ETV Bharat / state

বৰঢেঁকীয়াৰ গা-গছত চুপহি মেলিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিডে

ধেমাজি নগৰৰ নলনিপাম গাঁৱৰ অৰ্কিডৰ সংৰক্ষক, খেতিয়ক টংকেশ্বৰ দলৈয়ে এক অভিনৱ উপায়েৰে আৰম্ভ কৰিছে কপৌ ফুলৰ খেতি ।

Selfreliant With Nursery
বৰঢেঁকীয়াৰ গা-গছত চুপহি মেলিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিডে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 5:27 PM IST

4 Min Read
Choose ETV Bharat

ধেমাজি : বসন্তৰ আগমনৰ লগে লগে লঠঙা গছ-গছনিয়ে কুঁহিপাতেৰে ন-সাজ পিন্ধে । সমান্তৰালভাৱে পৰাশ্ৰয়ী উদ্ভিদ হিচাপে থকা নানা ৰঙৰ অৰ্কিডসমূহ ফুলি সুবাস বিলাবলৈ ধৰিছে ৷

ইতিমধ্যে ইয়াৰ বাবে বিভিন্ন নাৰ্চাৰীত বসন্তত জাতিস্কাৰ কৰা ফুলে চুপহি মেলিবলৈ আৰম্ভ কৰিছে ৷ এতিয়া এই অৰ্কিডৰ সংৰক্ষণৰ বাবে বহুতেই আগুৱাই আহিছে । সংৰক্ষণৰ লগতে ব্য়ৱসায়িক ভিত্তিত আৰম্ভ কৰিছে অৰ্কিডৰ খেতি ।

বৰঢেঁকীয়াৰ গা-গছত চুপহি মেলিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিডে (ETV Bharat Assam)

বসন্তৰ আগমনৰ লগে লগে ধেমাজি জিলাৰ নলনিপামৰ কপৌফুলৰ সংৰক্ষক তথা খেতিয়ক টংকেশ্বৰ দলৈও হৈছে সাজু কপৌৰ মেলাৰ বাবে । নাৰ্চাৰীত শাৰী-শাৰীকৈ কটি থোৱা বৰঢেঁকীয়াৰ গা-গছত চুপহি মেলিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৷ বৰঢেঁকীয়াৰ গা-গছত কিয় আৰু কেনেকৈ অৰ্কিড সংস্থাপন কৰি সংৰক্ষণ কৰিলে এইগৰাকী কৃষকে ?

Selfreliant With Nursery
কপৌফুলৰ সংৰক্ষক টংকেশ্বৰ দলৈ (ETV Bharat Assam)

এইখন নাৰ্চাৰীত পাহাৰৰ বৰঢেঁকীয়া গছত শাৰী-শাৰীকৈ সংস্থাপন কৰা অৰ্কিডসমূহক যিবোৰ দৃষ্টিনন্দন হৈছে ৷ সাধাৰণ লোকৰ দৃষ্টিত সাঁথৰ হৈ ৰোৱা এই পদ্ধতিটো অৱলম্বন কৰি কপৌফুল সংৰক্ষণৰ ব্যৱস্থা কৰিছে কৃষকগৰাকীয়ে ৷ অসম-অৰুণাচল সীমান্তৰ পাহাৰৰ পেলনীয়া ঢেঁকীয়া গছ সংগ্ৰহ কৰি এইদৰে ঘৰত আৰু নাৰ্চাৰীত জমা কৰি লগাইছে কপৌ গোত্ৰীয় ফুলবোৰ ৷ প্ৰয়োজনত বিচাৰিলে অৰ্কিডপ্ৰেমীক বিক্ৰীও কৰি উপাৰ্জন কৰিছে তেওঁ ।

Selfreliant With Nursery
নলনিপামৰ কপৌফুলৰ নাৰ্চাৰী (ETV Bharat Assam)

এইদৰে সংৰক্ষণ কৰিলে কিয় সুবিধা হয় ?

