বৰপেটাৰ দৌল মহোৎসৱৰ শোভাযাত্ৰাত অংশ ল'ব ৮০ টাৰো অধিক হোলীগীতৰ দলে
বৰপেটাৰ দৌল মহোৎসৱৰ শোভাযাত্ৰাৰ প্ৰস্তুতি । কণিকা পাঠকক 'সত্ৰ সেৱিকা বঁটা', ৰবীন্দ্ৰনাথ দাসলৈ 'সংস্কৃতি সাধক বটা' ৷

Published : March 8, 2025 at 6:59 PM IST
বৰপেটা: বৰপেটাৰ দৌল মহোৎসৱৰ অন্যতম অংশ হ'ল হোলীগীত । এই হোলীগীতৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে সাংস্কৃতিক মঞ্চ, বৰপেটাই এইবেলি দ্বিতীয় বৰ্ষৰ বাবে 'বৰ্ণিল বসন্ত' নামৰ হোলীগীতৰ বিশাল শোভাযাত্ৰাৰ আয়োজন কৰিছে ।
শনিবাৰে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মঞ্চৰ নেতৃবৃন্দই ১২ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ শোভাযাত্ৰাত ৮০ টাৰো অধিক হোলীগীত পৰিৱেশন কৰা দলে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰে ।
আয়োজক সংগঠনটোৰ সভাপতি কুশান চৌধুৰীয়ে এই সন্দৰ্ভত কয়, "বিভিন্ন সম্প্ৰদায়, জনগোষ্ঠীৰ দলবোৰে তেওঁলোকৰ নিজৰ ভাষাত বৰপেটাৰ হোলীগীত পৰিৱেশন কৰিব । সুদুৰ পুৰীৰ এটা দলেও এই শোভাযাত্ৰাত ভাগ ল'ব । শোভাযাত্ৰা আয়োজনৰ লগতে বঁটা প্ৰদানৰো এক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।" তেওঁ লগতে কয়, "শোভাযাত্ৰা বিলৰতাৰী হাটীৰ ৰাখাল থান খেলপথাৰৰ পৰা আৰম্ভ হ'ব । ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে । ইয়াৰ পাছতে হোলীগীতৰ শিল্পী প্ৰয়াত জয়ন্ত ওজালৈ শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী মুকলি কৰিব মুখ্য উপদেষ্টা দেবাদীব দাস আৰু কাৰ্যকৰী সভাপতি দীপক কুমাৰ দাসে ।
বৰপেটাৰ হোলীগীতক বিশ্বমুখী কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । উক্ত অনুষ্ঠানৰ পাছতে কণিকা পাঠকলৈ 'সত্ৰ সেৱিকা বঁটা', ৰবীন্দ্ৰনাথ দাসলৈ 'সংস্কৃতি সাধক বটা' আগবঢ়োৱা হ'ব। শোভাযাত্ৰা অনুষ্ঠানটোত অসম বুক ৰেকৰ্ড আৰু নেচনেল বুক ৰেকৰ্ডৰ প্ৰতিনিধি দলো উপস্থিত থাকিব । সংবাদমেলত সাংস্কৃতিক মঞ্চ বৰপেটাৰ কাৰ্যকৰী সভাপতি দীপক কুমাৰ দাস, সম্পাদক সঞ্জীৱ দাস আদি উপস্থিত থাকে ।

