মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ: ৬ কংগ্ৰেছীক আটক আৰক্ষীৰ
কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল শীতল পানীয়ৰ এটা বটল । এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

Published : July 1, 2025 at 2:41 PM IST
গোলাঘাট: সোমবাৰে ভ্ৰমণকালত গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত যথেষ্ট সুৰুঙা ধৰা পৰে । মুখ্যমন্ত্ৰীয়ে যাত্ৰা কৰা পথত গোলাঘাট কংগ্ৰেছৰ একাংশ সদস্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ক'লা পতাকা জোকাৰি মুখ্যমন্ত্ৰী তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটলো নিক্ষেপ কৰা হয় । এই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । অৱশেষত এই ঘটনাত জড়িত ৬ কংগ্ৰেছীক আৰক্ষীয়ে আটক কৰে ।
সোমবাৰে গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কনভয় লৈ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হ'বলৈ ধৰোতেই কংগ্ৰেছ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । গৰুখুঁটি প্ৰকল্পৰ পৰা গৰু চুৰি কৰাৰ অভিযোগ তুলি জিলা কংগ্ৰেছৰ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ক'লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে ।
তেনে সময়তে কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰৰ পৰা শীতল পানীয়ৰ এটা বটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰে । এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
এই সম্পৰ্কে গোলাঘাট আৰক্ষীয়ে সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথি বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াক গোলাঘাট আৰক্ষীয়ে আটক কৰে ।
তাৰ পাছত নিশা আৰু এজন কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে । আটক কৰা কংগ্ৰেছীগৰাকী সৰুপথাৰ সমষ্টিৰ ৰাহুল ফুকন বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পল্লৱ চেতিয়াক মঙলবাৰে আটক কৰে আৰক্ষীয়ে । বৰ্তমান আৰক্ষীয়ে আটাইকেইজনকে অধিক তথ্যৰ বাবে গোলাঘাট সদৰ আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