কি কাৰণে এইদৰে সংৰক্ষণ কৰিছে সেই সন্দৰ্ভত ব্য়াখ্য়া কৰি টংকেশ্বৰ দলৈয়ে ই টিভি ভাৰতৰ আগত কয়, "এইদৰে সংৰক্ষণ কৰিলে অতি সুবিধাজনক হয় ৷ বিভিন্ন ঠাইলৈ প্ৰদৰ্শনৰ বাবে লৈ যাব পাৰি । ইয়াৰ বাবে তামোল গছৰ বাৰী নহ’লেও সংৰক্ষণৰ বাবে অতি উত্তম ৷" তেওঁ লগতে কয়, "এইটো প্ৰকৃততে বৰঢেঁকীয়া বুলি কোৱা হয় ৷ ইয়াক অৰুণাচলৰ পাহাৰত পোৱা যায় ৷ ইয়াত অৰ্কিড লগালে ভাল হোৱা বাবে তেনে কৰা হৈছে । ইয়াৰ বয়স প্ৰায় চল্লিশ বছৰো বেছি হ'ব পাৰে ৷ অৰুণাচলীয়ে কাটি পেলাই দিয়া এই গছসমূহ লৈ আহো ৷ জীয়া গছত লগালে অৰ্কিডসমূহ পচি যায়, লগতে প্ৰদৰ্শনীলৈও নিব পৰা নাযায় । কিন্তু ইয়াত লগালে সুবিধাজনক ৷ ইয়াৰ বাবে ক’তো প্ৰশিক্ষণ লোৱা নাই ৷ প্ৰথমে আনি ইয়াৰ গুৰিটো সমানকৈ কাটো আৰু ৰচীৰে বান্ধো ৷ আন গছতকৈ ইয়াত সুবিধাজনক ৷ কাৰণ ঢেঁকীয়াৰ গা-গছত কপৌফুলৰ শিপাডালে ভিতৰলৈকে খামোচ মাৰি ধৰিবলৈ সুবিধা আৰু পানী আৰু শেলাই শোষণ কৰিব পাৰে ৷ প্ৰায় ১০০/১৫০ প্ৰজাতি লগাইছো । মাৰ্চৰ পৰা ফুলিবলৈ আৰম্ভ কৰিব ৷ এতিয়া প্ৰায় চুপহি ল'লেই ৷“

Selfreliant With Nursery
বৰঢেঁকীয়াৰ গা-গছ (ETV Bharat Assam)

ঢেঁকীয়াৰ গা-গছতেই সংৰক্ষণ কৰিব পাৰি অৰ্কিডক :

টংকেশ্বৰ দলৈয়ে আৰু কয়," সাম্প্ৰতিক সময়ত পাহাৰ আৰু ভৈয়ামত গছ-গছনি অবাধে কাটি পেলোৱাৰ ফলত বহুতো অৰ্কিডৰ প্ৰজাতি নোহোৱা হৈ গৈছে । কিন্তু প্ৰকৃতিৰ বস্তুক প্ৰাকৃতিকভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনেও ৷ এইদৰে সংৰক্ষণ কৰা বাবে বহুতে কি বস্তু লগাইছে বুলি মোক প্ৰশ্নও কৰে । বহুতে চাই আৰু কিনিও নিয়ে ৷ ইয়াত লগোৱা কাৰণে ভাল হৈছে । একো গছ নাথাকিলেও ইয়াক লগাব পৰা যায় । নহ’লে টাব অথবা তামোল গছ লাগে ৷ ইয়াত এমাহৰ ভিতৰতে ডাঙৰ কৰিব পাৰি; কিন্তু তামোল গছত নোৱাৰি ৷ অলৈ-তলৈ নিবলৈও ভাল হৈছে ৷ বিশেষকৈ ধেমাজি মহাবিদ্যালয়, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে কপৌফুল সংৰক্ষণৰ ওপৰত নতুন পদ্ধতিৰ বিষয়ে জ্ঞান লাভ কৰি উৎসাহিত হৈছে ৷“

Selfreliant With Nursery
নলনিপামৰ কপৌফুলৰ নাৰ্চাৰী (ETV Bharat Assam)

লগতে পঢ়ক:মন কৰিলেই চন, উন্নতজাতৰ বগৰীয়ে দিছে লাখে লাখে ধন - JUJUBE CULTIVATION IN JONAI

ৰাজপথৰ সংগ্ৰামৰ সমানে কৃষি বিপ্লৱো আনিছে গোলাঘাটৰ দিগন্তই - AGRICULTURE REVOLUTION