ETV Bharat / state

নগাঁৱৰ ইতিহাস ৰোমন্থন: জিলা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ জিলা প্ৰশাসনৰ

জিলা দিৱস উদযাপনৰ লগত সংগতি ৰাখি আয়োজন বিভিন্ন প্ৰতিযোগিতা ।

NAGAON DISTRICT DAY
ব্যাপক প্ৰস্তুতি নগাঁও জিলা প্ৰশাসনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 10:41 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: বৰ্ণিল ইতিহাসৰ গৌৰৱৰে সমৃদ্ধ নগাঁও জিলাৰ গৌৰৱগাথা ৰোমন্থন কৰাৰ মানসেৰে অসম চৰকাৰৰ নিৰ্দেশক্ৰমে বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৭ মাৰ্চত "নগাঁও জিলা দিৱস" উদযাপন কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন ।

জিলা দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা ১০ বজাত "আমাৰ নগাঁও" শীৰ্ষক বিষয়বস্তুক লৈ এখনি প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এই প্ৰতিযোগিতাত সকলো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব আৰু অংশগ্ৰহণকাৰী প্ৰতিটো দলত সৰ্বাধিক ২ গৰাকীকৈ প্ৰতিযোগী থাকিব পাৰিব ।

এই কুইজ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক ট্ৰফী আৰু মানপত্ৰৰ লগতে ৫০০০ টকা, দ্বিতীয় বিজয়ী প্ৰতিযোগী দলক ট্ৰফী আৰু মানপত্ৰৰ লগত ৩০০০ টকা আৰু তৃতীয় বিজয়ী দলক ট্ৰফী আৰু মানপত্ৰৰ লগত ২০০০ টকা প্ৰদানৰ ব্যৱস্থা কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ।

NAGAON DISTRICT DAY
প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আয়োজন (ETV Bharat Assam)

তদুপৰি জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ ঐতিহ্যবহনকাৰী স্থানসমূহ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক এখনি আলোকচিত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে । ইচ্ছুক প্ৰতিযোগীসকলে উক্ত বিষয়ৰ ওপৰত A3 চাইজৰ এখন ফটো তুলি আৰু ফটো সন্দৰ্ভত ২০০ শব্দৰ ভিতৰত এটি লিখনিও আয়ুক্ত কাৰ্যালয়ৰ ৫ নম্বৰ কক্ষত আৰু ছফট কপি (Soft copy) dcpbranch.nagaon@gmail.com ত ২৬-০৩-২০২৫ তাৰিখৰ দিনৰ ১ বজাৰ ভিতৰত জমা দিবলৈও আহ্বান জনাইছে জিলা প্ৰশাসনে । এই প্ৰতিযোগিতাত সকলো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব । আলোকচিত্ৰ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী প্ৰতিযোগীক ৫০০০ টকা আৰু দ্বিতীয় বিজয়ী প্ৰতিযোগীক ৩০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ।

সন্ধিয়া জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা আগবঢ়োৱা জিলাখনৰ ব্যক্তি-সংগঠনলৈ সম্বৰ্ধনা জ্ঞাপন আৰু অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদানৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ জিলা দিৱস উপলক্ষে আয়োজিত সকলো কাৰ্যসূচীত সমূহ জিলাবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা প্ৰশাসনে আন্তৰিকতাৰে কামনা কৰিছে ।

লগতে পঢ়ক: বিহুৰ দিনাই বাইকখন লৈ ওলাই যাব সমগ্ৰ উত্তৰ-পূব ভ্ৰমণলৈ, বাইক লৈ ৰাছিয়ালৈ যাব পূজাত - BIKE RIDER MEENAKSHI DAS