মৃণাল শইকীয়াৰ দেওবৰীয়া পাঠশালাত নেপালৰ অধ্যাপিকা নিৰু কাৰ্কী - Environmental Awareness
MLA Mrinal Saikia initiatives : বিধায়ক মৃণাল শইকীয়াৰ পাঠশালাত পাঠদান কৰিলে নেপালৰ অধ্যাপিকাই ৷ মৃণাল শইকীয়াৰ উদ্যোগক ভূয়সী প্ৰশংসা অধ্যাপিকাগৰাকীৰ ৷ ছাত্ৰ-ছাত্ৰীক দিলে জীৱনৰ বহু গুৰুত্বপূৰ্ণ পাঠ ৷ ক’লে নেপাল আৰু অসমৰ সাদৃশ্যৰ কথা ৷

Published : September 29, 2024 at 5:35 PM IST
গোলাঘাট, ২৯ ছেপ্টেম্বৰ : খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই নিজা বাসগৃহত ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ বিষয়ে অধ্যয়নৰ লগতে সজাগতা বৃদ্ধিৰ বাবে প্ৰতি দেওবাৰে অনুষ্ঠিত কৰি আহিছে দেওবৰীয়া পাঠশালা ৷ এই পাঠশালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশকৰ্মী তথা বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়ে বিভিন্নধৰণে জ্ঞান প্ৰদান কৰি আহিছে ।
বিধায়কগৰাকীৰ এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই প্ৰতি দেওবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলে এই পাঠশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ঠিক তেনেদৰে আজি অনুষ্ঠিত কৰা পাঠশালাত শিক্ষক হিচাপে উপস্থিত থাকে কাঠমাণ্ডুৰ ত্ৰিভূবন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নিৰু কাৰ্কী । তেখেতে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা দিয়া মানসিক চিন্তাৰ সন্দৰ্ভত পাঠদান কৰে ।
উক্ত পাঠশালাত পাঠদান কৰি অধ্যাপিকা নিৰু কাৰ্কীয়ে কয়, ‘‘খুব আকৰ্ষণীয় হৈছে আজিৰ পাঠদান । মই নেপালত মোৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰ পৰা পৰিৱেশ আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় কিছু কথা ছাত্ৰ-ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছোঁ । ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আৰু ব্যক্তিগত জীৱনত বিভিন্নধৰণৰ মানসিক চাপ বৃদ্ধি পায় আৰু তাৰ পৰা কিছু পৰিমাণে সকাহ দিবলৈ মই কিছুমান সৰু সৰু পৰামৰ্শ আগবঢ়ালোঁ । নেপাল আৰু ভাৰতবৰ্ষৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰায় একেই আৰু তাত যুৱ প্ৰজন্মৰ ভুমিকা কি হ'ব লাগে সেই বিষয়ে কিছু আলোচনা কৰা হয় ।’’
আনহাতে বিধায়ক মৃণাল শইকীয়াই লোৱা এনে ব্যতিক্ৰমী পদক্ষেপক তেখেতে আদৰণি জনায় । নিজৰ বাসগৃহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত এনেদৰে সজাগতা বৃদ্ধিৰ কাম কৰাটো নিশ্চিতভাৱে ভাল লক্ষণ বুলি তেওঁ মন্তব্য কৰে ।
আনহাতে এই পাঠশালা সম্পৰ্কে বিধায়ক মৃণাল শইকীয়াই কয়, ‘‘বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মানসিক চাপৰ বাবে বহু অঘটন সংঘটিত হৈ আহিছে ৷ তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগত অধ্যাপিকা নিৰু কাৰ্কীয়ে বিস্তাৰিত আলোচনা কৰে ৷ পৰিৱেশৰ লগতে মানসিক চাপৰ বাবে কিছু কিছু ছাত্ৰ-ছাত্ৰীয়ে আজিকালি আত্মহত্যাৰ পথ বাচি লৈছে ৷ সেই বিষয়ে তেখেতে কেনেকৈ মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে এই ছাত্ৰ-ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছে ৷’’
ইয়াৰ উপৰিও এই পাঠশালাত অংশগ্ৰহণ কৰি এগৰাকী ছাত্ৰীয়ে কয়, ‘‘পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে আৰম্ভ কৰা এই পাঠশালাত অংশগ্ৰহণ কৰি বহু অভিজ্ঞতা লাভ কৰিছোঁ ৷ চলিত বৰ্ষত প্ৰায় ১০ কোটিৰো অধিক গছ-গছনি উন্নয়নৰ নামত কাটি পেলোৱা হৈছে গতিকে আমি কেনেকৈ পৰিবেশ ৰক্ষা কৰিব পাৰোঁ কেনেকৈ গছপুলি ৰোপণ কৰিব লাগে এই সমগ্ৰ বিষয়ে আমি বহু কথা জানিব পাৰিছো ৷’’
আজিৰ এই পাঠশালাত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু মেলামৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে বুলি বিধায়ক মৃণাল শইকীয়াই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ৰহা টোলগেটৰ টোল সংগ্ৰহ বাতিল কৰক: কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীলৈ আহ্বান বিজেপি বিধায়কৰ
কাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ’বলৈ ক’লে মৃণাল শইকীয়াই ?

