ETV Bharat / state

প্ৰশাসনৰ শেনচকু পৰিল মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত - MORAN WOMENS COLLEGE

স্ত্ৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠানৰ ভূমিত এইবাৰ চকু পৰিল প্ৰশাসনৰ । মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহণৰ প্ৰস্তুতি চৰাইদেউ জিলা প্ৰশাসনৰ ।

Preparation for land acquisition of Moran Womens College by the Charideu district administration
প্ৰশাসনৰ শেনচকু পৰিল মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 16, 2025 at 2:43 PM IST

3 Min Read

ডিব্ৰুগড়: উজনি অসমৰ স্ত্ৰী শিক্ষাৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান হ'ল মৰাণ মহিলা মহাবিদ্যালয় । চৰাইদেউ জিলাৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত এইবাৰ চকু পৰিছে চৰাইদেউ জিলা প্ৰশাসনৰ ৷ মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ বাবে লাগে মহাবিদ্যালয়ৰ ভূমি ৷ প্ৰশাসনৰ কাণ্ডত স্তম্ভিত মৰাণৰ শৈক্ষিক সমাজ, বিভিন্ন দল-সংগঠন ৷

উল্লেখযোগ্য যে, ২০০৫ বৰ্ষত চৰাইদেউ জিলা প্ৰশাসনে মহকুমা ভূমি উপদেষ্টা সমিতিৰ অনুমতি সাপেক্ষে মৰাণ মহিলা মহাবিদ্যালয়ৰ বাবে মৰাণৰ বৰডবা মাউট গাঁৱত ১০ বিঘা মাটি আৱন্টন দিছিল ৷ ইয়াৰে ২ বিঘা মাটি ইতিমধ্যে ২০২৩ বৰ্ষত স্থানীয় প্ৰশাসনে দখল কৰি অমৃত সৰোবৰ খনন কৰে ৷ বাকী থকা ৮ বিঘা মাটি মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ বাবে অধিগ্ৰহণ কৰিবলৈ যো-জা চলোৱাত মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

প্ৰশাসনৰ শেনচকু পৰিল মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত (ETV Bharat Assam)

উক্ত ভূমিত ইতিমধ্যে মৰাণ মহিলা মহাবিদ্যালয় কৰ্তৃপক্ষই স্কীল চেন্টাৰ আৰু চাইন্স কেম্পাচৰ আন্তগাঁঠনিৰ কাম চলাই আছে ৷ ইয়াৰ পাছতো আৱন্টিত ভূমিখিনি এৰি দিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰাত হতভম্ব হৈ পৰিছে মৰাণৰ বৌদ্ধিক মহল ৷ এই সন্দৰ্ভত মৰাণ মহিলা মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷

মৰাণৰ নাগৰিক সমাজ, আছু, আছাকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থকা এই সভাত কোনো কাৰণতে মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত জ্যেষ্ঠ সমাজকৰ্মী হেম বৰাক সভাপতি, জ্যেষ্ঠ সাংবাদিক যদুনাথ পুৰী আৰু আছাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন ওৰাঙক যুটীয়া সম্পাদক হিচাপে লৈ মৰাণ মহিলা মহাবিদ্যালয় ভূমি সংৰক্ষণ সমিতি নামেৰে এখন সমিতি গঠন কৰা হয় ৷ এই সমিতিয়ে মহাবিদ্যালয়খনৰ ভূমি সংৰক্ষণৰ লগতে মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় অন্য স্থানত স্থাপনৰ আহ্বান জনাইছে ৷

প্ৰশাসনে এই ভূমি অধিগ্ৰহণ কৰিলে ভৱিষ্যতে নাৰী শিক্ষা অনুষ্ঠান বিপদত পৰিব:

সমগ্ৰ ঘটনাক লৈ মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ তৰুণ গগৈয়ে কয়, "২০০৫ বৰ্ষত চৰাইদেউ জিলা প্ৰশাসনে মহকুমা ভূমি উপদেষ্টা সমিতিৰ অনুমতি সাপেক্ষে মৰাণ মহিলা মহাবিদ্যালয়ৰ বাবে ১০ বিঘা মাটি আৱন্টন দিছিল । সেই মৰ্মে মহাবিদ্যালয়ে সেই মাটি ব্যৱহাৰ কৰি আছিল । কিন্তু দুবিঘা মাটি প্ৰশাসনে অধিগ্ৰহণ কৰিলে ইয়াৰ পাছতে বাকী থকাখিনি এৰি দিবলৈ প্ৰশাসনে হেঁচা প্ৰয়োগ কৰি আছে । ১৫০০ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয়খনত ভূমিৰ পৰিমাণ কম তেনেস্থলত প্ৰশাসনে এই ভূমি অধিগ্ৰহণ কৰিলে ভৱিষ্যতে নাৰী শিক্ষা অনুষ্ঠান বিপদত পৰিব ।"

প্ৰশাসনৰ কাণ্ডক গৰিহণা আছুৰ:

প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে আছুকে ধৰি দল-সংগঠন । সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞাই কয়, "বিগত তিনিটা দশক ধৰি নাৰী শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে মৰাণ মহিলা মহাবিদ্যালয়ে । তেনে পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনৰ ভূমি প্ৰশাসনে অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো অতি গৰিহণাৰ বিষয় । প্ৰশাসনে জোৰ কৰি কাৰ্যালয় নিৰ্মাণৰ চেষ্টা চলাইছে । প্ৰশাসনে এই সিদ্ধান্ত বাতিল কৰক । মৰাণৰ ৰাইজে মহাবিদ্যালয়ৰ ভূমিত কেতিয়াও চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰিবলৈ অনুমতি নিদিয়ে ।"

লগতে পঢ়ক: সম্প্ৰীতিৰ দলং উদ্বোধন কৰিলে জোনাব আৰু নামঘৰীয়াই - BAMBOO BRIDGE IN SIVSAGAR

বাৰিষাৰ দিন আহিল, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে এইবাৰ কোন নামিল ! - MINISTER JAYANTA MALLABARUAH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.