ETV Bharat / state

চূণচালি ঘাটত ষট পূজাৰ প্ৰস্তুতি: ভক্তক আদৰিবলৈ সাজু আয়োজক সমিতি

Chhath puja: সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিব ষট পূজা । ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে চলিছে ব্য়াপক প্ৰস্তুতি ।

Chhath Puja in Guwahat
ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 6, 2024 at 1:43 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অহা ৭ আৰু ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব ষট পূজা । এই পূজা উপলক্ষ্যে মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে নুনমাটিৰ চূণচালি অঞ্চলটো ব্যাপক প্রস্তুতি চলিছে । নুনমাটিৰ চূণচালি অঞ্চলৰ দুটাকৈ ঘাট আৰু ছেক্টৰ ১ ৰ এটা ঘাটত এইবাৰ তিনিখনকৈ ষঠ পূজাৰ আয়োজন কৰা হৈছে । বৃহত্তৰ পূব চূণচালি ষট পূজা সমিতিৰ উদ্যোগত পূব চূণচালি ঘাটটো চলিছে এই পূজাৰ পূৰ্ণ প্ৰস্তুতি ।

আয়োজক কমিটীৰ উপদেষ্টা ৰবীন্দ্ৰ সাহানীয়ে এই সন্দৰ্ভত কয়, "পূব চূণচালি ঘাটত বিগত বর্ষৰ দৰে এইবাৰো প্ৰায় দহ হাজাৰ ভক্তৰ আগমন ঘটাৰ সম্ভৱনা আছে । তাৰ বাবে ইতিমধ্যে যাৱতীয় ব্যবস্থ্য গ্রহণ কৰিছে উদযাপন সমিতিয়ে । ইফালে, বিগত কেইবাদিন ধৰি দিনে নিশাই প্ৰায় শতাধিক শ্ৰমিকৰ কাম কৰাৰ অন্তত সাজু হৈ উঠিছে চূণচালি অঞ্চলৰ দুটা ঘাট আৰু ছেক্টৰ ১ ঘাটটো । বৃহত্তৰ চূণচালি ষট পূজা ঘাট সেৱা সমিতিৰ উদ্যোগত এইবেলিও চূণচালি ঘাটত ষট পূজা উদযাপন কৰাৰ বাবে সাজু হৈছে ।"

ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি (ETV Bharat Assam)

আয়োজক সমিতিৰ উপদেষ্টা কৃষ্ণ গুপ্তাই সদৰী কৰা মতে, ১৯৯০ চনৰ পৰা পালন কৰি অহা এই পূজাখনত এইবাৰ পায় ১৫ হাজাৰ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে । ইপিনে, তিনিটা ঘাটত তিনিখনকৈ পূজা আয়োজনৰ বাবে নুনমাটি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । পূজা আয়োজক কমিটী সমূহে উল্লেখ কৰা মতে, জিলা প্ৰশাসনে নিৰ্ধাৰিত কৰা নিয়ম অনুযায়ী সাজু হৈছে ষট পূজা পালন কৰিবলৈ ।

আনহাতে, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই তিনিটা ঘাটত প্ৰায় দুই শতাধিক স্বেচ্ছাসেৱক বাহিনীৰ লোক আৰু আৰক্ষী বাহিনীৰ নিয়োজিত হৈ থাকিব । উল্লেখ্য যে অহা বৃহস্পতিবাৰে আৰু শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হ'ব ষট পূজা । ষট পূজা উপলক্ষে সম্পূৰ্ণ বৈদিক নীতি-নিয়ম অনুযায়ী বৃহস্পতিবাৰে আবেলি সূৰ্য অস্তৰ সময়ত আৰু শুকুৰবাৰে পুৱা সূৰ্য উদয় হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্য দেৱতাক পূজা আৰু স্মৰণ কৰা হ'ব ।

লগতে ষট পূজাৰ সময়ত কি কি নিৰ্দেশনা মানি চলিব লাগিব; জনালে আৰক্ষী আয়ুক্তই

মাজুলীত পূৰ্ণ গতিত চলিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা