ETV Bharat / state

কা বাতিলৰ দাবীত পুনৰ উত্তাল সমগ্ৰ ৰাজ্য

Protest against CAA notification : ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰতীকি ৰূপত কা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী দল-সংগঠনে ৷

Protest against CAA notification in different parts of Assam
কা বাতিলৰ দাবীত পুনৰ উত্তাল সমগ্ৰ ৰাজ্য
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 1:27 PM IST

2 Min Read
Choose ETV Bharat
কা বাতিলৰ দাবীত পুনৰ উত্তাল সমগ্ৰ ৰাজ্য

নিউজ ডেস্ক, 12 মাৰ্চ: 'কা' বিৰোধী প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য । কা নামানো শ্ল’গানেৰে জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

Protest against CAA notification in different parts of Assam
কা বাতিলৰ দাবীত পুনৰ উত্তাল সমগ্ৰ ৰাজ্য

আনপিনে, শিৱসাগৰ নগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে কা বিৰোধী প্ৰতিবাদ । দ'লমুখ চাৰিআলিৰ পৰা বাছ ষ্টেণ্ড তিনিআলিলৈকে প্ৰতিবাদী সমদল গঢ়ি তোলে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদস্থলীত উপস্থিত আৰক্ষী আৰু দণ্ডাধীশৰ মাজত বাক-বিতণ্ডা হোৱাৰ লগতে প্ৰতিবাদকাৰীসকলৰ লগত খণ্ড যুদ্ধৰ সৃষ্টি হয় । আৰক্ষীয়ে সকলো প্ৰতিবাদীক 144 ধাৰা উলংঘনৰ অপৰাধত আটক কৰে ।

Protest against CAA notification in different parts of Assam
কা বাতিলৰ দাবীত পুনৰ উত্তাল সমগ্ৰ ৰাজ্য

সোমবাৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই তেজপুৰৰ মিছন চাৰিআলিত কা আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাই কয়, "এই আইন অসমৰ জনসাধাৰণে কোনো কাৰণত মানি লোৱা নাই আৰু নলয় । এই আইনে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি, মাটি-ভেঁটিৰ ওপৰত অবৈধ বিদেশীৰ অধিকাৰ নিশ্চিত কৰি অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰি তুলিব ৷"

সমান্তৰালভাৱে, কা বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে দক্ষিণ কামৰূপো ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ছয়গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছয়গাঁও আছুৱে ৷ আৰক্ষীৰ বাধাৰ পিচতো ছয়গাঁৱৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কা আইনৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদীকাৰীয়ে ৷

ইয়াৰোপৰি, কলিয়াবৰতো সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে 'কা' বিৰোধী প্ৰতিবাদ ৷ মংগলবাৰে ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যতে 30 টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত সমগ্ৰ ৰাজ্যতে জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : 'কা' বলৱতৰ পিচত ৰাজ্যজুৰি হাইএলাৰ্ট জাৰি; মহানগৰীত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা