ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে কি কঠোৰ সিদ্ধান্ত ল'ব চৰকাৰে ?
মৃতদেহ আৰু ৰোগীক টকাৰ বাবে ৰখাই থ'ব নোৱাৰিব । ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে কিয় কঠোৰ মুখ্যমন্ত্রী ?

Published : June 18, 2025 at 8:26 PM IST
গুৱাহাটী : ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে টকা নিদিয়াৰ বাবে আত্মীয়ক মৃতদেহ চমজাই নিদিয়াকৈ থাকিব নোৱাৰিব । সেইদৰে ৰোগীকো টকাৰ বাবে হাস্পতালত থাকিবলৈ বাধ্য কৰাব নোৱাৰিব । ইয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে অসম চৰকাৰ । বুধবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "প্ৰাইভেট নাৰ্চিংহোমসমূহে টকা দিব নোৱৰাৰ বাবে মৃতদেহ মুকলি কৰি দিব নোখোজে । তদুপৰি বহু ৰোগীক টকা দিব নোৱৰা বাবে অতিৰিক্ত দিন নাৰ্চিংহোমত থাকিবলৈ বাধ্য কৰায় । মই স্বাস্থ্যমন্ত্রীক কৈছো যে কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, ১০২ হওঁক বা ১০৩ হওঁক । যি ৰোগীয়ে এনে অসুবিধা পাই তেওঁলোকে সেই কল চেণ্টাৰটোত লগে লগে ফোন কৰি দিব পাৰে আৰু আৰক্ষীয়ে গৈ ৰোগীজনক লৈ আহিব পাৰে । কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখাৰ বা কোনো ৰোগীক টকা দিব নোৱাৰাৰ বাবে ধৰি ৰখাৰ অনুমতি নিদিয়ে । কোনোবাই যদি পইচা দিয়া নাই তেন্তে চুক্তি কৰিব, আদালতত যাব পাৰিব । কিন্তু মানুহজনক ৰাখি থোৱাৰ নিয়ম নাই ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১ত লিখা আছে যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে । আনকি আৰক্ষীয়েও কাৰোবাক ধৰি ৰাখিলে আদালতক জনাব লাগে । প্ৰাইভেট নাৰ্চিংহোমে মানুহক ধৰি ৰাখে আৰু আদালতকো নজনাই আৰু আৰক্ষীকো নজনায় । মাটি-বাৰী বিক্ৰী কৰিবলৈ বাধ্য কৰায় । গতিকে এই বিষয়ে আমি চিন্তা কৰি আছো । এইক্ষেত্রত শীঘ্ৰেই ভাল খবৰ এটা পাব । দুই-এদিনতে কেবিনেটত এই বিষয়ে আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'ম । যাতে নাৰ্চিংহোমত ৰোগী আৰু মৃতদেহ ধৰি ৰাখিব নোৱাৰে । টকা-পইচা লাগিলে অহাৰ আগতে এডভান্স লওঁক, তাত আমাৰ ক'বলগীয়া নাই । মই নাৰ্চিংহোমবোৰক কওঁ যে আপোনালোকে তেনে ৰোগী ৰাখক যিয়ে টকা দিব পাৰিব । দুখীয়া মানুহক ৰোগী হিচাপে নল'ব । পিছত অশান্তি হয় । গতিকে এই ব্যৱস্থাটো ভাল নহয় । যাৰ বাবে আমি এইক্ষেত্রত কঠোৰ সিদ্ধান্ত ল'বলৈ গৈ আছো ।"

