গুৱাহাটী : শীঘ্ৰেই অসমত বিদ্যুতৰ মাচুলৰ নতুন গাঁথনি হ’ব ৷ সলনি হ’ব ৰাজ্যৰ বিদ্যুৎ মাচুল নিৰ্ধাৰণৰ পদ্ধতি । পূৰ্বৰ দুটা পৰ্যায়ৰ বিদ্যুৎ মাচুল আদায় ব্যৱস্থাৰ পৰিৱৰ্তে নতুনকৈ দিনটোক তিনিটা স্তৰত ভাগ কৰি বিদ্যুত মাচুলৰ নতুন নিৰিখৰ প্ৰস্তাৱ ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ এপিডিচিএলৰ । এই নতুন হাৰত মাচুল নিৰ্ধাৰণৰ বাবে শেহতীয়াকৈ এপিডিচিএলে প্ৰস্তাৱ দাখিল কৰিছে বিদ্যুৎ নিয়ামক আয়োগৰ (AERC) ওচৰত ।
ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ অধ্যক্ষৰূপে থকা নিয়ামক আয়োগৰ ওচৰত অহা এক এপ্ৰিলৰ পৰা বিদ্যুৎ মাচুল ব্যৱস্থা সলনি কৰি নতুন হাৰত মাচুল সংগ্ৰহ কৰাৰ প্ৰস্তাৱ দিছে এপিডিচিএলে । এপিডিচিএলে আয়োগলৈ প্ৰেৰণ কৰা প্ৰস্তাৱৰ ৮ আৰু ৯ পৃষ্ঠাত নতুন স্পষ্টভাৱে দিনটোত তিনিটা পৰ্যায়ত ভাগ কৰি নতুন নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰা হৈছে । আয়োগে এই প্ৰস্তাৱত অনুমোদন জনালেই ৰাজ্যত বৃদ্ধি পাব বিদ্যুতৰ মাচুল ৷

কি আছে এপিডিচিএলৰ প্ৰস্তাৱত ?

- ২০২৫-২৬ বৰ্ষৰ বিদ্যুতৰ মাচুল দিনটোত তিনিটা পর্যায়ত সংগ্ৰহৰ প্ৰস্তাৱ এপিডিচিএলৰ
- প্ৰতিদিনে তিনিটা পর্যায়ত পৃথক পৃথক নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহৰ প্ৰস্তাৱ
- নাইট শ্লেব : মাজৰাতি ১২ বজাৰ পৰা পুৱা ৬ বজালৈ
- ছ'লাৰ শ্লেব : পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ
- পিক আৱাৰ শ্লেব : বিয়লি ৫ বজাৰ নিশা ১২ বজালৈ
কোনটো শ্লেবত বিদ্যুতৰ কিমান মাচুল নিৰ্ধাৰণৰ প্ৰস্তাৱ:
বিদ্যুতৰ চাহিদা সৰ্বাধিক হোৱা সন্ধিয়াৰ ‘‘পিক আৱাৰ’’ত বিদ্যুতৰ মাচুল অধিক নির্ধাৰণ কৰাৰ প্ৰস্তাৱ কৰিছে এপিডিচিএলে । অসমত বৰ্তমানৰ বিদ্যুৎ মাচুলৰ নিৰিখ ঘৰুৱা আৰু বাণিজ্যিক এই দুটা শিতানত নিৰ্ধাৰণ কৰা হয় ।
অসমত ঘৰুৱা বিদ্যুৎ মাচুলৰ বৰ্তমানৰ নিৰিখ:

- ০ৰ পৰা ১২০ ইউনিট ঘৰুৱা ব্যৱহাৰকাৰী গ্ৰাহকে দিব লাগে ৬.৯৯ টকা
- ১২১ৰ পৰা ২৪০ ইউনিট পৰ্যন্ত ব্যৱহাৰকাৰীয়ে দিব লাগে ৮.২৯ টকা
- ৫ৰ পৰা ৩০ কিলোৱাট পৰ্যন্ত ৮.৭৫ টকা দিব লাগে
অসমৰ বৰ্তমানৰ বাণিজ্যিকত বিদ্যুৎ মাচুলৰ নিৰিখ:
- প্ৰতি ইউনিটত ৯.১৯ টকা
বৰ্তমানৰ নিৰিখৰ তুলনাত এপিডিচিএল প্ৰস্তাৱিত নতুন ব্যৱস্থাত নিৰ্ধাৰণ কৰা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১২ বজালৈ ঘৰুৱা বিদ্যুতৰ প্ৰতি ইউনিটত ৯.৬২ টকা যে যথেষ্ট সেয়া তথ্যই প্ৰতিপন্ন কৰে ।
ঘৰুৱা সংযোগৰ বিদ্যুতৰ মাচুল প্ৰস্তাৱ:

