ETV Bharat / state

প্ৰকৃতিৰ মনোৰম ভূমি পবা মহোৎসৱলৈ মাজত দুটা দিন; সাজু হৈ উঠিছে লালী নৈৰ বালি চাপৰি

সম্পূৰ্ণ প্লাষ্টিকমুক্ত পৰিৱেশত সাজু হৈ উঠিছে লালী নদীৰ বালি চাপৰি । ৭ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পবা মহোৎসৱ ।

Poba Festival 2025
পবা মহোৎসৱলৈ সাজু হৈ উঠিছে লালী নৈৰ বালি চাপৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 7:39 PM IST

9 Min Read
Choose ETV Bharat

জোনাই : জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল জোনাইৰ পবা অভয়াৰণ্যৰ লালী নদীৰ বালি চাপৰিত নৈসৰ্গিক পৰিৱেশৰ মাজত চলিছে দ্বিতীয় পবা মহোৎসৱৰ আয়োজন ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তথা জোনাইবাসীৰ সহযোগত অহা ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব দ্বিতীয় পবা মহোৎসৱ ৷ এই পবা মহোৎসৱৰ বাবে আয়োজক সমিতিয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি ৷

পবা মহোৎসৱ কিয় পৃথক

পবা হৈছে শতিকা গৰকা এক ঐতিহ্যমণ্ডিত বনাঞ্চল ৷ যাক বৰ্ষাৰণ্য বুলি কোৱা হয় । এই পবাৰ তিনিমাইল বিটৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা লালী নদীৰ বালি চাপৰিত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পবা মহোৎসৱ ৷ পবা মহোৎসৱ হ’ব প্ৰকৃতি ৰক্ষাৰ এক মহোৎসৱ ৷ আন আন মহোৎসৱতকৈ এই পবা মহোৎসৱ হ’ব সম্পূৰ্ণ পৃথক ৷

প্ৰকৃতিৰ মনোৰম ভূমি পবা মহোৎসৱলৈ মাজত দুটা দিন (ETV Bharat Assam)

প্ৰকৃতিৰ বুকুত পৰিৱেশ আৰু বন্যপ্ৰাণীৰ কোনো অনিষ্ট নোহোৱাকৈ প্ৰকৃতিক কেনেদৰে ভাল পাব পাৰি তাৰে এক উদাহৰণ হৈ ৰ'ব পবা মহোৎসৱ ৷ এই দ্বিতীয় পবা মহোৎসৱত পৰিৱেশ সজাগতাৰ বাবে কেইবাখনো আলোচনা-চক্ৰ, জংঘল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, বণ্যপ্ৰাণীৰ ফটোগ্ৰাফী, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা, তৰ্ক প্ৰতিযোগিতা, চৰাই নিৰীক্ষণ, কেম্প ছাইট, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আদি নানা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

সম্পূৰ্ণ প্লাষ্টিকমুক্ত হ'ব দ্বিতীয় পবা মহোৎসৱ

আনহাতে, দ্বিতীয় সংখ্যক পবা মহোৎসৱথলীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু বিধায়ক ভুৱন পেগুৱে পৰিদৰ্শন কৰি শতিকা গৰকা পবা বনাঞ্চলৰ এই ঐতিহাসিক ক্ষণত বৰ্ষাৰণ্য পবাৰ জীৱ-বৈচিত্ৰ্যৰ সুৰক্ষা-সংৰক্ষণ তথা অভয়াৰণ্য স্বীকৃতিৰ দাবীৰ প্ৰতি অধিক জনমত গঠন আৰু পৰ্যটন উদ্যোগ বিকাশৰ উদ্দেশ্যৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ৷

এই মহোৎসৱত প্ৰকৃতি আৰু পৰিৱেশ সম্বন্ধীয় বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়াৰ লগতে অসমবাসী ৰাইজক জংঘল ট্ৰেকিঙ, নৌকা বিহাৰ, পৰম্পৰাগত খেলৰ লগতে সম্পূৰ্ণ প্লাষ্টিকমুক্তৰে অনুষ্ঠিত দ্বিতীয় পবা মৎহোসৱ উপভোগ কৰিবলৈ আহ্বান জনায় ৷

