ETV Bharat / state

ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া, গাভৰু ব্যস্ত তাঁতশালত

ঢোলৰ গুমগুমনিত কঁপিছে তিনিচুকীয়া । চেনেহৰ বাণীৰে মৰমৰ দীঘেৰে গাভৰুৱে চেনাইলৈ বৈছে বিহুৱান । বিহু বিহু লাগিছে গাত ।

Preparations for Rongali Bihu in Tinsukia, weavers are busy weaving Bihuwan
ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া, গাভৰু ব্যস্ত তাঁতশালত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 1:11 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: ব'হাগৰ আগমন, চাওঁতে চাওঁতে নঙলা মুখত পালেহি হেঁপাহৰ ৰঙালী বিহু ৷ চৌদিশে চলিছে ব'হাগক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ গছে পাত সলাইছে ৷ ন-কুঁহিপাত ওলাইছে ৷ কঁঠালেও পেলাইছে মুঁচী ৷ ডালত কপৌ ফুলে জাতিষ্কাৰ হৈছে ৷ শুনা গৈছে কুলি চৰাইৰ মাত ৷ কুলি চৰাইৰ মাত শুনি ৰ'বকে নোৱাৰি ঢুলীয়াই দিছে ঢোলত চাপ ৷ ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা । হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে কণমানিৰ পৰা গাভৰুলৈ নাচনীসকল ।

ঢুলীয়াৰ ঢোলৰ চেৱে চেৱে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে নাচনীসকল । তিনিচুকীয়াৰ পানীতোলা নগাঁৱতো এইদৰে চলিছে বিহুৰ আখৰা । নগাঁৱত নাৰী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে ১০ দিনীয়া বিহু নাচৰ আখৰা ।

ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া (ETV Bharat Assam)

প্ৰশিক্ষকগৰাকীয়ে আখৰাৰ সন্দৰ্ভত কয়, “আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীলৈ আগতীয়াকৈ ব’হাগ বিহুৰ ওলগ জনালোঁ । পানীতোলাৰ নগাঁৱত নাৰী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা আখৰাত মই প্ৰশিক্ষক হিচাপে থাকিবলৈ পায় নথৈ আনন্দিত হৈছোঁ । যিহেতেু এই অঞ্চলৰ শতাধিক কণমানি ওলাই আহিছে । সকলোৱে বিহুৰ প্ৰতি আকৰ্ষিত হৈছে, ধৰি ৰাখিবলৈ চেষ্টা কৰিছে ।”

Preparations for Rongali Bihu in Tinsukia, weavers are busy weaving Bihuwan
নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে নাচনীসকল (ETV Bharat Assam)

ইফালে, বিহুৰ বতৰত চেনাইলৈ বুলি বিহুৱান বোৱাত ব্যস্ত তিনিচুকীয়াৰ বৰলাইপুলী গাঁৱৰ গাভৰুসকল । কোনোবাই যদি যঁতৰত মহুৰা বতাত ব্যস্ত, আন কোনোবাই ফুল বচাত । মুঠতে এতিয়া আজৰি নাই গাভৰুসকলৰ । তাঁতশালত বহি চেনাইলৈ বিহুৱানত সপোনৰ বুটা বাচিছে । সাজু কৰিছে চেনাইলৈ বুলি বিহুৱান । চেনাইৰ লগতে বয়োজ্যেষ্ঠসকললৈও যাচিব ব’হাগৰ ওলগ । মুখত বিহুনাম জুৰি আনন্দত মতলীয়া হৈছে গাভৰুসকল ।

Preparations for Rongali Bihu in Tinsukia, weavers are busy weaving Bihuwan
চেনেহৰ বানীৰে মৰমৰ দীঘেৰে গাভৰুৱে চেনাইলৈ বৈছে বিহুৱান (ETV Bharat Assam)

তাঁতশালত ব্যস্ত থকা বৰলাইপুলীৰ গাভৰু খৰিস্মা বুঢ়াগোঁহাই কয়, “চেনাইলৈ বিহুৱান বোৱাৰ লগতে বয়োজ্যেষ্ঠ দাদা, ভাইটিলৈও গামোচা বৈছোঁ । তাৰ সমান্তৰালভাৱে এতিয়া যিহেতু ৰ’দ দিছে ধান শুকুৱাইছোঁ বিহুত জলপান, পিঠা বনাবলৈ ।”

Preparations for Rongali Bihu in Tinsukia, weavers are busy weaving Bihuwan
ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া (ETV Bharat Assam)

তাৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ গেলাপুখুৰীত জোনবাই বিহু দলেও আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । মৰাণ, মটক, বড়ো, তিৱাকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিক সাঙুৰি ১৯ গৰাকীকৈ জোনবাই বিহু দলৰ ডেকা-গাভৰুৱে বিহুৰ মঞ্চৰ বাবে সাজু হৈছে । বিগত ১০ বছৰে জোনবাই বিহু দলে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে বহিঃৰাজ্যতো নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Preparations for Rongali Bihu in Tinsukia, weavers are busy weaving Bihuwan
কপৌ ফুল (ETV Bharat Assam)

লগতে পঢ়ক: ঢোলৰ চাপৰ-বিহু হুঁচৰিত উখল-মাখল টীয়ক - RONGALI BIHU 2025

পদূলিত হেঁপাহৰ ৰঙালী; খিতিক খিতিক কৰি তাঁত বোৱাত ব্যস্ত শিপিনী গাঁৱৰ লাহৰী - BOHAG BIHU 2025