ETV Bharat / state

ৰাজ্যৰ এই স্থানত হয় বাদুলীক কেন্দ্ৰ কৰি পূজা-মেলা; ৰহস্যৰে ভৰা এই পাহাৰৰ গুহা ক'ত আছে ? - BADULI KHURUNG MELA

এইখন অসমতে বাদুলীক কেন্দ্ৰ কৰি কৰা হয় পূজা, আয়োজন হয় মেলাৰ । বাদুলীৰ এই বিশাল সাম্ৰাজ্য সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন ।

Baduli Khurung mela
ৰাজ্যৰ এই স্থানত হয় বাদুলীক কেন্দ্ৰ কৰি পূজা-মেলা; ৰহস্যৰে ভৰা এই পাহাৰৰ গুহা ক'ত আছে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2025 at 3:45 PM IST

6 Min Read

নগাঁও : বাদুলীৰো আছে এখন বিশাল সাম্ৰাজ্য । য'ত পূজা-পাতল কৰি অথবা ভোগ দিয়াৰ পাছতহে নীতি-নিয়মৰ মাজেৰে কৰিব পাৰে প্ৰৱেশ । বাদুলীৰ এই বিশাল সাম্ৰাজ্যখন আছে এইখন অসমৰে নগাঁও জিলাত ।

ক'ত আছে বাদুলীৰ সাম্ৰাজ্য

নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলি পাহাৰত থকা এটা গুহাত আশ্ৰয় লক্ষাধিক বাদুলীৰ । নামেই যাৰ বাদুলী খুৰুং, বা বাদুলী খুৰুং থান । ঐতিহাসিক স্থান হিচাপে পৰিচিত বাদুলী খুৰুং আজিও বহুতৰ বাবে অন্য এক আচৰিত স্থান ।

ৰাজ্যৰ এই স্থানত হয় বাদুলীক কেন্দ্ৰ কৰি পূজা-মেলা (ETV Bharat Assam)

ঐতিহাসিক বাদুলী খুৰুঙৰ কাষতে আছে এটা মন্দিৰ । বছৰত এবাৰ মেলাৰো আয়োজন কৰা হয় এই বাদুলী খুৰুঙত । বিশেষকৈ শিৱৰাত্ৰিৰ এটা দিন পাছতেই অনুষ্ঠিত হয় বাদুলী খুৰুং মেলা । য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগম হয় ।

বাদুলী মেলাৰ ইতিহাস

তিৱা, কাৰ্বি, কলিতা, আহোম, চাহ জনগোষ্ঠী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ বসতিপ্ৰধান কন্দলি অঞ্চলত এইবেলিও বাদুলী খুৰুং মেলাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । বহু লোকবিশ্বাস থকা অসমৰ একমাত্ৰ এই বাদুলী খুৰুং মেলা ২০০১ চনৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈ আহিছে । এই বাদুলী খুৰুং মেলাই এইবছৰত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ।

Baduli Khurung mela
বাদুলী খোৰোঙৰ প্ৰৱেশদ্বাৰ (ETV Bharat Assam)

বাদুলীৰ নামতে বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ অহা এই মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত হৈ ধৰ্মীয় ৰীতি-নীতিৰে পূজা-পাতল কৰে । কন্দলি পাহাৰৰ বুকুত থকা এটা বিশাল গুহাৰ মাজতেই বিভিন্ন প্ৰজাতিৰ লক্ষাধিক বাদুলীয়ে বসতি কৰাৰ বাবে গুহাটোৰ নাম বাদুলী খুৰুং বুলি জনাজাত ।

বাদিলী খোৰোঙক লৈ জনবিশ্বাস

এই বাদুলী খুৰুঙক লৈ আছে বহু জনবিশ্বাস । আনকি কন্দলি পাহাৰৰ বিশাল ভূমি সামৰি থকা বাদুলী খুৰুঙক লৈ আছে বহু ৰহস্যও । কন্দলি পাহাৰৰ বিশাল এলেকা সামৰি থকা বাদুলী খুৰুং মেলাক লৈ আছে বহু ৰহস্য, আছে বহু জনবিশ্বাস ।

