ETV Bharat / state

কাজিৰঙাত নতুন আলহী; কেমেৰাত ধৰা পৰিল বিপন্নপ্ৰায় প্ৰজাতিৰ ৰাংকুকুৰৰ উপস্থিতি

ইয়াৰ এটা প্ৰজাতি এছিয়াত আৰু আন এটা আফ্ৰিকাত পোৱা যায় । ই নিজৰ শৰীৰৰ ওজনতকৈ প্ৰায় ৮ গুণ অধিক ওজনৰ চিকাৰ কৰিব পাৰে ।

wild dog in Kaziranga
কেমেৰা ট্ৰেপিঙত ধৰা পৰা ৰাংকুকুৰটোৰ দুটা দৃশ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 3, 2025 at 10:04 PM IST

5 Min Read
Choose ETV Bharat

কাজিৰঙা : কাজিৰঙাৰ কাৰ্বি আংলং ভূখণ্ডত পোৱা গৈছে বিপন্নপ্ৰায় হিচাপে তালিকাভুক্ত ‘ৰাংকুকুৰ’ৰ বিচৰণ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এটা গৱেষকৰ দলে চলোৱা এক গৱেষণামূলক অধ্যয়নত এই ‘ৰাংকুকুৰ’ৰ উপস্থিতিৰ ফটোগ্ৰাফিক প্ৰমাণ পোৱা গৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ড° সোণালী ঘোষে প্ৰদান কৰিছে ইয়াৰ তথ্য ৷

‘‘ঢ’ল কউন আলপিনাছ’’ (Dhole Cuon Alpinus) হিচাপে জনাজাত এই প্ৰজাতিটোৰ অৱস্থিতি নিশ্চিতকৰণ সম্পৰ্কত ফটো আৰু তথ্য প্ৰদান কৰিছে সঞ্চালক ড° সোণালী ঘোষে ৷ সেই অনুসৰি, ৰাংকুকুৰৰ বিচৰণ নিশ্চিত কৰা গৱেষকৰ দলটোৱে শেহতীয়াকৈ প্ৰকাশ কৰিছে ‘জাৰ্ণেল অব থ্ৰীটেণ্ড টেক্সা’ (Journal of Threatened Taxa) শীৰ্ষক এক তথ্যগ্ৰন্থত ৷

কাজিৰঙাত নতুন আলহী (ETV Bharat Assam)

তথ্যগ্ৰন্থত উল্লেখ কৰা মতে, ৰাংকুকুৰ হৈছে এক প্ৰজাতিৰ চিকাৰী কুকুৰ ৷ ভাৰতত ৰাংকুকুৰ সন্দৰ্ভত ব্যাপক অধ্যয়ন তথা গৱেষণা হৈছে যদিও তুলনামূলকভাৱে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ অধ্যয়ন সীমিত ৷ বিগত সময়ত উত্তৰ-পূবৰ ৰাজ্য যেনে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু পশ্চিমবংগত ইয়াৰ বিচৰণৰ তথ্য পোৱা গৈছে ।

আনহাতে, বৰ্তমান ৰাংকুকুৰৰ বিচৰণ মধ্য আৰু পূব এছিয়া, ভাৰত, নেপাল, ভূটান, বাংলাদেশ, চীন, ম্যানমাৰ, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু মালয়েছিয়াত সীমাবদ্ধ ৷ সেয়েহে ইয়াৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ৷

উল্লেখ্য, নাগালেণ্ডত ম্যানমাৰ সীমান্তৰ পৰা কিছু আঁতৰত ২০১১ চনৰ ২১ মে’ত পক্ষী নিৰীক্ষণকাৰীয়ে ৰাংকুকুৰৰ এটা দল পৰ্যবেক্ষণ কৰিছিল আৰু এই দৃশ্য নাগালেণ্ডৰ বন বিভাগে নিশ্চিত কৰিছিল ৷

তথ্যগ্ৰন্থত উল্লেখ থকা মতে, প্ৰতিশোধমূলক হত্যা, বাসস্থানৰ সংকোচন আৰু চিকাৰৰ অভাৱ আদি ভাবুকিৰ বাবে প্ৰজাতিটোৰ বিতৰণৰ পৰিসৰ পূৰ্বতকৈ বিশ্বজুৰি ২৫%তকৈও কমলৈ হ্ৰাস পাইছে ৷ পূৰ্বৰ অধ্যয়ন অনুসৰি, ১৯৯০ চনত ৰাংকুকুৰৰ উপস্থিতি কেৱল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰত সীমাবদ্ধ আছিল আৰু দক্ষিণত ই বিলুপ্তিৰ সন্মুখীন হৈছিল ৷

কিন্তু শেহতীয়াকৈ ৰাজ্যখনৰ কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত প্ৰজাতিটোৰ ফটোগ্ৰাফিক ৰেকৰ্ডৰ খবৰে স্বাভাৱিকতে আনন্দ প্ৰদান কৰিছে ৷ উত্তৰ-পূব ভাৰতৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডক স্পৰ্শ কৰি ২৫,০০০ কিলোমিটাৰ বৰ্গক্ষেত্ৰত বিস্তৃত অসমৰ এই কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ড ৷ কাজিৰঙা আৰু দক্ষিণৰ কাৰ্বি পাহাৰক সংযোগ কৰি গঠন হৈছে কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ড ৷

