ETV Bharat / state

নানাৰঙী অৰ্কিডেৰে ভৰি আছে এইখন অসমৰে এখন মহাবিদ্যালয় - PRESERVATION OF ORCHIDS

ধেমাজিৰ এখন মহাবিদ্যালয়ত আছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১২০ বিধ থলুৱা অৰ্কিড ।

Orchids at Silapathar Science College
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নানাৰঙী অৰ্কিড সংৰক্ষণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 3:24 PM IST

5 Min Read

জোনাই: অসম তথা উত্তৰ পূৰ্বাঞ্চল অৰ্কিডৰ ৰম্যভূমি । কেৱল উত্তৰ পূৰ্বাঞ্চলতেই আঠশৰো অধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায় । কিন্তু অসমৰ জাতীয় ফুল কপৌ আৰু নানাৰঙী অৰ্কিডসমূহ সংৰক্ষণৰ অভাৱত ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ।

ইয়াৰ মাজতেই অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বহুদিনৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে উদ্যোগ গ্ৰহণ কৰি আহিছে । এই মহাবিদ্যালয়খনৰ প্ৰচেষ্টাতেই গঠন হৈছে অৰ্কিড ছ'চাইটি অৱ আছাম ।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নানাৰঙী অৰ্কিড সংৰক্ষণ (ETV Bharat Assam)

এই মহাবিদ্যালয়খনে নিজা উদ্যোগত গঢ়ি তুলিছে অৰ্কিড হাউছ । ইয়াত উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ সকলোবোৰ অৰ্কিড সংগ্ৰহ কৰা হৈছে । অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে গ্ৰহণ কৰা উদ্যোগ সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই কয়, "চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিয়ালে থলুৱা প্ৰজাতিৰ অৰ্কিডসমূহ সংৰক্ষণৰ কাৰণে ২০১৮ চনত অৰ্কিড ঘৰ নিৰ্মাণ কৰি অসমৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ সংৰক্ষণ কৰিবলৈ ব্যৱস্থা কৰে ৷ অৱশ্যে ২০১২ চনৰ পৰাই অৰ্কিড সংৰক্ষণৰ কথা চিন্তা-চৰ্চা কৰিছিল মহাবিদ্যালয় পৰিয়ালে ৷ ২০১৮ চনত অসমৰ বিভিন্ন প্ৰান্তত থকা অৰ্কিডপ্ৰেমীৰ সৈতে সংঘবদ্ধ হৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চৌহদত 'অসম অৰ্কিড ছ'চাইটি ' বা 'অৰ্কিড ছ'চাইটি অৱ আছাম' নামেৰে এটা সংগঠনৰ জন্ম দিয়া হয় ৷ অৰ্থাৎ অৰ্কিড সংৰক্ষণৰ বাস্তৱ ৰূপ লৈছিল ২০১৮ চনত ৷ তেতিয়াৰে পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় বাকৰিত প্ৰতি বছৰে অসম অৰ্কিড ছ'চাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰি অহা হৈছে অৰ্কিড মহোৎসৱ । অসম অৰ্কিড ছ'চাইটিৰ মুখ্য কাৰ্যালয় হৈছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় ৷ "

Orchids at Silapathar Science College
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নানাৰঙী অৰ্কিড সংৰক্ষণ (ETV Bharat Assam)

মহাবিদ্যালয়খনত কিমান বিধ অৰ্কিড সংৰক্ষণ কৰিছে ?

মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, "মহাবিদ্যালয়খনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১২০ বিধ থলুৱা অৰ্কিড আছে ৷ বিশেষকৈ মহাবিদ্যালয় পৰিয়ালে থলুৱা প্ৰজাতিৰ অৰ্কিডৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে ৷ হাইব্ৰীড অৰ্কিড আছে যদিও সেয়া ভবিষ্যতৰ পৰিকল্পনাত আছে ৷" পৰৱৰ্তী সময়ত থলুৱা প্ৰজাতিৰ অৰ্কিডৰ লগতে হাইব্ৰীড প্ৰজাতিৰ অৰ্কিডৰো সংৰক্ষণ কৰা হ'ব বুলি কয় মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ৷

বৰ্তমান অৰ্কিডৰ প্ৰতি ভাবুকি :