Baduli Khurung mela
কন্দলি পাহাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত ইটিভি ভাৰতক বাদুলী খুৰুং সমিতিৰ সম্পাদক উজ্জ্বল বৰদলৈয়ে জনায় এই বাদুলী খুৰুঙক লৈ থকা লোকবিশ্বাসৰ বিষয়ে । তেওঁ কয়, "প্রাক্-বৈষ্ণৱ কালত কন্দলি ৰাজ্যত প্রমীলা নামেৰে এগৰাকী মহিলাই শাসন চলাইছিল । সেই সময়ত কন্দলি পাহাৰৰ এই গুহাতে ৰাজ্যৰ সৈন্য-সামন্ত তথা ৰাণীৰ গুপ্তচৰসকলে বসবাস কৰিছিল । ৰাণীৰ আদেশ অনুযায়ী নাৰীসকলে বসবাস কৰা গুহাটোত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল । কিন্তু এজন ঋষিয়ে গুহাটোত প্ৰৱেশ কৰোঁতে গুপ্তচৰসকলে তেওঁক কৰায়ত্ত কৰিছিল । ৰাণীৰ আদেশ অমান্য কৰাৰ অপৰাধত ৰাণীয়ে ঋষিগৰাকীক শিলত ওলোমাই শাস্তি বিহিছিল । ৰাণীৰ ব্যৱহাৰত ঋষি অতিশয় ক্ষুণ্ণ হৈ গুহাৰ সকলো নাৰীকে বাদুলী হৈ থকাৰ অভিশাপ দিয়ে । তেতিয়াৰে পৰাই অভিশাপগ্রস্ত নাৰীসকলে আজিপর্যন্ত গুহাৰ শিলত বাদুলী হৈ ওলমি থাকে ।"

Baduli Khurung mela
বাদুলী খোৰোং মেলাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি (ETV Bharat Assam)

তেওঁ লগতে কয়, "বৰ্তমান গুহাৰ ভিতৰত থকা লাখ লাখ বাদুলীক সেই প্রমীলা ৰাজ্যৰ অভিশপ্ত নাৰী বুলি বিশ্বাস কৰি ভক্তপ্রাণ ৰাইজ তথা স্থানীয় লোকে প্রতিবছৰে শিৱৰাত্ৰিৰ এদিনৰ পাছতে তিনিদিনীয়াকৈ বাদুলী খুৰুং মেলা অনুষ্ঠিত কৰি পূজা-অৰ্চনা কৰি আহিছে ।"

ৰহস্য়জনক বাদুলী খুৰুং

"কন্দলি পাহাৰৰ গুহাত থকা বাদুলী খুৰুঙত মেলাৰ সময়ত চাকি-বন্তি প্রজ্বলন কৰিলে নিজৰ নিজৰ মনোবাঞ্ছা পূৰণ হয় বুলিও থকা জনবিশ্বাসক বিশ্বাস কৰিয়েই বিভিন্ন প্ৰান্তৰ লোক উপস্থিত হৈ চাকি-বন্তি প্ৰজ্বলন কৰে । কেৱল এয়াই নহয় বাদুলী খুৰুং মেলাত কোনো লোকে বেয়া মনোভাবেৰে উপস্থিত হ'লে অনিষ্ট হয় বুলিও জনবিশ্বাস আছে ।" ইটিভি ভাৰতক এই কথা জানিবলৈ দিয়ে বাদুলী খুৰুং মেলা সমিতিৰ সম্পাদক উজ্জ্বলে ।

Baduli Khurung mela
গুহাত থকা এই জীৱন্ত শিলামূৰ্তিত কৰা হয় পূজা (ETV Bharat Assam)

আনকি আই বাদুলী খুৰুঙক লৈ বহু ৰহস্য থকা বুলিও জানিবলৈ দিয়ে সম্পাদকগৰাকীয়ে । সম্পাদকগৰাকীয়ে জনোৱা মতে, "পাহাৰৰ গুহাৰ এক বিশাল এলেকা সামৰি থকা এই বাদুলী খুৰুঙত ক'লা, বগা আদি ৰঙৰ বিভিন্ন প্ৰজাতিৰ লক্ষাধিক বাদুলী আছে । বাদুলী খুৰুঙৰ কাষতে আছে এটা শিলৰ মূৰ্তিৰ এটা মন্দিৰ । এটা জীৱন্ত শিলৰ মূৰ্তিৰ মন্দিৰ থকা বুলি লোকবিশ্বাস থকা মন্দিৰতেই বিভিন্ন প্ৰান্তৰ লোক আহি নিজৰ মনোকামনা পূৰণৰ বাবে পূজা-অৰ্চনা কৰে ।"

Baduli Khurung mela
গুহাৰ শিলৰ ফাঁকত জাক জাক বাদুলী (ETV Bharat Assam)

আনকি এই মন্দিৰৰ পৰা কোনো লোকে কোনো সামগ্ৰী চুৰি কৰিলে বাদুলীয়ে চোৰৰ ঘৰলৈ গৈ অত্যাচাৰ চলায় বুলিও লোকবিশ্বাস আছে । পূৰ্বতে এই মন্দিৰত পূজা-অৰ্চনা কৰি বিচৰা বহু প্ৰয়োজনীয় সামগ্ৰী লগেই লগেই লাভ কৰা বুলিও লোকবিশ্বাস আছে বুলিও জানিবলৈ দিয়ে বাদুলী খুৰুঙৰ সম্পাদক উজ্জ্বল বৰদলৈয়ে ।

কেৱল এয়াই নহয়, নাৰী ৰাজ্য হিচাপে জনবিশ্বাস থকা এই বাদুলী খুৰুঙত প্ৰায়েই তাঁতশালৰ শব্দ, খাদ্য-সামগ্ৰী প্ৰস্তুত কৰাৰ গোন্ধ আদিও পোৱা যায় বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ উপৰি গুহাটোৰ ভিতৰত থকা এটা হ্ৰদত পানীৰ ওপৰতে বালি ওপঙি থকা বহুতে প্ৰত্যক্ষ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে ।

Baduli Khurung mela
গুহাত প্ৰৱেশ পথ (ETV Bharat Assam)

কেনদৰে পোহৰলৈ আহিল বাদুলী খুৰুং

এই সন্দৰ্ভত বাদুলী খুৰুঙৰ সম্পাদকগৰাকীয়ে কয়, "এখনি বুৰঞ্জীমুলক গ্ৰন্থত কন্দলি পাহাৰৰ বাদুলী খুৰুঙৰ ৰহস্যৰ বিষয়ে অৱগত হৈছিল ৰহমান উপাধিৰ এগৰাকী ব্যক্তিয়ে । তাৰ পিছত তেওঁ কন্দলি অঞ্চলত উপস্থিত হৈ স্থানীয় লোকৰ সাতে আলোচনা কৰে । স্থানীয় লোকৰ সহযোগত গুহাৰ ভিতৰত প্ৰৱেশ কৰি বাদুলী প্ৰত্যক্ষ কৰাৰ পাছতেই ২০০১ চনৰ পৰা কন্দলিত বাদুলী খুৰুং মেলা অনুষ্ঠিত কৰি আহিছে ।"

ৰূপালী জয়ন্তী বৰ্ষত বাদুলী খুৰুং মেলা

২০০১ চনৰ পৰা অনুষ্ঠিত হৈ অহা কন্দলিৰ বাদুলী খুৰুং মেলাই এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে । ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অহা ২৮ ফেৱ্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ আয়োজন কৰিছে বাদুলী খুৰুং মেলাৰ । বাদুলী খুৰুং মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে কন্দলি পাহাৰৰ দাঁতিৰ বৃহৎ ভূমিত । আনহাতে, বাদুলী খুৰুং মেলাক লৈ এতিয়াৰে পৰাই উখল-মখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক :'হাড়গিলা বাইদেউ'লৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান - TIMES 2025 WOMEN OF THE YEAR
লগতে পঢ়ক :কাজিৰঙাৰ কাৰ্বি পাহাৰত ভূ-মাফিয়াৰ হাতোৰা ! ক্ষোভিত দল-সংগঠন - EXCAVATION IN KARBI HILLS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.