ETV Bharat / state

বিধানসভাৰ উপাধ্যক্ষক অসাংবিধানিক আচৰণ: শ্বেৰমান-নুৰুললৈ কাৰণ দৰ্শোৱা জাননী

অসম বিধানসভাৰ মজিয়াত বিশেষাধিকাৰ ভংগ হোৱাৰ অভিযোগ । বিধায়ক শ্বেৰমান আলী আহমেদ আৰু নুৰুল হুদালৈ কাৰণ দৰ্শোৱা জাননী বিশেষাধিকাৰ সমিতিৰ ।

ASSAM ASSEMBLY BUDGET SESSION
শ্বেৰমান আলী আহমেদ আৰু নুৰুল হুদা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 8:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সদ্য সমাপ্ত বাজেট অধিৱেশনত বিধানসভাৰ মজিয়াত বিধানসভাৰ উপাধ্যক্ষক অসাংবিধানিক আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিধায়ক শ্বেৰমান আলী আহমেদ আৰু নুৰুল হুদাৰ বিৰুদ্ধে । লগতে তেওঁলোকে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । যাৰ বিৰুদ্ধে আজি (মঙলবাৰ) বিধায়ক শ্বেৰমান আলী আহমেদ আৰু নুৰুল হুদাক বিশেষাধিকাৰ সমিতিয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।

উল্লেখ্য যে, মঙলবাৰে বিধানসভাৰ বিশেষাধিকাৰ সমিতিৰ এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ মূল উদ্দেশ্য আছিল - বিধানসভাত উপাধ্যক্ষক অসাংবিধানিক আচৰণ আৰু অসাংবিধানিক শব্দ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে বিধায়ক শ্বেৰমান আলী আহমেদ আৰু নুৰুল হুদাৰ বিৰুদ্ধে বিচাৰ কৰা । এই বৈঠকত সভাপতিত্ব কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

মনকৰিবলীয়া যে বিধানসভাৰ বিশেষাধিকাৰ সমিতিখন ১২ জনীয়া যদিও আজিৰ এই বৈঠকত ৭ জন‌ বিধায়কহে উপস্থিত আছিল । বিশেষাধিকাৰ সমিতিখনত থকা বিৰোধীৰ পাঁচগৰাকী বিধায়ক বৈঠকত উপস্থিত নাছিল ।

লগতে পঢ়ক : বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণ: উত্তাল বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী

লগতে পঢ়ক : কংগ্রেছ বিধায়কৰ বিৰুদ্ধে বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ ৰাজপথত প্ৰতিবাদ

এই বৈঠকৰ অন্তত বিধানসভাৰ বিশেষাধিকাৰ সমিতিৰ বৈঠকত সভাপতিত্ব কৰা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সাংবাদিকক সম্বোধন কৰি কয়, ‘‘বিধানসভাৰ বিশেষাধিকাৰ সমিতিখন ১২ জনীয়া যদিও আজিৰ বৈঠকত ৭ জন‌ বিধায়কহে উপস্থিত আছিল । সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত বৈঠকখন অনুষ্ঠিত কৰা হৈছে ।‌ বিশেষাধিকাৰ সমিতিখনৰ বৈঠকৰ বাবে সমিতিৰ সকলো সদস্য বিধায়কক খবৰ দিয়া হৈছিল ।’’

তেওঁ কয়, ‘‘বৈঠকৰ সিদ্ধান্ত অনুসৰি দুয়োগৰাকী বিধায়কলৈ বিশেষ জাননী দিয়া হৈছে । লগতে বিধায়কদ্বয়ক আত্মপক্ষ সমৰ্থনৰ সুযোগো দিয়া হৈছে । তেওঁলোকৰ উত্তৰৰ পাছতেই বিশেষাধিকাৰ সমিতিয়ে গ্ৰহণ কৰিব সিদ্ধান্ত । বিধায়ক দুয়োগৰাকীৰে জাননীৰ উত্তৰ পৰ্যালোচনা কৰি সমিতিৰ প্ৰতিবেদন বিধানসভাৰ অধ্যক্ষক অৰ্পণ কৰা হ'ব ।’’

তেওঁ আৰু কয়, ‘‘এই বৈঠকখন প্ৰাথমিক পৰ্যায়ত আছিল । সমিতিয়ে পৰৱৰ্তী সময়ত জাননীৰ উত্তৰ আদিৰ সন্দৰ্ভত পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত‌ গ্ৰহণ কৰিব ।’’

লগতে পঢ়ক : বিধায়কৰ হতাহতি পালেগৈ থানাৰ মজিয়া; হুদাৰ বিৰুদ্ধে মমিনৰ এজাহাৰ দাখিল

লগতে পঢ়ক : কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰি যাতে আকৌ সদনত নহয়: বিজেপি