গুৱাহাটী: বিশিষ্ট সাহিত্যিক তথা অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীৰ দেহাৱসান । মঙলবাৰে পুৱা ৮.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত লখিমী পথৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰা সাহিত্যিকগৰাকী দীৰ্ঘদিনে হৃদৰোগ আৰু কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৷ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সাহিত্যিকগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় । পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল প্ৰয়াত ভৱানী প্ৰসাদ অধিকাৰী ।
উল্লেখ্য যে ১৯৪৩ চনত নলবাৰী জিলাৰ টিহুৰ মাখিবাহাত জন্মগ্ৰহণ কৰা ভৱানী প্ৰসাদ অধিকাৰীয়ে ভাষা-ভাষাতত্ত্বকে ধৰি গৱেষণাধৰ্মী আৰু সমালোচনামূলক প্ৰবন্ধকাৰৰূপে খ্যাতি লাভ কৰিছিল ।
আনহাতে, মননশীল, চুটিগল্প, কবিতা, গীতৰ উপৰিও অধিকাৰীয়ে নাট্য চৰ্চাও কৰি আহিছিল । ভৱানী প্ৰসাদ অধিকাৰীয়ে ভালেমান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে । সাম্প্ৰতিক কালৰ অসমৰ আগশাৰীৰ প্ৰায়বোৰ বাতৰি কাকত, আলোচনীৰ তেওঁ আছিল নিয়মীয়া লেখক ।
লগতে অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন প্ৰকাশন সচিব আছিল ভৱানী প্ৰসাদ অধিকাৰী । বিশিষ্ট সাহিত্যিক তথা সমালোচক ভৱানী প্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাই ২০২১ বৰ্ষৰ সাহিত্য বঁটা আগবঢ়াইছিল । তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে দল-সংগঠনসমূহে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে অধিকাৰীৰ মৃত্যু সন্দৰ্ভত সামাজিক মাধ্যমত এনেদৰে উল্লেখ কৰিছে, "ৰাজ্যৰ এগৰাকী স্বনামধন্য ব্যক্তি, বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীৰ দেহাৱসানৰ খবৰটি শুনি অতি মৰ্মাহত হৈছো ৷ অসমীয়া ভাষাতত্ত্বমূলক, বহু গৱেষণামূলক আৰু সমালোচনামূলক প্ৰবন্ধ, গল্প, কবিতা, গীত আদি ৰচনাৰে অসমীয়া সাহিত্যৰ সমৃদ্ধিত অনবদ্য অৱদান আগবঢ়োৱা অধিকাৰীৰ বিয়োগ আমাৰ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ এই কৰুণ মুহূৰ্তত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো ৷ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালটিলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷"
সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ এক শোকবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব ভৱানী প্ৰসাদ অধিকাৰীৰ বিয়োগৰ খবৰে আমাক মৰ্মাহত কৰিছে ৷ পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অধিকাৰীয়ে অসমীয়া ভাষাতত্ত্বৰ বহু গৱেষণাধৰ্মী আৰু সমালোচনামূলক প্ৰবন্ধৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে । চুটিগল্প, কবিতা, গীত ৰচনাৰ উপৰি নাট্য চৰ্চাৰেও অসমীয়া ভাষা-সাহিত্যক চহকী কৰা ভৱানী প্ৰসাদ অধিকাৰী বিয়োগ অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি ৷ আমি সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ৷ সৃষ্টিৰাজিৰ মাজেৰে তেখেত অসমবাসীৰ মাজত স্মৰণীয় হৈ থাকিব ।"

আনহাতে, বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিত, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব, সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত এখন শোকসভাত অধিকাৰীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰা হয় ৷

উল্লেখ্য যে, ২০০৯ চনত তেওঁ অসম সাহিত্য সভাৰ প্ৰকাশন সমিতিৰ সচিবৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল । গুৱাহাটীৰ হাতীগাঁও নিবাসী অধিকাৰীৰ বাসগৃহত সভাৰ এটি সঁজাতি দল ক্ৰমে সম্পাদক ড৹ সঞ্জীৱ কুমাৰ শৰ্মা, কৰ্ণধাৰৰ সদস্যদ্বয় ধীৰেন শৰ্মা, কন্দৰ্প কুমাৰ শৰ্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সাহিত্যকৰ্মী কমল কলিতা আৰু বাবুল ৰাজবংশী উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
বিয়লি ৩ বজাত সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ত তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়, গুৱাহাটী আঞ্চলিক কাৰ্যালয়, ধুবুৰী আঞ্চলিক কাৰ্যালয়, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়কে ধৰি অন্য আঞ্চলিক কাৰ্যালয়সমূহতো পতাকা অৰ্ধনমিত কৰি শোকসভা অনুষ্ঠিত কৰা হয় । ইফালে গুৱাহাটী নৱগ্ৰহ শ্মশানত সাহিত্যিকগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ।
লগতে পঢ়ক: ক'ত কেনেদৰে আছে মণিৰাম দেৱানৰ সমাধি ? - MANIRAM DEWAN