ETV Bharat / state

বটদ্ৰৱাৰ বুলড'জাৰ কাণ্ড : ৩ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ - Batadrava Bulldozer Case

Batadrava Bulldozer Case : বটদ্ৰৱাৰ বুলড'জাৰ কাণ্ডত জড়িত তিনি আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ । শপতনামা দাখিলৰ নিৰ্দেশ আদালতৰ ।

Batadrava Bulldozer Case
বটদ্ৰৱা বুলড'জাৰ কাণ্ডত অভিযুক্ত ৩ আৰক্ষী বিষয়া (ETV Bharat Assm)
author img

By ETV Bharat Assamese Team

Published : June 27, 2024 at 4:56 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৭ জুন : প্রায় দুবছৰ পূৰ্বে নগাঁও জিলাৰ বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ ঘৰ বুলড'জাৰ চলাই ভাঙি পেলোৱা কাৰ্যৰ বাবে দোষী হিচাপে চিনাক্ত কৰা তিনিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গৃহ বিভাগে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

Batadrava Bulldozer Case
ত্ৰিদিপ প্রতিম কুম্বাং (ETV Bharat Assam)

তদানীন্তন নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, তদানীন্তন নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিপ প্রতিম কুম্বাঙক গৃহ বিভাগে কৈফিয়ৎ তলৱ কৰিছে । লগতে নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ।

উল্লেখ্য, বৰ্তমান ধ্ৰুৱ বৰা গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ-আৰক্ষী আয়ুক্তৰ (নিৰাপত্তা) দায়িত্বত আছে । আনহাতে, ত্ৰিদিপ প্রতিম কোম্বাং তামুলপুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক আৰু মনোজ ৰাজবংশী সীমান্ত আৰক্ষীৰ পৰিদৰ্শকৰ দায়িত্বক আছে ।

Batadrava Bulldozer Case
মনোজ ৰাজবংশী (ETV Bharat Assam)

উল্লেখ্য যে ২০২২ চনৰ ২১ মে'ত বটদ্ৰৱাত আৰক্ষীয়ে চলোৱা বুলড'জাৰ কাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত ৰাজ্যৰ গৃহ বিভাগে বুধবাৰে মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ কার্ডেক এটেৰ বিচাৰপীঠক এই বিষয়ে জনায় । যোৱা ২২ মে'ত উচ্চ ন্যায়ালয়ে দিয়া নির্দেশৰ ভিত্তিত গৃহ বিভাগৰ অধিবক্তাই আদালতৰ ওচৰত এই তথ্য দাখিল কৰে যদিও আৰক্ষী বিষয়াসকললৈ কৈফিয়ৎ তলৱ আৰু কাৰণ দর্শোৱাৰ জাননী কেতিয়া জাৰি কৰা হৈছে সেই কথা উল্লেখ নকৰাৰ বিষয়টো ‘এমিকাছ কিউৰি'-এ (আদালত নিয়োজিত জ্যেষ্ঠ অধিবক্তা) আঙুলিয়াই দিয়াত বিচাৰপীঠে চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিলৰ আদেশ দিয়ে।

Batadrava Bulldozer Case
ধ্ৰুৱ বৰা (ETV Bharat Assam)

প্ৰণিধানযোগ্য যে আদালতৰ হস্তক্ষেপৰ পিচত ৰাজ্য চৰকাৰে প্রায় দুবছৰ পূৰ্বে নগাঁও জিলাৰ বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ ঘৰ বুলড'জাৰ চলাই ভাঙি পেলোৱা কাৰ্যৰ বাবে দোষী হিচাপে চিনাক্ত কৰাৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি যোশীক লৈ এজনীয়া তদন্ত কমিটী গঠন‌ কৰিছিল । এই তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীয়ে উক্ত তিনিগৰাকীক দোষী সাব্যস্ত কৰা বুলি যোৱা ২০ জুনত গৃহ বিভাগৰ যুটীয়া সচিবক পত্ৰ প্ৰেৰণ কৰিছিল ।

Batadrava Bulldozer Case
আৰক্ষীৰ পত্ৰ (ETV Bharat Assam)

এই পত্ৰখন বুধবাৰে আদালতত দাখিল কৰা হৈছিল । কিন্তু বিচাৰপীঠে চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিলৰ আদেশ দিয়ে । আনহাতে, বটদ্ৰৱা থানাত আৰক্ষীৰ জিম্মাত আৰু আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বুলি অভিযোগ কৰি মৃত ছফিকুল ইছলামৰ পত্নীয়ে ক্ষতিপূৰণ বিচাৰি জনোৱা এখন লেখ আবেদনৰো বৃহস্পতিবাৰে আদালতে শুনানি গ্ৰহণ কৰে । ৰছিদা খাতুন নামৰ মহিলাগৰাকীয়ে কৰা অভিযোগৰ বিপৰীতে গৃহ বিভাগে ছফিকুল ইছলামৰ মৃত্যু আৰক্ষীৰ অত্যাচাৰত হোৱা নাই বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰমাণিত হোৱাৰ কথা আদালতক জনায় । মাদক দ্ৰব্যৰ প্রভাৱত আৰু পূৰ্বৰে পৰা থকা ৰোগত ইছলামৰ মৃত্যু হোৱা বুলি গৃহ বিভাগে আদালতক জনায়।

এই সন্দৰ্ভতো আদালতে চৰকাৰী অধিবক্তাক শপতনামা দাখিলৰ আদেশ দিয়ে । অহা ১ আগষ্টত দুয়োখন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।

উল্লেখ্য যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত লীণা দলে নগাঁও আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল । গতিকে এই ক্ষেত্ৰত এই সকলো ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি লীণা দলেৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিছে যদিও এই ক্ষেত্ৰত তথ্য পোহৰলৈ অহা নাই ।

লগতে পঢ়ক :নগাঁৱত আমছুৰ প্ৰতিবাদ, লাওখোৱা কাণ্ডত জড়িতক শাস্তিৰ দাবী - AAMSU PROTEST IN NAGAON

লগতে পঢ়ক :কংগ্ৰেছ আৰু এক বিশেষ সম্প্ৰদায়ক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Slams Congress