ETV Bharat / state

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (বিশ্ববিদ্যালয়)ৰ প্ৰাক্তন আৱাসী সন্মিলনৰ প্ৰস্তুতি তুংগত

ছাত্ৰাবাসত কটোৱা সময়ৰ পৰিৱেশ সুঁৱৰি নষ্টালজিক মন্ত্ৰী বিমল বড়া ।

Jagannath Barooah University in Jorhat
যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (বিশ্ববিদ্যালয়) (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 10:48 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: অহা ২৪ আৰু ২৫ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন আবাসী সন্মিলনৰ আয়োজন কৰা হৈছে । ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (বৰ্তমান জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়)ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ প্ৰাক্তন আবাসীৰে গঠিত প্ৰাক্তন আবাসী সন্মিলনৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হ'ব । আজি ছাত্ৰাবাসত কটোৱা সময়ৰ পৰিৱেশ সুঁৱৰি নষ্টালজিক হৈ পৰে মন্ত্ৰী বিমল বড়া ।

নিজৰ ছাত্ৰাবাসতেই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী বিমল বড়াই কয়," উচ্চ শিক্ষানুষ্ঠানখনত দূৰদূৰণিৰ পৰা আহি অধ্যয়ন কৰেহি আৰু দশক জুৰি ছাত্ৰ-ছাত্ৰীসকলে ছাত্রাবাস আৰু ছাত্ৰী নিবাসত থাকিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছে । Home away from home অৰ্থাৎ ঘৰৰ পৰা আঁতৰি থাকি অন্য এটা ঘৰত থকাৰ মাদকতা ছাত্রাবাস আৰু ছাত্ৰী নিবাসত নথকাজনে মূল্যায়ন কৰিব নোৱাৰে । কাৰণ ঘৰৰ এটা শৃংখলাবদ্ধ পৰিবেশৰ পৰা আঁতৰি আহি যেতিয়া অচিনাকী আবাসীসকলৰ লগত এক অটুট সমন্বয় ৰক্ষা কৰি শৃখলাৱদ্ধ আৰু নিয়মানুৱৰ্তিতা ৰক্ষা কৰি দিন অতিবাহিত কৰাৰ সুবিধা সমূহে হ'ল ছাত্রাবাস আৰু ছাত্ৰী নিবাস ।"

মন্ত্ৰী বিমল বড়াৰ সংবাদমেল (ETV Bharat Assam)

অসমৰ দ্বিতীয়খন অগ্ৰণী শিক্ষানুষ্ঠান তথা উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন আবাসী সন্মিলনৰ বুজ ল'বলৈ আহি আৱেগিক হৈ মন্ত্ৰী বিমল বড়াই কয়, "ঘৰৰ পৰা আঁতৰি থাকি অন্য এটা ঘৰত থকাৰ মাদকতা ছাত্রাবাস আৰু ছাত্ৰী নিবাসত নথকাজনে মূল্যায়ন কৰিব নোৱাৰে ।"এই প্ৰাক্তন আবাসী সন্মিলনত দেশ-বিদেশত সিঁচৰিত হৈ থকা প্ৰাক্তন আবাসীসকলেও যোগদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । লগতে তেওঁ কয় যে হোষ্টেলৰ পৰা ওলাই যোৱাসকল যিয়ে কামৰ সন্ধানত আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ বাবে উক্ত সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে উদ্যোগীসকলক । ইয়াতেই বিভিন্ন সংস্থাৰ ভিন্ন কৰ্মসূচী সমূহ প্ৰদৰ্শন কৰা হ'ব আৰু বৰ্তমানলৈকে ১০০০ৰো অধিক প্ৰাক্তন আবাসীয়ে নাম পঞ্জীয়ন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়," উক্ত আবাসী সন্মিলনত ৭০ ৰ পৰা ৮০ বছৰ প্ৰাক্তন আবাসী সকলেও অংশগ্ৰহণ কৰিব । ইতিমধ্যে প্ৰাক্তন আবাসী সন্মিলনৰ বাবে ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসসমূহ সুন্দৰ ৰূপত সজাই তোলা হৈছে । এই ছাত্রবাস আৰু ছাত্ৰী নিবাসসমূহ সুন্দৰ ৰূপ পোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ আছে । "

উল্লেখ্য যে দেশ-বিদেশত সিঁচৰিত হৈ থকা সহস্ৰাধিক প্ৰাক্তন আবাসীৰ সমাৱেশ ঘটিবলগীয়া এই সন্মিলনৰ মূল ক্ষেত্ৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আৰু মূল মঞ্চ ছাত্ৰাবাসৰ প্ৰথমগৰাকী অধীক্ষক চৈয়দ আব্দুল মালিকৰ স্মৃতিত উচৰ্গা কৰা হৈছে ।

লগতে পঢ়ক:মোৰ দুচকুৰে তুমি উপভোগ কৰা সাতোৰঙী পৃথিৱী... - MANGALDAI NIRIBILI OLD AGE HOME

তেজপুৰ বিশ্ববিদ্যালয়লৈ সুনাম আনিলে কৃতী অধ্যাপিকাই - DR GOMA DEVI SHARMA