ইয়াক সংযোগ কৰিছে চাৰিটা প্ৰাথমিক কৰিড'ৰে— পাণবাৰী (৯২.২০ কিলোমিটাৰ বৰ্গক্ষেত্ৰ) কৰিড'ৰ, হালধিবাৰী (১১৭.২৪ কিলোমিটাৰ বৰ্গফুট) কৰিড'ৰ, কাঞ্চনজুৰি (১০৯.৮৩ কিলোমিটাৰ বৰ্গক্ষেত্ৰ) কৰিড'ৰ আৰু আমগুৰি (৪৯.৮৩ কিলোমিটাৰ বৰ্গফুট) কৰিড'ৰ ৷

এই কৰিড'ৰসমূহৰ মাজেৰে কৰা এটা জৰীপ আৰু তথ্যৰ ভিত্তিত বিচৰণ কৰা স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতিসমূহ নিৰীক্ষণ কৰিবলৈ কৌশলগতভাৱে কেমেৰা স্থাপন কৰা হৈছিল । বন্যপ্ৰাণীৰ বিচৰণৰ অধিক সম্ভাৱনা থকা পথৰ কাষত পদ্ধতিগতভাৱে কেমেৰা স্থাপন কৰা হৈছিল । ভূখণ্ডৰ চাৰিটা কৰিড’ৰ সামৰি ২৭৬ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ এলেকাত মুঠ ৮৩টা কেমেৰা স্থাপন কৰা হৈছিল ।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২২ চনৰ ডিচেম্বৰলৈকে কেমেৰাৰ জৰিয়তে চলা এই অধ্যয়নত জীৱ-জন্তুৰ গতিবিধি অবিৰতভাৱে নিৰীক্ষণ কৰা হৈছিল ৷ ইয়াৰে আমগুৰি কৰিড'ৰত ৰাংকুকুৰৰ ফটো বন্দী হয় ৷ উল্লেখ কৰা অনুসৰি, ফটোত বন্দী হোৱা ৰাংকুকুৰটোৰ অৱস্থিতি ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ পৰা প্ৰায় ৩৭৫ মিটাৰ দূৰত্বত আছিল আৰু নিকটতম মানৱ বসতিস্থল প্ৰায় ২৭০ মিটাৰ দূৰত্বত আছিল ।

wild dog in Kaziranga
কেমেৰা ট্ৰেপিঙত ধৰা পৰা ৰাংকুকুৰটো (ETV Bharat Assam)

ইফালে এই সন্দৰ্ভত কাজিৰঙাৰ DFO অৰুণ ভিগনেছে জনায়, "কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত কেমেৰা ট্ৰেপত ধৰা পৰা এইটো এক প্ৰজাতিৰ ৱাইল্ড ড’গ অথবা ৰাংকুকুৰ যাক ঢ’ল বুলি কোৱা হয় ৷"

তেওঁ কয়, "ৱাইল্ড ড’গৰ প্ৰজাতি এছিয়াত এটা আৰু এটা প্ৰজাতি আফ্ৰিকাত পোৱা যায় ৷ এইটো এটা বিপন্ন প্ৰজাতি ৷ ই দলত থাকে আৰু ইয়াক একোটা বনাঞ্চলৰ প্ৰতিৰক্ষা সূচক হিচাপেও জনা যায় ।" তেওঁ লগতে কয়, "ইয়াৰ উপস্থিতি মানেই এলেকাটোৰ প্ৰতিৰক্ষা ভাল ৷ কাজিৰঙাত ইয়াৰ উপস্থিতিয়ে ভাল দিশ উন্মোচন কৰিছে ৷"

আনহাতে, বান্দীপুৰ আৰু মধ্যপ্ৰদেশত ৰাংকুকুৰৰ সুলভ বিচৰণ বুলি জানিব দি বন সংমণ্ডল প্ৰাধিকাৰীগৰাকীয়ে কয় যে সংৰক্ষিত বনাঞ্চলত ইয়াক দেখা পোৱা যায় ৷ বাঘ থকা ঠাইতো ৰাংকুকুৰৰ উপস্থিতি দেখা যায় বুলি প্ৰকাশ কৰি তেওঁ কয় যে কাজিৰঙাত প্ৰথমবাৰৰ কাৰণে ইয়াক দেখা পোৱা গৈছে ৷

উল্লেখ্য যে কেমেৰাত বন্দী হোৱা ৰাংকুকুৰৰ ফটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ইয়াৰ খবৰ প্ৰকাশ কৰাটোৱে প্ৰচাৰ বৃদ্ধি কৰিব বুলি বন প্ৰাধিকাৰীগৰাকীয়ে কয় ৷

লগতে পঢ়ক :তপাৰ বাবে আশীৰ্বাদ হৈ পৰা পাঠকে লৈছে নেকি উপৰ্যুপৰি মিছাৰ আশ্ৰয় ? - PANKAJ PATHAK
লগতে পঢ়ক :বাঁহশিল্পৰে জগত জিনাৰ প্ৰয়াস; এজন বিশেষভাৱে সক্ষম যুৱকে দেখুৱাইছে আদৰ্শ - MORAN BAMBOO WORK ARTISAN