ৰাইজৰ শ্ৰমদানেৰে চলিছে পবা মহোৎসৱৰ আয়োজন

ইফালে দ্বিতীয় সংখ্যক পবা মহোৎসৱথলীত দৈনিক বিভিন্ন জাতীয় সংগঠন তথা ৰাইজে শ্ৰমদানেৰে সহায়ৰ হাত আগবঢ়োৱাৰ সময়তে দেওবাৰে জোনাই সমজিলাৰ অন্তৰ্গত ৭৮ খন গাঁৱৰ গাঁও প্ৰধানে শ্ৰমদানেৰে বস্তাত বালি ভৰাই সহায়ৰ হাত আগবঢ়ায় ৷ আনহাতে, দ্বিতীয়সংখ্যক পবা মহোৎসৱত স্থাপন হ’বলগীয়া খাদ্যমেলাৰ বিপণীসমূহ সম্পূৰ্ণ প্লাষ্টিকমুক্ত হ’ব আৰু বিপণীসমূহত অকল থলুৱা মাছ-মাংস আৰু জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যহে উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক :অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে... - POBA RESERVE FOREST

বিধায়ক ভুৱন পেগুৰ আহ্বান

পবা মহোৎসৱ আয়োজন সন্দৰ্ভত স্থানীয় বিধায়ক ভুৱন পেগুৱে কয়, "ব্ৰিটিছৰ দিনতে ১৯২৪ চনত খুব দূৰলৈ ভাবি পবা বনাঞ্চলক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিল । পাছত এক্সটেনচনো হৈছিল । কিন্তু ১৯২৪ৰ পাছত ২০২৪ চনত জোনাইবাসী ৰাইজৰ ডিমাণ্ড আৰু যিখিনি প্ৰকৃতিপ্ৰেমী ৰাইজ তেখেতসকলৰ যিখিনি আশা আছিল যে পবাক অকল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নাৰাখি ৱাইল্ড লাইফ চেংচুৰী হিচাপে ডিক্লেয়াৰ কৰিব লাগে । কিয়নো এইটো এটা ৱাইল্ড লাইফ আৰু বায়'ডাইভাৰছিটী হটস্পট হয় ।"

তেওঁ লগতে কয়, "যোৱাবাৰ যেতিয়া ৱাইল্ড লাইফ চেংচুৰী ডিক্লেয়াৰ হ'ল অসম চৰকাৰৰ তৰফৰ পৰা তাৰ পাছত মিচিং অট'নমাছ কাউন্সিলে পবা মহোৎসৱটো পতাৰ সিদ্ধান্ত ল'লে । সেইমৰ্মে জোনাইবাসী ৰাইজৰ সহযোগত আৰু মিচিং অট'নমাছ কাউ্সিলৰ উদ্যোগত ইয়াতে পবা ফেষ্টিভেল ৭, ৮ আৰু ৯ তাৰিখে হ'ব ।"

ৰাইজলৈ ভুৱন পেগুৰ আহ্বান, "আমি আহ্বান জনাইছোঁ সকলো ৰাইজক, জোনাইবাসী ৰাইজ, ধেমাজিবাসী ৰাইজ, অসমৰ ৰাইজ, ভাৰতবৰ্ষৰ সকলো মানুহক আমি আহ্বান জনাইছোঁ ইয়াত আহি ইয়াত ইমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ আছে উপভোগ কৰক । নতুন প্ৰজন্মই ইয়াত আহি যেন কেইটামান কথা শিকে- কনজাৰ্ভেচন, ফৰেষ্ট, ৱাইল্ড লাইফ কনজাৰ্ভেচন কেনেকৈ কৰিব লাগে, মানুহ আৰু প্ৰকৃতিয়ে কেনেদৰে একেলগে মিলি থাকিব লাগে, প্ৰকৃতি ধ্বংস আমি কৰিব নালাগে এই কথাবোৰ মই ভাবো যে এটা প্ৰেক্টিকেল নলেজ আৰু এটা প্ৰেক্টিকেল এক্সপেৰিয়েন্স হওক ।"

পবাৰ ইতিবৃত্ত

উল্লেখ্য যে এশ বছৰ পূৰ্বে ব্ৰিটিছৰ আমোলতে স্বীকৃতি লাভ কৰা ধেমাজি জিলাৰ জোনাই মহকুমাৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰিছে পবা মহোৎসৱৰ । ধেমাজি জিলাৰ জোনাই মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা বৰ্ষাৰণ্য পবা বনাঞ্চলখন জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ । ১৯২৪ চনত ব্ৰিটিছৰ শাসনকালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলে চৰকাৰী তথ্যমতে ১০,২২১ হেক্টৰ বনভূমিৰে আগুৰি আছে ।