বৰ্তমান সময়ত অৰ্কিডৰ প্ৰতি অহা ভাবুকি সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে পুনৰ কয়, "২০১৮ চনৰ আগত অৰ্কিড বুলি ক'লে সৰ্বসাধাৰণ ৰাইজৰ মাজত ইমান জনপ্ৰিয়তা নাছিল ৷ এতিয়া লক্ষ্য কৰিছো অৰ্কিডপ্ৰেমীসকলে যেনেদৰে সংঘবদ্ধ হ'ব লাগিছিল ঠিক তেনেদৰে হোৱা নাই ৷ কিয়নো অৰ্কিডপ্ৰেমীসকলৰ বাবেই অৰ্কিডৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে ৷ থলুৱা অৰ্কিড প্ৰজাতিসমূহে প্ৰকৃতিৰ মাজত থাকিহে ভাল পায় ৷ এই থলুৱা প্ৰজাতিৰ অৰ্কিডৰ প্ৰতি আমাৰ জনসাধাৰণ ইমানেই আকৃষ্ট হৈছে যে তেওঁলোকে কোনোধৰণৰ বাচ-বিচাৰ নকৰাকৈ জধে-মধে বা যিকোনো ঠাইৰ পৰা অৰ্কিডসমূহ পুলিয়ে পোখাই উঘালি আনি নিজৰ ঘৰত সংস্থাপন কৰিব বিচাৰে । এইটো এক অৰ্থত অৰ্কিডৰ প্ৰতি মানুহৰ ভাল পোৱা আৰম্ভ হৈছে ৷ কিন্তু প্ৰকৃতি ধ্বংস কৰি সংৰক্ষণ কৰিলে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা থলুৱা অৰ্কিডসমূহ নিঃশেষ হৈ যাব ৷"

তেওঁ আৰু কয়, "ধেমাজি জিলা তথা জোনাই সমজিলাৰ অন্তৰ্গত একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চল থলুৱা প্ৰজাতিৰ অৰ্কিডৰ বাবে সমৃদ্ধিশালী ৷ ২০১০ চনত পবা বনাঞ্চলৰ ভিতৰত নিজেই গবেষণা কৰিবলৈ সুবিধা লাভ কৰিছিল ৷ তেতিয়া পবা বনাঞ্চলত যথেষ্ট অৰ্কিড আছিল ৷ কিন্তু এতিয়া বিভিন্ন সংবাদমাধ্যম তথা কাকতত প্ৰকাশ কৰা তথ্য অনুসৰি বহু থলুৱা অৰ্কিড ইতিমধ্যে লুপ্ত হৈছে ৷ মানুহে পবা বনাঞ্চলৰ পৰা বস্তাই বস্তাই অৰ্কিড লৈ যোৱাৰ ফলত নিঃশেষ হৈ যোৱাৰ উপক্ৰম হৈছে ৷ ইয়াতে প্ৰমাণ মানুহৰ এফালে অৰ্কিডক ভাল পোৱাৰ নিৰ্দশন আৰু আনফালে মানুহৰ বেপাৰ-বাণিজ্য তথা নিজা ঘৰত ৰোপণৰ উদ্দেশ্যত অৰ্কিডৰ ধ্বংস কৰিছে ৷ মানুহে জধে-মধে সংৰক্ষণ কৰাৰ ফলত অৰ্কিডৰ প্ৰতি ভাকুকি আহিছে সেয়া ধ্ৰুৱ সত্য ৷ ইয়াৰ উপৰি বিস্তৃত হাৰত অৰ্কিডৰ চোৰাং বেহাইও অৰ্কিড বিলুপ্তিত ইন্ধন যোগাইছে ।"

অৰ্কিড সংৰক্ষণৰ বিষয়ে কি ক'লে অধ্যক্ষগৰাকীয়ে :

মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে কয় যে অৰ্কিড অসমৰ জাতীয় ফুল ৷ অৰ্কিড আমাৰ সম্পদ ৷ অৰ্কিডৰ বসতি হৈছে উত্তৰ-পূৰ্বাঞ্চল তথা অসম ৷ প্ৰদূষিত অঞ্চলত অৰ্কিড নাথাকে ৷ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বিশেষকৈ ধেমাজি জিলাত অৰ্কিড সমৃদ্ধিশালী হৈ আছে ৷ ইয়াতেই প্ৰমাণ যে আমাৰ অসমৰ ধেমাজি জিলাখন এতিয়া কিছু পৰিমাণে হ'লেও প্ৰদূষণমুক্ত হৈ আছে ৷ সেয়ে জৈৱ বৈচিত্ৰ চহকী অৰ্কিডসমূহ সংৰক্ষণ কৰিব লাগিব ৷ ইয়াৰ উপৰি মহাবিদ্যালয় চৌহদৰ ভিতৰত থকা গছ-গছনিসমূহত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰকটিয়ে বাহ সাজি এক দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰিছে ৷ আনহাতে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী তথা অধ্যাপক অধ্যাপিকাৰ প্ৰচেষ্টাত ধেমাজি জিলাত উৎপাদিত বিভিন্ন প্ৰজাতিৰ প্ৰায় ২৫১ বিধ ধানৰ নমূনা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক:টংকেশ্বৰ দলৈৰ বাৰীত কপৌফুলে দিছে ব'হাগৰ জাননী - STATE FLOWER OF ASSAM

বিধে বিধে অৰ্কিডৰে ভৰিছে আব্দুল মালিক দেৱানৰ অৰ্কিড ফাৰ্ম - ASSAM ORCHID

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.