ETV Bharat / state

সাঁচিপাত আচলতে কি ? কিহেৰে প্ৰস্তুত কৰা হৈছিল সাঁচিপাতত ব্যৱহৃত চিয়াঁহী ? - SANCHIPAT MAKING PROCESS

কাগজ ব্যৱহাৰৰ পূৰ্বে সাঁচিপাতত লিখা মেলা কৰা হৈছিল । সেই সাঁচিপাতৰ পুথিবোৰ আজিও সংৰক্ষণ কৰি ৰখা হৈছে । সাংবাদিক জীৱন গোস্বামীৰ এক বিশেষ প্ৰতিবেদন ।

Sanchipat making process
পৌৰাণিক সাঁচিপাতৰ ইতিহাস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 5:28 PM IST

4 Min Read

লখিমপুৰ: তাহানিৰ দিনত কাগজৰ আৱিষ্কাৰৰ পূৰ্বেই অসম তথা বিভিন্ন স্থানত সাঁচিপাতত লিখা মেলা কৰা হৈছিল । আজিও অক্ষত অৱস্থাত আছে তেনে পুথি তথা সম্পদসমূহ । কেনেদৰে প্ৰস্তুত কৰা হৈছিল সাঁচিপাতৰ পুথি বা তাত ব্যৱহৃত চিয়াঁহী বা লেখন সামগ্রী ।

অসমৰ অন্যতম এক প্ৰাচীন সম্পদ হৈছে সাঁচিপাতৰ পুথি । আধুনিক কালত ব্যৱহৃত কাগজৰ আৱিষ্কাৰ হোৱাৰ আগতেই অসমত গছৰ ছালত পুথি-পাজি লিখাৰ ধাৰা আৰম্ভ হৈছিল । সেই পুথি-পাজিসমূহক সাঁচিপাতৰ পুথি বুলিও জনা গৈছিল । শতিকাৰ পাছত শতিকা ধৰি অক্ষত হৈ ৰোৱা সেই সাঁচিপাতৰ পুথি-পাজিসমূহ একাংশ পৰিয়ালত নাইবা সত্ৰ আদিত সংৰক্ষিত হৈ আছে ।

পৌৰাণিক সাঁচিপাতৰ ইতিহাস (ETV Bharat)

সাঁচিপাতৰ পুথি কেনেদৰে প্ৰস্তুত হৈছিল ?

সাঁচিপাতৰ পুথি কেনেকৈ প্ৰস্তুত কৰি লিখা হৈছিল তাৰ কৌশলগত কাম-কাজসমূহ এক প্ৰকাৰ আচৰিত । কিয়নো তাহানিৰ দিনত সাঁচিপাতৰ উপৰিও লিখিবলৈ যেনেদৰে চিয়াঁহী প্ৰস্তুত কৰা হৈছিল সেয়া সঁচাকৈয়ে চিন্তা কৰিবলগীয়া । সত্ৰসমূহৰ উপৰিও বহু পৰিয়ালে সযতনে ৰাখি থৈছে সাঁচিপাতৰ পুথি । পৰিয়ালবোৰে সেয়া তেওঁলোকৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ স্মৃতি হিচাপে সংৰক্ষণ কৰি ৰাখিছে । লখিমপুৰ নগৰৰ সমীপৰ বোৱালগুৰিৰ নৃপেন ফুকনৰ পৰিয়ালটোৱেও সংৰক্ষণ কৰি ৰাখিছে তেনে সাঁচিপাতৰ পুথি ।

সাঁচিপাতৰ পুথি প্ৰস্তুত প্ৰণালী সম্পৰ্কে তেওঁ দেউতাক বা ককাকৰ পৰা শুনা মতে, "সাঁচিপাতৰ পুথি প্ৰচলন হোৱাৰ আগতে ভোজপত্ৰ বা ভূজপাত নামৰ গছৰ ছালত লিখা মেলা কৰা হৈছিল । পিছে ভূজপাত বৰ পাতল আৰু তাৰ স্থায়িত্ব একেবাৰে কম । সেয়ে সাঁচিপাতৰ প্ৰচলন আৰম্ভ হয় । সাঁচি বা অগৰু চন্দন গছৰ ছালৰ পৰা সাঁচিপাতৰ পুথি প্ৰস্তুত কৰা হ'লেও তাৰ সমানে চোম, গমাৰি আদি গছৰ ছালৰ পৰাও পুথি প্ৰস্তুত কৰা হৈছিল । এই সকলোবোৰক সাঁচিপাতৰ পুথি বুলি কোৱা হৈছিল ।"

Sanchipat making process
পৌৰাণিক সাঁচিপাত (ETV Bharat)

তেওঁ লগতে কয়, "তেনে গছৰ ছাল এৰুৱাই আনি চাচন সামগ্ৰীৰ দ্বাৰা পলিচ কৰা হৈছিল । পাতল কৰাৰ পাছত হালধি, নিমপাত, ধপাত, দালচেনি আদি বিভিন্ন সামগ্রী দি সেই পাতল ছালসমূহ সিজোৱা হৈছিল । তাৰ পিছত জাপ কৰি তলে ওপৰে হেঁচা দি শুকাবলৈ দিয়া হয় । শুকোৱাৰ পাছত তেনে ছাল জাৰণ শিলেৰে ঘঁহা হয় । ঘিলাৰেও ঘঁহা হয় । এনেদৰে ঘঁহি নিমজ কৰা হয় ছালসমূহ । পৰৱৰ্তী সময়ত নিৰ্দিষ্ট জোখত সেইবোৰ কাটি লিখাৰ উপযোগী কৰি লোৱা হয় ।"

সাঁচিপাতত কি চিয়াঁহীৰে লিখা হৈছিল ?

লিখাৰ সামগ্রীৰ বিবৰণ দি নৃপেন ফুকনে কয়, "সাঁচিপাত প্ৰস্তুত হোৱাৰ পিছত লিখাৰ সামগ্রী প্ৰস্তুত কৰা হয় । তাহানিৰ মহী আৰু পৰৱৰ্তী সময়ত চিয়াঁহী বুলি জনাজাত লিখাৰ সামগ্রীও থলুৱাভাৱেই প্ৰস্তুত কৰা হৈছিল । গো-মূত্র আছিল প্ৰধান আধাৰ । গো-মূত্রত ভীমৰাজ, টিকনি বৰুৱা লতাৰ আলু, আমলখি, শিলিখা, জামু আদি বিভিন্ন গছ-লতিকাৰ ছাল, পাত, আলু আদি সিজোৱা হৈছিল । সেইখিনি ঘনীভূত হ'লে লিখাৰ বাবে উপযোগী হৈ উঠে । বিভিন্ন ৰঙৰ বাবে বিভিন্ন গছ-লতিকা ব্যবহাৰ কৰাৰ উপৰিও সুগন্ধৰ বাবে গন্ধসৰৈ, দালচেনি, তেজপাত, নাৰ্জি ফুলৰ পাত আদি মিহলাই দিয়া হৈছিল । সাঁচিপাত আৰু মহী প্ৰস্তুত হোৱাৰ পিছত কেতিয়াবা ধাতুৰ নিব, কেতিয়াবা বৰ চৰাইৰ পাখি আৰু পুৰঠ ঢেকীয়াৰ ঠাৰি কলম হিচাপে ব্যৱহাৰ কৰা হৈছিল ।"

Sanchipat making process
পৌৰাণিক সাঁচিপাত (ETV Bharat)

বৰ চৰাইৰ ভিতৰত চিলনী, শগুন, কুৰুৱা আদিৰ পাখি মূলতঃ ব্যবহাৰ হোৱা বুলি তেওঁ কয় । তেওঁ লগতে কয় যে হেঙুল হাইতাল আদিও সাঁচিপাতৰ পুথিত ব্যৱহাৰ কৰা হৈছিল । সাঁচিপাতৰ পুথি প্ৰস্তুত কৰাৰ কামটো সকলোৱে নহয়, মূলতঃ কাকতি উপাধিৰ সকলে কৰিছিল বুলি তেওঁ কয় । তেওঁৰ পৰিয়ালত সংৰক্ষিত হৈ থকা দশম আৰু ঘোষাখন গুৰু দুজনাৰ দিনৰে বুলি সন্দেহ প্ৰকাশ কৰে । উল্লেখ্য যে শতিকাৰ পাছত শতিকা ধৰি নষ্ট নোহোৱাকৈ থকা সাঁচিপাতৰ পুথিসমূহ অসমৰ অতীতৰ এক গৌৰৱৰ ধাৰা । সাঁচিপাতৰ পুথিয়ে তাহানিৰ দিনৰ লোকসকলৰ বিচক্ষণতাৰ লগতে বৈজ্ঞানিক মানসিকতাৰ জ্বলন্ত স্বাক্ষৰ আজিও উজ্জ্বল কৰি ৰাখিছে । এনে পৌৰাণিক সম্পদসমূহ সংৰক্ষণ কৰি ৰখা কিছু পৰিয়াল বা সত্ৰানুষ্ঠানসমূহৰ বাবেই নহয়, এনে সম্পদ সমগ্র অসমীয়া জাতিৰ বাবেই এক গৌৰৱ ।

লগতে পঢ়ক :দালাই লামাৰ ভাৰতত প্ৰৱেশৰ ৬৬ বছৰ: আজিও সাক্ষী হৈ থিয় হৈ আছে খিনজেমানেৰ পবিত্ৰ গছজোপা - KHINZEMANE HOLY TREE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.