ETV Bharat / state

বিষ্ণু ৰাভাক পদ্মশ্ৰী ! সংগীত নাটক অকাদেমি বঁটা ! বাৰেপাচি ভুল তথ্যৰে পাঠ্যপুথি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিত বিষ্ণু ৰাভাৰ তথ্য বিভ্ৰাটত ক্ষোভ প্ৰকাশ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ । মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান ।

GU Bishnu Rabha controversy
বিষ্ণু ৰাভাৰ তথ্য বিসংগতি সন্দৰ্ভত পৃথ্বীৰাজ ৰাভাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2024 at 4:03 PM IST

|

Updated : December 4, 2024 at 4:08 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয়, পুৰোধা ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভা অকল কলাগুৰু হিচাপেই বিভূষিত হোৱা নাছিল, বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৫৮ চনত সংগীত নাটক অকাদেমি বঁটা আৰু ১৯৬১ চনত পদ্মশ্ৰী বঁটাৰেও বোলে বিভূষিত হৈছিল ! এই কথা শেহতীয়াকৈ লিপিবদ্ধ হৈছে খোদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা 'আধুনিক অসমৰ নিৰ্মাতা' শীৰ্ষক এখন সহায়ক গ্ৰন্থত ।

"তিনি বিদগ্ধ" ক্ৰমে বেদান্ত হাজৰিকা, অসীম দত্ত আৰু অঞ্জলি ডেকাৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনত এই উদ্ভট তথ্য প্ৰকাশৰ পিচত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, এই তথ্য বিভ্ৰাটৰ পিছত বুধবাৰে তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ, বিশিষ্ট নাট্যশিল্পী তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

বিষ্ণু ৰাভাৰ তথ্য বিসংগতি সন্দৰ্ভত পৃথ্বীৰাজ ৰাভাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

শিক্ষাৰ্থীক বিভ্ৰান্ত কৰিব পৰা এই ভুল তথ্য বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা গ্ৰন্থত সন্নিৱিষ্ট হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই এই দিশটোৰ ওপৰত মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান তেওঁ আহ্বান জনায় ।

GU Bishnu Rabha controversy
বিতৰ্কিত গ্ৰন্থখনৰ বিষ্ণু ৰাভাৰ তথ্য বিভ্ৰাট পৃষ্ঠা আৰু বেটুপাত (ETV Bharat Assam)

পৃথ্বীৰাজ ৰাভাই কয়, "বিষয়টো বাতৰিকাকতৰ জৰিয়তে মোৰ দৃষ্টিগোচৰ হৈছে । আমি সাধাৰণতে কওঁ যে আজিৰ ল'ৰা-ছোৱালী ধ্বংস হৈছে । দৰাচলতে ল'ৰা-ছোৱালী ধ্বংস কিয় হৈছে, এই ধৰণৰ কথাৰ বাবে । বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ গ্ৰন্থত এজন ব্যক্তিৰ জীৱনী সন্নিৱিষ্ট কৰি এটা পাঠ্যক্ৰম সংযোগ কৰা হৈছে । তাত যদি এনেধৰণৰ ভুল তথ্য উপলদ্ধ হয় তেনেহ'লে ছাত্ৰ-ছাত্ৰীয়ে কি শিক্ষা লাভ কৰিব ।"

পৃথ্বীৰাজ ৰাভাই পুনৰ কয়, "এনে এটা বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো এজন ব্যক্তিয়ে নকৰে । এটা বিষয় অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ এটা প্ৰচেছৰ দ্বাৰা হয় আৰু যথেষ্ট লোক জড়িত হৈ পৰে । এই সকলোবোৰ পাৰ হৈহে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত পৰে । তেতিয়াহ'লে ইয়াৰ দ্বাৰা ল'ৰা-ছোৱালীৰ মূৰ খোৱা নহ'ব নেকি ?"

তেওঁ আৰু কয়, "বিষ্ণুপ্ৰসাদ ৰাভাই পদ্মশ্ৰী পাইছিল, বিষ্ণুপ্ৰসাদ ৰাভাই ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা পাইছিল ইত্যাদি কথাবোৰ সন্নিৱিষ্ট কৰিছে । কিন্তু বঁটা পালে, পদ্মশ্ৰী পালেহে এজন মানুহ আধুনিক অসম গঢ়া মানুহ হ'ব নেকি ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবে বঁটা পাইছিল নেকি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই কেইটা বঁটা পাইছিল ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লেখনি এটা বাক্যৰ বাবে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে । যদি বিষ্ণুপ্ৰসাদ ৰাভাই পদ্মশ্ৰী পোৱা বুলি ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা পত্ৰ দাখিল কৰিলে কেনেকৈ তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিব । গতিকে এই সকলো বিষয় শুদ্ধকৈ সন্নিৱিষ্ট কৰি প্ৰকাশ কৰিবলৈ আহ্বান জনাইছোঁ ।"

উল্লেখ্য যে শিক্ষাৰ নামত বাৰেপাচি ভুল তথ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত ল'ৰা ধেমালি কৰা এই "তিনি বিদগ্ধ"ই কেনেকৈ অসমৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তিৰ জীৱনপঞ্জীৰ বিকৃত ৰূপ দিবলৈ সাহস কৰিলে বুলি বৌদ্ধিক মহলৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে ।

তাৰ মাজতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আন এগৰাকী শিল্পী পুত্ৰ হেমৰাজ ৰাভায়ো এই সন্দৰ্ভত সামাজিক মাধ্যমত আপলোড কৰা এই ভুল তথ্যৰ গ্ৰন্থৰ বেটুপাতত থকা সম্পাদকৰ নাম আকৌ পৃথক । একে নামৰে এইখন গ্ৰন্থত সম্পাদনাৰ নাম আছে ক্ৰমে ইমৰাণ হুছেইন, ডঃ দীক্ষিতা বুঢ়াগোঁহাই আৰু ডঃ ইব্ৰাহিম আলী মণ্ডল । এইখন গ্ৰন্থৰ ৫৩ নং পৃষ্ঠাত বিষ্ণুপ্ৰসাদ ৰাভা প্ৰসংগত এই বিসংগতিপূৰ্ণ তথ্য সন্নিৱিষ্ট হোৱাত সমগ্ৰ বিষয়টিয়েই এতিয়া ৰহস্যপূৰ্ণ হৈ পৰিছে ।

লগতে পঢ়ক :আইআইটি গুৱাহাটীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সফল সামৰণি
লগতে পঢ়ক :ৰাস্তাৰ শিলগুটি এটাও হৈ উঠে প্ৰাণৱন্ত, নিৰ্জীৱ শিলৰ টুকুৰা জীয়াই উঠাৰ এক কাহিনী
Last Updated : December 4, 2024 at 4:08 PM IST