ETV Bharat / state

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ বাবে ভাল খবৰ

এইমছৰ দৰেই অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক তথা বিষয়াসকলেও সা-সুবিধা লাভ কৰিব । কেবিনেটত লোৱা হৈছে কেইবাটাও সিদ্ধান্ত ।

Assam Cabinet Decision
চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ বাবে ভাল খবৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 7:08 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে লাভ কৰিব এইমছৰ সমপৰ্যায়ৰ সা-সুবিধা । চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক আৰু বিষয়াসকলৰ বাবে গ্ৰহণ কৰা এই নীতিয়ে অসমৰ প্ৰতিভাশালী চিকিৎসকসকলক অসমতে ৰখাৰ উদ্দেশ্যেৰে অসম চৰকাৰে আগবঢ়াইছে এইমছৰ সম-পৰ্যায়ৰ সা-সুবিধা । অসম চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক-অধ্যাপিকাৰ চাকৰিৰ প্ৰতি চিকিৎসকসকলক আকৰ্ষিত কৰিবৰ বাবে অধিক সা-সুবিধাৰ নীতিত অসম চৰকাৰৰ কেবিনেটে দেওবাৰে জনালে অনুমোদন ।

অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ চিকিৎসকৰ সা-সুবিধা প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেট বৈঠকৰ পিছতেই এই প্ৰসংগত এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে কয়,"আজিৰ অসম কেবিনেট বৈঠকত আমি নিশ্চিত কেৰিয়াৰ প্ৰগতি, শৈক্ষিক সমৰ্থন আদিৰ জৰিয়তে আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক আৰু বিষয়াসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । এইমছৰ দ্বাৰা আগবঢ়োৱা নীতিৰ সৈতে সম-পৰ্যায়ৰ নীতিসমূহে অসমৰ প্ৰতিভাসমূহক ৰাজ্যতে বৰ্তাই ৰখাত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব ৷"

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ বাবে ভাল খবৰ (ETV Bharat)

কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে লাভ কৰিবলগীয়া সুবিধাসমূহ :

১. যেতিয়া মেডিকেল কলেজৰ এগৰাকী ৰেজিষ্টাৰ বা অধ্যাপক হিচাপে এজন চিকিৎসকে যোগদান কৰিব ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক এখন গাড়ীৰ ব্যৱস্থা কৰি দিব । মূলটো দৰমহাৰ পৰা কটা হ'ব যদিও সূত ৰাজ্য চৰকাৰে বহন কৰিব ।

২. ইয়াৰ উপৰিও অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক-অধ্যাপিকাসকলৰ বাবে এচিউৰড কেৰিয়াৰ প্ৰমোচন স্কীম এটাতো অনুমোদন জনায় ৰাজ্যিক কেবিনেটে ।

৩. মেডিকেল কলেজৰ চিকিৎসকসকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত দুখনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন দিব ৷ লগতে তেওঁলোকৰ অহা-যোৱা খৰচৰ লগতে হোটেলত থকাৰ খৰচো ৰাজ্য চৰকাৰে উভতাই দিব ৷

৪. একেদৰে প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এছিয়াৰ যিকোনো এখন দেশত চেমিনাৰত অংশগ্ৰহণ কৰিবলৈ যাবলৈ সুবিধা পাব । তাৰো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব ৷

৫. প্ৰতি তিনি বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত যদি শৈক্ষিক চেমিনাৰত অংশগ্ৰহণ কৰিবলৈ যায় তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয়,"এইখিনি সুবিধা এইমছত আছিল । কিন্তু অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত নাছিল । এই সা-সুবিধাসমূহ লাভ কৰাৰ পিছত অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ চাকৰিৰ সা-সুবিধাসমূহ এইমছৰ সম-পৰ্যায়ত লাভ কৰিব ।

উল্লেখ্য যে বৰ্তমান অসমত মুঠ ১৩ খন আংশিক আৰু সম্পূৰ্ণ কাৰ্যক্ষম চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে । অসমৰ স্বাস্থ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য মতে চিকিৎসা মহাবিদ্যালয়সমূহত এমবিবিএছ পাঠ্যক্ৰমত উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পাইছে যদিও প্ৰত্যেকখন মহাবিদ্যালয়তে বিশেষজ্ঞ চিকিৎসক আৰু অধ্যাপক-অধ্যাপিকাৰ অভাৱৰ বিষয়টোৱে চৰকাৰক অসুবিধাত পেলাই আহিছে ।

ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যত চিকিৎসকৰ যথেষ্ট অভাৱ আছে ৷ ২০১৯ৰ পৰা ২০২৪ লৈ ৰাজ্যখনত ৫ বছৰত চৰকাৰী চাকৰি এৰিলে ১৭৪ গৰাকী চিকিৎসকে ৷ ইয়াৰ ভিতৰত ৯৮ গৰাকী চিকিৎসকে স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ৭৬ গৰাকী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰিছে ৷ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত ২০২১ৰ পৰা ২০২৩ চনলৈ ৬৪ গৰাকী চিকিৎসকে পদত্যাগ কৰিছে ।

লগতে পঢ়ক :এছ জয়শংকৰ নেতৃত্বত অসমত উপস্থিত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল - ADVANTAGE ASSAM 2