অৱশ্যে ধেমাজি জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷ ইয়াৰে বাকী সংৰক্ষিত বনাঞ্চলকেইখন মাটিকালি অনুসৰি হ'ল গালী বনাঞ্চলত ১২,৯,২৩.৪৪ হেক্টৰ; জামজিং বনাঞ্চলত ৯,০৬০০ হেক্টৰ; চেঙাজান বনাঞ্চলত ১,৬,৮১.০০ হেক্টৰ; আৰচিয়াক ডিমৌ ৬,০৬২.০৫ হেক্টৰ; সোৱণশিৰি ১৭,৪,৬৫.২৬ হেক্টৰ; জীয়াঢল ১,৮,১৬ হেক্টৰ; চিচি ৯,০৬২.৫০ হেক্টৰ; চিমেন ৮,৮,১২.৫০ হেক্টৰ আৰু প্ৰস্তাৱিত কবু চাপৰি ৯,৪০,০.০০ হেক্টৰ যদিও বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে জীয়াই আছে ৷ বাকী সকলো জন অৰণ্যত পৰিণত হৈছে ।

লগতে পঢ়ক :পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba - RAIN FOREST POBA

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ পবা

উল্লেখ্য যে ধেমাজি জিলাৰ ভিতৰতে একমাত্র জীৱিত অৱস্থাত থকা বনাঞ্চল পবা বিভিন্ন মূল্যৱান গছ-লতা, দুষ্প্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকতি, অর্কিড আৰু ঔষধি গছ-লতাৰে সমৃদ্ধিশালী । চিয়াং নদীৰ সমীপতে অৱস্থিত বনাঞ্চলখন বিগত দুটা দশকৰ আগৰ পৰাই পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে ।

তদুপৰি, সম্প্ৰতি পবা বনাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা দেখা গৈছে । বর্তমান বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰিৱেশ অধ্যয়নক এক বিষয় হিচাপে অন্তর্ভুক্ত কৰি পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামুলক হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষাৰণ্য পবা বিভিন্ন ছাত্র-ছাত্রীৰ পৰিৱেশ অধ্যয়নৰ এক আদর্শ ক্ষেত্ৰ হৈ পৰিছে । এইবছৰৰ পবা বনাঞ্চলৰ তিনিমাইল খণ্ডত পৰিৱেশ অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ দল-সংগঠন আদি অধিক দেখা গৈছে ।

আনহাতে, বিভিন্ন গাঁও আৰু অনুষ্ঠানৰ পৰ্যটকৰ দলে ইয়াত বনভোজ খাবলৈ আহে । বিশেষকৈ চিয়াঙৰ নৈসর্গিক সৌন্দর্য পৰ্যটকক আকৰ্ষণৰ আন এক কাৰণ হৈ পৰিছে । বনাঞ্চলখনৰ তিনিমাইল খণ্ডটো চিয়াং নদীৰ সমীপতে হোৱাৰ বাবে ইয়াত বনভোজ খাবলৈ অধিক সুবিধা আছে । তিনিমাইল বন খণ্ড কার্যালয় জোনাই সদৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত ।

কেনেদৰে ভ্ৰমণ কৰিব চিয়াং নদী তথা পবা

জোনাই সদৰৰ পৰা চিয়াং নদীলৈ যাবলৈ বাহিৰ জোনাই গড়কাপ্তানি পথেৰে দক্ষিণ দিশে তিনি কিলোমিটাৰ যোৱাৰ পিছত বাহিৰ জোনাই চাৰিআলি পাব । ইয়াৰ পৰা পুনৰ দক্ষিণ-পূব দিশে চিলে গাঁৱলৈ যোৱা পথেদি প্রায় তিনি কিলোমিটাৰ গ'লে তিনিমাইল বন খণ্ড কার্যালয় পাব পাৰি । ইয়াৰ দাঁতিতেই চিয়াং নদীখন বৈ গৈছে ।

চিয়াঙক স্থানীয় ৰাইজে লালী বুলিও কয় । পবা বনাঞ্চলৰ দাঁতিতেই চিয়াং নদীখন বৈ যোৱাত পৰিৱেশটো অধিক মনোৰম হৈছে । বিভিন্ন ঠাইৰ পৰা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে চিয়াঙৰ বুকুত নৌকা বিহাৰ কৰিব পাৰে । পবা বনাঞ্চলৰ অভ্যন্তৰত ভ্ৰমণ কৰিবলৈ বন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা পথেদি সোমাই যোৱাৰ সুবিধা আছে ।

