অসম-নাগালেণ্ড সীমান্তত সক্ৰিয় গৰু চোৰ চক্ৰ: অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ
Cattle smuggling in Assam: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো অসম-নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত সক্ৰিয় গৰু চোৰ চক্ৰ । চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তত গৰু চোৰৰ সন্ত্ৰাসত সৰ্বস্বান্ত হৈছে দৰিদ্ৰ ৰাইজ । উপায়ন্তৰ ৰাইজ উপস্থিত হ'ল জিলা আয়ুক্ত কাৰ্যালয়ত ।

Published : February 20, 2024 at 10:46 AM IST
মৰাণ, ২০ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিচত আৰক্ষীয়ে তীব্ৰ অভিযান চলোৱাৰ সময়তো ৰাজ্যত অবৈধভাৱে গৰু সৰবৰাহ অব্যাহত আছে । গো-ব্যৱসায়ীসকলে নীতি বৰ্হিভূতভাৱে গৰু সৰবৰাহ কৰিয়ে আছে ৷ বহু ব্যৱসায়ীয়ে কেৱল ব্যক্তিগত মুনাফাৰ স্বার্থত সকলো নীতি নিয়ম জলাঞ্জলি দি ৰমৰমীয়া বেপাৰ চলাই আহিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ ভিতৰত গৰু কিনা-বেচাৰ ক্ষেত্ৰত শিথিলতা আনিছিল ৰাজ্য চৰকাৰে । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আছিল বহিঃ ৰাজ্যলৈ গৰু কোনেও সৰবৰাহ কৰিব নোৱাৰিব । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো অসম-নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত সক্ৰিয় গৰু চোৰ চক্ৰ ।
চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তত গৰু চোৰৰ সন্ত্ৰাসত সৰ্বস্বান্ত হৈছে দৰিদ্ৰ ৰাইজ । কিয়নো চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অবাধ হাৰত অব্যাহত আছে গৰু চুৰি কাৰ্য । সোণাৰিৰ লুখুৰাখন, পাতৰবাৰী, কানু গাঁও,বেঙেনাবাৰী গাঁৱত প্ৰায়েই কৃষকৰ পশুধন বিশেষকৈ গৰু চুৰি হোৱা ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে । ফলত খেতি পথাৰত মেলা গৰু বহু কৃষকৰ ঘৰলৈ উভতি নহাত উক্ত গাঁৱৰ ৰাইজে নিজেই অনুসন্ধান চলায় । ইয়াৰ পিচতেই ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাই জিলা আয়ুক্ত কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
ৰাইজে দুটা নাবালক গৰু চোৰক চাৰিটা দিনৰ পূৰ্বে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছে । ধৃত গৰু চোৰ দুটাই ৰাইজৰ আগত স্বীকাৰে কৰে যে লুখুৰাখন গাঁৱৰ বাসিন্দা অনন্ত গগৈ নামৰ যুৱকজনৰ নিৰ্দেশত লুখুৰাখন,পাতৰবাৰী,কানুগাঁও, বেঙেনাবাৰী আদি গাঁৱৰ পৰা বহু গৰু চুৰি কৰি চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহ কৰি আছে । কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক আজিও গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষুব্ধ হৈছে ভুক্তভোগী ৰাইজ ।
লগতে পঢ়ক:ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবাধে চলিছে আহ-যাহ

