পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম - price hike in assam
Vegetable price hike: হাতত এজাপ টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেঁপাত কোঙা হৈ পৰিছে গ্ৰাহক ৷

Published : June 12, 2024 at 9:20 PM IST
গুৱাহাটী, ১২ জুন : লোকসভা নিৰ্বাচনৰ পিচৰে পৰা ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি হৈছে বিভিন্ন সামগ্ৰীৰ মূল্য । নিয়ন্ত্ৰিনহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ । ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাচতে এইবাৰ হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম । এতিয়া সাধাৰণ গ্ৰাহকৰ বাবে যেন একো একোটা জলকীয়া, পটল, ভেণ্ডি, বেঙেনাও ক্ৰয় সামৰ্থৰ বাহিৰলৈ গতি কৰিছে ৷
নিৰ্বাচনৰ আগমুহূৰ্তত যিসমূহ শাক-পাচলিৰ দাম প্ৰতিকিলো ২০ ৰ পৰা ৪০ টকা আছিল সেই সমূহ শাক-পাচলিৰ দাম এতিয়া ৮০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। ফলত দুবেলা-দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে ।
গুৱাহাটীৰ কোনখন পাইকাৰী বজাৰত কিমান শাক পাচলিৰ দাম জানো আহক-
গড়চুকৰ পামহী পাইকাৰী বজাৰত আজিৰ দিনটোত শাক-পাচলিৰ মূল্য এনেধৰণৰ -
| পাচলি | প্ৰতিকিলোত মূল্য |
| আলু (বেংগল) | ২৩ টকা |
| পিঁয়াজ | ২৭ টকা |
| বেঙেনা | ২৭ টকা |
| তিঁয়হ | ২২ টকা |
| ৰঙালাউ | ১০ টকা |
| বন্ধাকবি | ১৮ টকা |
| গাজৰ | ৩২ টকা |
| স্কোৱাচ | ২৩ টকা |
| ভেন্দি | ২০ টকা |
| লেচেৰা | ৮০ টকা |
| পটল | ৩৬ টকা |
ফাঁচী বজাৰত পাইকাৰী শাক-পাচলিৰ আজিৰ দিনটোৰ মূল্য
| পাচলি | প্ৰতিকিলোত মূল্য |
| আলু (বেংগল) | ২৭ টকা |
| পিঁয়াজ | ৩২ টকা |
| গাজৰ | ৭০ টকা |
| বীন | ৮০-১০০ টকা |
| বিলাহী | ৪০-৪৫ টকা |
| কেপচিকাম | ১২০ টকা |
| বিট | ৪০-৮০ টকা |
| বেঙেনা | ৬০ টকা |
| তিঁয়হ | ৪০ টকা |
| জিকা | ৩০-৪০ টকা |
| অমিতা | ৪০ টকা |
| ভেন্দি | ২৫-৩০ টকা |
| পটল | ৪০-৫০ টকা |
মহানগৰীৰ বিভিন্ন পাইকাৰী বজাৰত শাক-পাচলিৰ খুচুৰা মূল্য
| পাচলি | প্ৰতিকিলোত মূল্য |
| আলু | ৩৫ টকা |
| পিঁয়াজ | ৪০ টকা |
| বিলাহী | ৬০-৮০ টকা |
| বেঙেনা | ৫০-৮০ টকা |
| অমিতা | ৫০-৬০ টকা |
| জলকীয়া | ১০০-১২০ টকা |
| জিকা | ৭০-৮০ টকা |
| পটল | ৬০-৮০ টকা |
| লেচেৰা | ৬০-৮০ টকা |
| ভাতকেৰেলা | ৭০-১০০ টকা |
| ভেন্দি | ৫০-৮০ টকা |
| ফুলকবি | ৬০-৭০ টকা |
| বন্ধাকবি | ৩০-৫০ টকা |
| মূলা | ৪০-৬০ টকা |
ব্যৱসায়ীসকলৰ মতে বৰষুণৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি হৈছে বুলি জানিবলৈ দিয়ে ৷ যোৱা ১০-১৫ দিনৰ পৰা পাচলিৰ দাম বাঢ়িছে । ফলত লোকেল পাচলি খাৰুপেটীয়া, বৰপেটাৰ পৰা আহিছে বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে । তদুপৰি শ্বিলং, পশ্চিমবংগ, ভূটান আদিৰ পৰা এইকেইদিন শাক-পাচলিৰ অনাৰ বাবে এনেদৰে মূল্যবৃদ্ধি হৈছে বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: বজাৰত মূল্যবৃদ্ধিৰ জুই; যোগান বিভাগত তলা লগাবলৈ চৰকাৰক আহ্বান আছুৰ সভাপতিৰ - Price hike in Assam