- পিক্ আৱাৰ শ্লেব : আবেলি ৫ বজাৰ পৰা নিশা ১২ বজালৈ প্ৰতি ইউনিটত ৯.৬২ টকাৰ প্ৰস্তাৱ
- নাইট শ্লেব : নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰতি ইউনিটত মাচুল ৮.৯৪ টকা নিৰিখৰ প্ৰস্তাৱ
- ছ'লাৰ শ্লেব : পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ দিনৰ ভাগত বিদ্যুতৰ মাচুল ৬.৯৯ টকাকৈ নিৰিখ নির্ধাৰণৰ প্ৰস্তাৱ
ওপৰৰ নিৰিখত মাচুল দি ৩০ কিলোৱাটতকৈ কম পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰা সকলেহে বিদ্যুৎ ক্ৰয় কৰিব পাৰিব ৷ আনহাতে শক্তি বিভাগে ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ঘৰুৱা সংযোগত বিদ্যুতৰ ফিক্সড চার্জ ক্ৰমে ৪০ আৰু ৭০ টকা নির্ধাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে নিয়ামক আয়োগলৈ ।
আনহাতে, ৩০ কিলোৱাটতকৈ বেছি বিদ্যুৎ ব্যয় কৰা ঘৰুৱা সংযোগৰ গ্ৰাহক সকলৰ বাবে তিনিওটা শ্লেবত মাচুলৰ সুকীয়া নিৰিখ প্ৰস্তাৱ কৰিছে এপিডিচিএলে । ৩০ কিলোৱাটতকৈ বেছি বিদ্যুৎ ব্যৱহাৰ কৰা সকলৰ বাবে এপিডিচিএলে টকাৰ নিৰিখ প্ৰস্তাৱ কৰিছে এনেদৰে -

- নাইট শ্লেবত প্ৰতি ইউনিটত ৯.০৯ টকা
- ছ'লাৰ শ্লেবত প্ৰতি ইউনিটত ৭.১১ টকা
- পিক্ আৱাৰত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৭৭ টকা
বাণিজ্যিক সংযোগৰ নতুন বিদ্যুৎ মাচুলৰ প্ৰস্তাৱ:

- নাইট শ্লেব : প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৩৯ টকা
- ছ'লাৰ শ্লেব : প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৭.৩৫ টকা আৰু
- পিক্ আৱাৰ শ্লেব : প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৬২ টকা
বাণিজ্যিক সংযোগৰ ফিক্সড চার্জ ১৫০ টকা নির্ধাৰণ কৰি প্ৰস্তাৱ কৰা হৈছে ।
ব’হাগত হ’ব নতুন নিৰিখ !
যদিহে অসম ৰাজ্যিক বিদ্যুৎ নিৰামক আয়োগে ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ এপিডিচিএলৰ এই প্ৰস্তাৱত অনুমোদন জনায়, তেন্তে এইবাৰ বহাগ বিহুৰ বতৰতে ৰাইজে ভৰিব লাগিব নতুন নিৰিখৰ বিদ্যুৎ মাচুল ৷ কাৰণ এপিডিচিএলৰ প্ৰস্তাৱত নতুন বিত্তীয় বৰ্ষৰ পৰা, অৰ্থাৎ অহা এক এপ্ৰিলৰ পৰা এই নতুন নিৰিখ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আগৱঢ়োৱা হৈছে ।
উল্লেখ্য যে, বিদ্যুৎ নিয়ামক আয়োগলৈ দিয়া এই প্ৰস্তাৱত এপিডিচিএলে তিনিওটা শ্লেবতে ৰাজহুৱাখণ্ডৰ পানী যোগান, শিক্ষাখণ্ড, গুৰু উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, চাহ, কফি, ৰবৰ উদ্যোগ, জলসিঞ্চন, ইলেকট্ৰিক বাহন চাৰ্জ কৰা আদিৰ ক্ষেত্ৰত সুকীয়া সুকীয়া মাচুলৰ নিৰিখ নিৰ্ধাৰণ কৰি প্ৰস্তাৱ আগবঢ়াইছে ।
ৰাজ্যৰ শক্তিমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :
শক্তি বিভাগৰ বিদ্যুৎ নিয়ামক আয়োগলৈ তিনিটা স্তৰত মাচুল নিৰ্ধাৰণৰ প্ৰস্তাৱৰ বাতৰি সংবাদ মাধ্যমযোগে ৰাজ্যজুৰি বিয়পি পৰাৰ পিছত সাংবাদিকৰ প্ৰশ্নত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অস্বীকাৰ কৰিছে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে ।
মন্ত্ৰী ফুকনৰ মন্তব্য, “অসমবাসীক জনাব খুজিছো যে অসমত কোনো ধৰণৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হোৱা নাই । তেনেকুৱা কোনো ধৰণৰ প্ৰস্তাৱ এতিয়ালৈকে লোৱা নাই । মাননীয় মুখ্যমন্ত্ৰী এতিয়া বাহিৰত আছে ৷ এই বিষয়টো লৈ কোনো ধৰণৰ চৰ্চা হোৱা নাই । ভৱিষ্যতে যদি হয় আপোনালোকে গম পাবই নিশ্চয় । মই শক্তিমন্ত্ৰী হিচাবে কৈছো বিদ্যুৎ মাচুল বৃদ্ধিৰ কোনো ধৰণৰ সভা-সমিতি বা চৰ্চা এতিয়ালৈকে হোৱা নাই ৷”
যদিহে অসম বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলৰ নতুন মাচুল সংগ্ৰহত অনুমোদন জনায় স্বাভাৱিকতেই ব’হাগত দাম বৃদ্ধি হ’ব বিদ্যুতৰ । সেয়ে, শক্তিমন্ত্ৰীয়ে দাবী কৰাৰ দৰে যদিহে সঁচাকৈয়ে চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি নকৰে তেন্তে সেয়া হ’ব অসমবাসীৰ বাবে সুখবৰ ৷