পবাৰ বৈশিষ্ট্য

আনহাতে, পবা ভ্ৰমণ কৰিবলৈ লেকু খণ্ডতো বহু সুবিধা আছে । অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা লেকু খণ্ডটো জোনাইৰ পৰা পাছিঘাটলৈ যোৱাৰ পথত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত । ইয়াতো লেকু নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা আছে । এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ'ল ইয়াত বিলুপ্তপ্রায় লাজুকী বান্দৰ আছে । লাজুকী বান্দৰ পবাৰ অন্যতম সম্পদ বুলি ক'ব পাৰি । তদুপৰি পবাত থকা অন্যান্য জীৱ-জন্তুসমূহৰ ভিতৰত সুগৰি পহু, বন গাহৰি, বন কুকুৰা, বান্দৰ, নেউল, সাপ, কেৰ্কেটুৱা, উদ, জহামাল, বনৰৌ, শিয়াল, ভেকুলী, জেঠী, গুঁই, কেটেলা পহু আৰু সৰীসৃপ জাতীয় আদি জীৱ আছে ।

কি কি উদ্ভিদ আছে পবাত

এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ'ল ইয়াত মাটিত গজা এবিধ কপৌফুল দেখিবলৈ পোৱা যায় । বসন্তকালত পবাত নানাৰঙী অর্কিডে ভৰি পৰে । এই বনাঞ্চলত থকা গছ-গছনিসমূহৰ ভিতৰত হলখ, শিমলু, উৰিয়াম, ঔ-টেঙা, শিলিখা, ভোমোৰা, এজাৰ, নাহৰ, বৰপাত, ভোলা, পাবলি, গমাৰী আদি আছে । ইয়াত ঔষধি গুণযুক্ত বনৰীয়া শাকপাতো পোৱা যায়। ইয়াৰ ভিতৰত নেফাফু, বিহলঙনি, মেছাকী, মেজেঙা, ডিমৰু, টিকনি বৰুৱা, চেংমৰা ইত্যাদি ।

পৰিভ্ৰমী চৰাইৰ কোলাহত মুখৰিত হয় পবা

ইফালে চিয়াং নদীৰ দক্ষিণ দিশত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান । আৰু পবাৰ পূব দিশত থকা দায়িং ইৰিং বন্যপ্রাণী উদ্যানৰ পৰা অহা বন্যহস্তীৰ দলে প্ৰায়ে পবা বনাঞ্চলত বিচৰণ কৰে । আনহাতে, চিয়াঙৰ পাৰত পৰিভ্ৰমী পক্ষীও দেখিবলৈ পোৱা যায় । বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ চিয়াঙৰ পাৰত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় । ইয়াৰ ভিতৰত বৰটোকোলা, চিলনী, মাছৰোকা, ডাউক, হেটুলুকা, বালিমাহী, শগুন ইত্যাদি পক্ষী দেখা যায় ।

পবাৰ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্ট আৰ্দ্ৰভূমিসমূহ অন্যতম । পবাত থকা বিল, জলাশয়, ডোবা, পিতনি, জলাশয় আদিত কান্দুলি, মাগুৰ, শিঙি, শ’ল, শাল, কুঢ়ি, নগাচেং, গৰৈ, বামি, কুচিয়া, মিছামাছ আদি পোৱা যায় । এনেবোৰ উপাদানৰ বাবেই প্ৰকৃতিপ্ৰেমী ৰাইজে পবা বনাঞ্চলক পৰিৱেশতন্ত্র অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । শতিকা গৰকা পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিনৰ পৰা জোনাইৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী দল-সংগঠনে দাবী জনাই অহাৰ পৰিপ্ৰেক্ষিতত যোৱাবছৰ এই ক্ষেত্ৰত প্ৰক্ৰিয়া হাতত লোৱা বুলি ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত উল্লেখ কৰে ।

লগতে পঢ়ক :আপুনিও আহকচোন এবাৰ চিয়াং-লালীৰ পাৰলৈ... - POBA FESTIVAL
লগতে পঢ়ক :লালী নদীৰ বালি চাপৰি সাজু হৈ উঠিছে পবা মহোৎসৱ আয়োজনৰ বাবে - SECOND EDITION OF POBA FESTIVAL