ETV Bharat / state

সাংসদ দিলীপ শইকীয়ালৈ 'সংসদ ৰত্ন বঁটা', উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ - PARLIAMENT RATNA AWARD

এক বিশেষ সন্মানৰ বাবে মনোনীত সাংসদ দিলীপ শইকীয়া । শইকীয়ালৈ আগবঢ়োৱা হৈছে ‘সংসদ ৰত্ন বঁটা’ ।

Prime Point Foundation has nominated MP Dilip Saikia for the Parliament Ratna Award
সাংসদ দিলীপ শইকীয়ালৈ 'সংসদ ৰত্ন বঁটা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2025 at 10:54 PM IST

2 Min Read

গুৱাহাটী: বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়ালৈ বিশেষ সন্মান । যি সন্মান লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ হিচাপে বিবেচিত হৈছে শইকীয়া । দিলীপ শইকীয়াক ২০২৫ চনৰ ‘সংসদ ৰত্ন বঁটা’ৰ বাবে মনোনীত কৰা হৈছে ।

ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসৰাজ গঙ্গাৰাম অহিৰৰ নেতৃত্বাধীন জুৰীৰ ব'ৰ্ডে দিলীপ শইকীয়াৰ নাম এই বঁটাৰ বাবে মনোনীত কৰে । উল্লেখ্য যে ‘প্ৰাইম পইণ্ট ফাউণ্ডেছন'-এ ২০১০ চনৰ পৰা ‘সংসদ ৰত্ন বঁটা’ প্ৰদান কৰি আহিছে । এই বঁটা লাভ কৰা দিলীপ শইকীয়াই হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ ।

চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৭ গৰাকী সাংসদে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে । ভাৰতৰ সংসদীয় ৰাজনীতিত অতি সভ্ৰান্ত বঁটা হিচাপে পৰিচিত এই ‘সংসদ ৰত্ন বঁটা’ । এই লাভ কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে সাংসদ দিলীপ শইকীয়াক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে ।

উল্লেখ্য যে ১৭ গৰাকী সাংসদৰ লগতে সংসদৰ দুখনকৈ স্থায়ী সমিতিকো এই বঁটাৰ বাবে মনোনীত কৰা হয় । এই সমিতি দুখন হ’ল 'ষ্টেডিং কমিটি অন ফাইনেন্স' আৰু 'ষ্টেডিং কমিটি অন এগ্ৰিকালছাৰ' । আনহাতে এই বঁটাৰ বাবে মনোনীত সাংসদসকল হ’ল ভত্ৰূহৰি মহতব, এন কে প্ৰেমচন্দন, চুপ্ৰিয়া চুলে, শ্ৰীৰংআপ্পা বাৰনে, স্মিতা উদয় ৱাঘ, অৰবিন্দ গনপট স্বাৱন্ত, নৰেশ গনপট মহস্কে, প্ৰফেচাৰ গায়কোৱাড বৰ্ষা একনাথ, ড৹ মেধা বিশ্ৰাম কুলকাৰ্ণী, প্ৰবীণ পেটেল, ৰবীন্দ্ৰ কীষাণ শুক্লা, ড৹ নিশিকান্ত ডুবে, বিদ্যুৎ বৰণ মহাত, পি পি চৌধুৰী, মদন ৰাথৌৰ আৰু চি এন আন্না দুৰাই ।

লগতে পঢ়ক: পঞ্চায়ত নিৰ্বাচনে গৃহহীন কৰিছে এটা পৰিয়ালক ! - PANCHAYAT ELECTION 2025

আই এছ আইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ: মুখ্যমন্ত্ৰী - GAURAV GOGOI ISI CONNECTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.