱাৰ সময়তে গৰুখুটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ কৰ্মীসকলে । প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি বটল নিক্ষেপ কৰিছিল । ইয়াৰ বিৰুদ্ধে আজি বিজেপিয়ে ধুবুৰীত জনালে প্ৰতিবাদ ।
ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগ ধুবুৰীৰ পাঁচমোৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলে কৰা আক্ৰমণৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, "মুখ্যমন্ত্ৰীৰ কনভয়ত কংগ্ৰেছৰ গুণ্ডাই যিধৰণে আক্ৰমণ কৰিলে অসমত কোনো কালেই মুখ্যমন্ত্ৰীৰ গাড়ীত এনেকুৱা কাম কৰা নাই । প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ বহুত বেয়া কামৰ তালিকা আমাৰ হাতত আছে; কিন্তু আমি নকওঁ । কাৰণ তেওঁলোক দুজন আমাৰ মাজত নাই । ইমান বেয়া কাম কৰাৰ পিছত কিন্তু কংগ্ৰেছৰ দৰে অসমত কোনেও এনেকুৱা কাম কৰা নাই । "
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পুনৰ কয়, "আজি কংগ্ৰেছ পশ্চিমবংগৰ দৰে গুণ্ডাৰাজ চলাব বিচাৰিছে । ভৱিষ্যতে দুস্কৃতিকাৰী হ'ব আৰু আগলৈ গৈ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ৰূপ পাব গৈ । সেইকাৰণে আমি কংগ্ৰেছৰ সভাপতিক অসমৰ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ আহ্বান জনাইছো । কাৰণ হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে মুখ্য়মন্ত্ৰী পতা নাই, অসমৰ জনসাধাৰণে পাতিছে । তেওঁলোক আজি শংকিত হৈছে । যদি ক্ষমা নোখোজে তেন্তে ধুবুৰীৰ ৰাইজ দল-মত নিৰ্বিশেষে সকলো জাতিৰ বিভিন্ন ভাষা-ভাষীৰ লোকে ধুবুৰীত প্ৰৱেশ কৰিবলৈ নিদিব । "

