ETV Bharat / state

লকআপত চুৰিকাণ্ডৰ অভিযুক্তৰ চৰম সিদ্ধান্ত, অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকে ল’ব তদন্তৰ দায়িত্ব

যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ সংবাদমেল সম্বোধন ৷ তিনিজনীয়া চিকিৎসকৰ দলৰ উপস্থিতিত হ’ব মৰনোত্তৰ পৰীক্ষা ৷

YOUTH FOUND DEAD IN POLICE LOCK UP
লকআপৰ ভিতৰত চৰম সিদ্ধান্ত লোৱা প্ৰীতম দত্তৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 6:27 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : কেন্দুগুৰি চেঙলী গাঁৱৰ প্ৰীতম দত্ত(২২) নামৰ যুৱকজনে যোৰহাট সদৰ থানাৰ লকআপৰ শৌচাগাৰত কম্বলৰ ৰচীৰে দেওবাৰে পুৱা জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই ঘটনাই অসম আৰক্ষীৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য সৃষ্টি কৰে ৷

সোমবাৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই বিষয়টো সন্দৰ্ভত সদৰ থানাত এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলত জিলা আৰক্ষী অধীক্ষকগৰাকীৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালো উপস্থিত থাকে ।

যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ সংবাদমেল (ETV Bharat Assam)

জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘‘ভোগদৈ আৰক্ষীয়ে শনিবাৰ নিশাৰ ভাগত চুৰিকাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত কেন্দুগুৰি চেঙেলী গাঁৱৰ প্ৰীতম দত্ত(২২)নামৰ যুৱকজনক আটক কৰি 521/2025 U/S-331(4)/305 (A) BNS নম্বৰত এক গোচৰ ৰুজু কৰিছিল । পৰৱৰ্তী সময়ত যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ভোগদৈ আৰক্ষী চকীৰ পৰা যোৰহাট সদৰ থানালৈ পুৱতি নিশা আনি লকআপত ৰখা হয় ৷ সদৰ থানাৰ লকআপতে দেওবাৰে পুৱা প্ৰায় ৭ মান বজাৰ পিছত আৰক্ষীয়ে প্ৰীতমক চাহ খাবলৈ মাতিবলৈ যায় ৷ কিন্তু আৰক্ষীয়ে লকআপৰ ভিতৰত যুৱকজনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷’’

জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই পুনৰ কয়, ‘‘তৎক্ষণাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় ৷ চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।’’

আনহাতে, লকআপৰ ভিতৰত প্ৰীতম দত্তৰ মৃত্যু হোৱাৰ বিৰুদ্ধে ন্যায় বিচাৰি পৰিয়ালৰ লোকে দেওবাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত 534/25 U/S 105 BNS ৰুজু কৰা হৈছে এক গোচৰ ৷ সমান্তৰালকৈ লকআপৰ শৌচাগাৰত যুৱকজনে চৰম পন্থা গ্ৰহণ কৰাৰ সন্দৰ্ভতো 56/2025 নম্বৰত আন এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ কথা ব্যক্ত কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ এই ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত নিৰপেক্ষ কৰাৰ খাতিৰত আগবঢ়াই নিব শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷

JORHAT SP PRESS MEET
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ তদন্তৰ সবিশেষ (ETV Bharat Assam)

সোমবাৰে তিনিজনীয়া এটা চিকিৎসকৰ দলৰ উপস্থিতিত ভিডিঅ’ ৰেকৰ্ডিঙৰ মাজেৰে সম্পন্ন হ’ব প্ৰীতম দত্তৰ মৰণোত্তৰ পৰীক্ষা ৷

তাৎপৰ্যপূৰ্ণ যে, ভোগদৈ আৰক্ষী চকীৰ বিষয়া বৰ্ণালী গোহাঁই যদি প্ৰীতম দত্তৰ মৃত্যুৰ বাবে জগৰীয়া হয়, তেতিয়াহ’লে শাস্তি লাভ কৰাৰ লগতে তদন্তৰ আওতালৈ আহিব পাৰে প্ৰীতম দত্ত লকআপৰ ভিতৰত থকাৰ সময়ত দায়িত্বত থকা যোৰহাট সদৰ থানাৰ আৰক্ষীও ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: লকআপৰ ভিতৰতে চুৰিকাণ্ডৰ অভিযুক্তৰ চৰম সিদ্ধান্ত