তিনিচুকীয়াত ৪৭ টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ২৭৫৪০ গৰাকী প্ৰাৰ্থী
ADRE in Tinsukia :অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা ৷

Published : October 26, 2024 at 8:59 AM IST
তিনিচুকীয়া : অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এ ডি আৰই চতুৰ্থ বৰ্গৰ পৰীক্ষা । অসম প্ৰত্যক্ষ নিয়ুক্তি পৰীক্ষা (ADRE)ৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে তিনিচুকীয়াতো পৰীক্ষা অনুষ্ঠিত হ'ব । জিলাখনৰ ৪৭ টা কেন্দ্ৰত সিদিনা পুৱা ৯ বজাৰ পৰা ১২.৩০ বজালৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত ২৭,৫৪০গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । সেইদিনাই আবেলি ১.৩০ বজাৰ পৰা ৪ বজালৈ ২৫ টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া পিছবেলাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ১৭,৪৬৩গৰাকী প্ৰাৰ্থী ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ উল্লেখ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কত বৃহস্পতিবাৰে আবেলি জিলা আয়ুক্ত স্বপ্নীল পালে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইন আৰু ছুপাৰভাইজিং বিষয়াসকল উপস্থিত থাকে ।
সভাখনত আয়ুক্তগৰাকীয়ে শনিবাৰৰ ভিতৰত সকলো পৰীক্ষকক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি শুকুৰবাৰে প্ৰায়বোৰ পৰীক্ষা কেন্দ্ৰতে নিয়োজিত হ'বলগীয়া পৰীক্ষক সকলক নিজ নিজ কেন্দ্ৰতে প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই পৰীক্ষাৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োজিত খাদ্য আৰু অসামৰিক যোগান আয়োগৰ আয়ুক্ত আনন্দ দাস শনিবাৰে আহি তিনিচুকীয়াত উপস্থিত হ'ব। তেওঁ পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত জিলাখনতে বাহৰ পাতি সকলো কাম-কাজ তথা বিধি-ব্যৱস্থাসমুহ পৰ্যবেক্ষণ কৰিব ।
অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ বাবে যোৱা মাহত আয়োজন পূৰ্বৰ দুটা বাছনি পৰীক্ষাত আবেদনকাৰী প্ৰাৰ্থীসকলৰ প্ৰায় ৭৩ শতাংশই অৱতীৰ্ণ হৈছিল । এইবেলিও পৰীক্ষা সম্পূৰ্ণ নিয়াৰিকৈ আৰু নিকা তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। প্ৰতিটো কেন্দ্ৰতে নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ উপৰি চি চি টিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে ।
পৰীক্ষাৰ দিনা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ বাহিৰে আন লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে । পৰীক্ষাৰ্থী সকলক নিজৰ পৰিচয় পত্ৰ, এডমিট কাৰ্ড আৰু কলমৰ বাহিৰে আন সামগ্ৰী আনিবলৈ মানা কৰা হৈছে ।

